পাকা বেতবাৰী উন্নয়ন খণ্ডত কম্পিউটাৰ সহায়কৰ ব্যাপক দুর্নীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 14, 2018

পাকা বেতবাৰী উন্নয়ন খণ্ডত কম্পিউটাৰ সহায়কৰ ব্যাপক দুর্নীতি

চৰকাৰী ধন শৰাধ হােৱাৰ পৰা ৰক্ষা কৰিলে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াই


কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰী উন্নয়ন খণ্ডত দীর্ঘদিন ধৰি হৈ থকা ব্যাপক অনিয়ম, দুর্নীতি তথা কেলেংকাৰীৰ তথ্য এটাৰ পিছত এটাকৈ পােহৰলৈ অহাৰ সময়তেই পুনৰ আন এক ভয়াবহ কেলেংকাৰীৰ তথ্য পােহৰলৈ আহিছে। উন্নয়ন খণ্ডটোত চলি থকা এনে ভয়ানক দুর্নীতি এইবাৰ খােদ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়াই পােহৰলৈ আনে।
প্রাপ্ত তথ্য মতে, উন্নয়ন খণ্ডটোৰ কম্পিউটাৰ সহায়কদ্বয় ক্রমে ধ্রুবজ্যোতি ডেকা আৰু ছফিকুল ইছলামে উদ্ধর্তন বিষয়াৰ চকুত ধুলি দি ব্যাপক অনিয়মেৰে চৰকাৰী ধন শৰাধ কৰি আহিছে বুলি গুৰুতৰ অভিযােগ উত্থাপিত হৈছে। অভিযােগ অনুসৰি— কোনাে আঁচনিৰ মােকলাই দিয়াৰ ক্ষেত্ৰত যাৱতীয় প্রক্রিয়াত ব্যাপক খেলিমেলি কৰি এইদুইকম্পিউটাৰ সহায়কে দুর্নীতিৰ পাহাৰ গঢ়ি তুলিছে।
উল্লেখ্য যে এমজিএনৰেগা আঁচনিৰ নিয়মানুসৰি শ্ৰমিকৰ ধন মােকলাই দিয়াৰ বাবে এখন ফাণ্ড ট্রেন্সফাৰ অৰ্ডাৰ (এফ টি অ’)ৰ বিপৰীতে এখন মাষ্টাৰ ৰােল হ'ব লাগে যদিও একেখন এফ টি অ’ৰ বিপৰীতে ৬-৭খনকৈ মাষ্টাৰ ৰােল নম্বৰ সােমাই দি অনায়াসে চৰকাৰী ধন শৰাধ কৰাৰ দৰে ভয়ানক দুর্নীতি সংঘটিত কৰি আহিছে।
ইয়াৰ নমুনা হিচাপে ১০৮৭৬৮ নম্বৰৰ এফটিঅ’ৰ ১৫৬৮ নম্বৰ মাষ্টাৰ ৰােলৰ ৭০,২৭২ টকাৰ বিপৰীতে মাষ্টাৰ ৰােল নম্বৰ ক্ৰমে ১৫৩২ ৰ ১৬,৪৯০ টকা, ১৫৩৫ ৰ ৪৫,০১৮ টকা, ১৫৩৪ ৰ ২৮,৫৪৮ টকা, ১৫৩৩ ৰ ৩০,৭৪৪ টকাৰ, ১৫২৩ৰ ৮,৭৮৪ টকা অন্তর্ভুক্ত কৰি ব্যাপক হাৰত চৰকাৰী ধন শৰাধ কৰাৰ অপচেষ্টা চলাই। কিন্তু উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া বিবেকানন্দ নাথে কামৰ খতিয়ান পৰীক্ষা কৰাৰ সময়তেই জোলােঙাৰ মেকুৰী ওলাই পৰে।
দুষ্ট চক্ৰটোৱে এনেদৰেই এই দুই কম্পিউটাৰ সহায়কৰ জৰিয়তে কাম নােহােৱা আঁচনিসমূহৰ ধন সহজে মােকলাই নিবলৈ সক্ষম হয়। চক্ৰটোৰ লগত মিলি এনে ধৰণে ধন সৰকাই লােৱা কম্পিউটাৰ সহায়ক দুজনৰ কাৰ্য ধৰা পেলােৱাৰ পিছত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কিয়নাে তেওঁলােকৰ বিৰুদ্ধে পূর্বতেও এনে একাধিক অনিয়ম তথা কেলেংকাৰী সংঘটিত কৰি অহাৰ বহুতাে অভিযােগ আছে।
অৱশ্যে উন্নয়ন খণ্ডটোৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয় বিবেকানন্দ নাথে এনে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ হােৱাৰ লগতে ব্যাপক পৰিমানৰ চৰকাৰী ধন শৰাধ হােৱাৰ পৰা ৰক্ষা কৰাত স্থানীয় ৰাইজে বিষয়াগৰাকীক ভূয়সী প্রশংসা কৰে। ইপিনে বিগত দিনবােৰত এনধৰণে খণ্ড উন্নয়ন বিষয়াক বিপথে পৰিচালিত কৰি দুৰ্নীতিৰ সাম্রাজ্য গঢ়া এই দুই কম্পিউটাৰ সহায়কৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে কি পদক্ষেপ ল’ব সেয়া অৱশ্যে লক্ষণীয় হ’ব।

No comments:

Post a Comment

SPONSORED