বৰপেটা : নাগৰিকত্ব আইন সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাত বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে । প্ৰতিবাদকাৰীসকলে বৰপেটা মুছলিমপট্টী ঈদগাহ ময়দানৰ পৰা সজোৰে ওলাই আহি '' নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰক'', '' অসম চুক্তিক অৱমাননা কৰা নছলিব',' '' ১৯৭১ চনৰ পিছত অহা বাংলাদেশীৰ বোজা লোৱা নহব'', ''৮৫৫ গৰাকী শ্বহীদৰ ত্যাগক অৱমাননা কৰা নছলিব'', '' অসমীয়াৰ স্বাভিমানক লৈ খেলা কৰা নছলিব'', '' কেন্দ্ৰীয় চৰকাৰ হায় হায়'', '' গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ'' আদি বিভিন্ন শ্লোগানেৰে বৰপেটা চহৰৰ আকাশ-বতাহ কঁপাই তুলি চহৰৰ পাচআলিত বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰাহমানে অংশ গ্ৰহণ কৰি কয় যে প্ৰব্ৰজনকাৰীৰ বাবে আজি যেনেকৈ গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় লোকসকল গুৰুত্বহীন সংখ্যালঘুত পৰিণত হৈছে ঠিক তেনেদৰে বাংলাদেশীয় হিন্দুক নাগৰিকত্ব দিলে অসমৰ খিলঞ্জীয়া সকলো এদিন অস্তিত্বৰ সংকটত ভূগিব। জিলা সমিতিৰ সভাপতি আতিকুল হক আৰু সাধাৰণ সম্পাদক ছলেমান হুছেইনে প্ৰতিবাদী কাৰ্য্যসূচীত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ হলে অসমৰ খিলঞ্জীয়াই ৰাজনৈতিক, অৰ্থনৈতিকভাৱে বহুত ক্ষতিৰ সন্মূখীন হব। এই বিল প্ৰত্যাহাৰ নকৰিলে পৰিষদে অসমজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব। কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সদস্য পীৰ জাহানুল হক, ভেল্লা, বৰনগৰ, নগাঁও, চেঙা, মাজদিয়া আদি প্ৰান্তৰ লোকে অংশগ্ৰহণ কৰে৷
Responsive Ads Here
Friday, May 11, 2018

Home
Regional
বৰপেটাত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
বৰপেটাত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment