লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বগলীপৰা পথাৰ গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত ৰাইজে এজন চোৰক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । ধৃত চোৰজন লাহৰীঘাট থানাৰ অন্তৰ্গত চেতুৱাই খাইতি গাৱৰ আনাৰুল ইছলাম (১৮) বুলি চিনাক্তকৰণ কৰা হৈছে। জানিব পৰা মতে, বিগত দিনত ধৃত চোৰজনে লাহৰীঘাট অঞ্চলৰ বিভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । উল্লেখ্য যে, বৃহস্পতিবাৰে বগলীপৰা পথাৰ গাঁৱৰ এটি বিবাহ গৃহত দৰাযাত্ৰীৰ গাড়ীৰ চালকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি লৈ পলায়ন কৰা অৱস্থাত গভাইত চোৰটোক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। সন্ত্ৰাস সৃষ্টিকাৰী আনাৰুল ইছলাম নামৰ চোৰজন আটক হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে৷
Responsive Ads Here
Friday, May 11, 2018

Home
Regional
দৰাযাত্ৰীৰ গাড়ীৰ চালকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি পলায়ন কৰা অৱস্থাত ৰাইজে আটক কৰে গভাইত চোৰক
দৰাযাত্ৰীৰ গাড়ীৰ চালকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি পলায়ন কৰা অৱস্থাত ৰাইজে আটক কৰে গভাইত চোৰক
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment