দ্বাৰকুছি আঞ্চলিক ছাত্র সন্থাৰ মুকলি বিহু সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 14, 2018

দ্বাৰকুছি আঞ্চলিক ছাত্র সন্থাৰ মুকলি বিহু সম্পন্ন

তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দ্বাৰকুছিত অসমীয়া জাতীয় জীৱনৰ দাপোন স্বৰূপ বাপতি সাহোন ৰঙালী বিহুটিক ১৩ মে দেওবাৰে দ্বাৰকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত দ্বাৰকুছি ছোৱালী হাইস্কুল খেলপথাৰ প্ৰাঙ্গনত এদিনীয়া বাৰেৰহণীয়া কাৰ্য্যসূচীৰে উদযাপন কৰে। পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে দ্বাৰকুছি আঞ্চলিক ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি নৱজ্যোতি শালৈয়ে৷ ৯:৩০ বজাত মুকলি বিহুৰ পতাকা উত্তোলন কৰে বিহু পৰিচালনা সমিতিৰ সভাপতি দিলীপ দাসে। ১০ বজাত শ্বহীদ তৰ্পন কৰে বিহু পৰিচালনা সমিতিৰ উপসভাপতি হৰেকৃষ্ণ কলিতা আৰু দ্বাৰকুছি আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মৃদুল দাসে।
১০.৩০ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত স্থানীয় সমাজকৰ্মী,শিক্ষক তথা অৱসৰপ্ৰাপ্ত শিক্ষকসকলে একাঁজলি শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত শ্ৰদ্ধাৰ ড: ভূপেন হাজৰিকা দেৱক।
আবেলি ৫ বজাত মুকলি বিহুৰ সমান্তৰাল ভাৱে একক বিহু নৃত্যৰ প্ৰতিযোগিতাৰ উদ্ধোধন কৰে সদৌ বাক্সা জিলা ছাত্র সন্থাৰ সভাপতি গোবিন্দ শৰণীয়াই। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ বাক্সা জিলাৰ উপসভাপতি চৰঞ্জন ৰাভা ,সদৌ তামুলপুৰ মহকুমা ছাত্র সন্থা সভাপতি অজয় বড়ো,সদৌ তামুলপুৰ মহকুমা ছাত্র সন্থা সাধাৰণ সম্পাদক কুমুদ ডেকা,সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক দিগন্ত কলিতা,দ্বাৰকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰণৱ শালৈ,দ্বাৰকুছি আঞ্চলিক এবছুৰ সভাপতি বিৰলাং বড়োৰ লগতে কেইবাগৰাকী স্থানীয় শিক্ষকেও অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

SPONSORED