সাংবাদিক জয়ন্ত কুমাৰ দাসক সাহিত্য সভাৰ প্রশাসকৰ দায়িত্ব অর্পণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 11, 2018

সাংবাদিক জয়ন্ত কুমাৰ দাসক সাহিত্য সভাৰ প্রশাসকৰ দায়িত্ব অর্পণ

বৰপেটাৰোড : অসম সাহিত্য সভাৰ ছ'চিয়েল মিডিয়াৰ প্রশাসক হিচাপে ‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ সাংবাদিক তথা অসম সাহিত্য সভাৰ আজীৱন সদস্য জয়ন্ত কুমাৰ দাসক নিযুক্তি দিছে।
বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ত সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাৰ লগতে গুৱাহাটী কার্যালয়ৰ সম্পাদক ড° সঞ্জীৱ শৰ্মাই জয়ন্ত কুমাৰ দাসক এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে পত্র প্রদান কৰি দায়িত্ব অর্পণ কৰে।
উল্লেখ্য, ডঃ পৰমানন্দ ৰাজবংশী নেতৃত্বাধীন অসম সাহিত্য সভাই শেহতীয়াকৈ কেইবাটাও নতুন দিশৰ চিন্তাৰে সাহিত্য সভাক জনপ্রিয় কৰি তোলাৰ উদ্দেশ্য আগত ৰাখিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সাহিত্য সভাৰ বিভিন্ন কার্যাৱলী প্রচাৰৰ চিন্তাচর্চা কৰিছে। সেই উদ্দেশ্য আগত ৰাখিয়ে সাহিত্য সভাই এইবেলি ফেচবুক পেজ, ইনষ্টাগ্রাম, টুইটাৰ , গুগুল প্লাস, ৱেব পৰ্টেল আদিৰ ব্যৱস্থা কৰি ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্বৰ বাবে সাহিত্য সভাৰ আজীৱন সদস্য জয়ন্ত কুমাৰ দাসক বিশেষ দায়িত্ব প্রদান কৰিছে।
উল্লেখ্য যে সাংবাদিক দাসে ‘আমাৰ অসম’ বাতৰি কাকতৰ উপৰি বর্তমানে ফেচবুকত ‘বৰপেটা এক্সপ্ৰেছ’ বুলি এটি পেজ চলাই আহিছে আৰু ইয়াৰ সদস্য সংখ্যা ইতিমধ্যে চল্লিশ হেজাৰৰ অধিক হৈছে। তেনেক্ষেত্ৰত অসম সাহিত্য সভাই সংবাদ মাধ্যমৰ লগতে বেৱ পেজৰ সৈতে জড়িত এজন ব্যক্তিক এই দায়িত্ব দিয়াত বৰপেটাৰোড সাহিত্য সভাকে ধৰি বৰপেটাৰোড প্ৰেছ ক্লাবৈও সন্তোষ প্রকাশ কৰাৰ লগতে সাংবাদিক দাসক এই দায়িত্ব দিয়াত অসম সাহিত্য সভাৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছে।

No comments:

Post a Comment

SPONSORED