‘সংবাদ প্ৰহৰী’ তােমাক প্রণাম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 15, 2018

‘সংবাদ প্ৰহৰী’ তােমাক প্রণাম

@ সবিতা বেগম
ৰাধাকুছি, বৰপেটা

কোন ভাষাৰে, কি মতে ‘সংবাদ প্ৰহৰী’ক সন্মান জনাম, মই এগৰাকী নগন্যা বিদ্যাহীনা, সংসাৰ শব্দৰ আও-ভাও নুবুজা নিচেই কোমল মনা আৰু নম্ৰ হৃদয়া নাৰী এগৰাকীয়ে সেই সমল কোনােমতে বিচাৰি নেপাই মাঁথাে প্রণাম যাঁচিছে।
বৰ্তমান এই মােবাইলৰ যুগত ল’ৰা-বুঢ়া, ডেকেৰী-বুঢ়ী প্রায় সকলােৱে পেপাৰ পত্রিকা পঢ়া পৰিহাৰ কৰি কেৱল মােবাইলতে লাগি থকা দেখা যায়। প্রায় সকলােৰে হাতত মােবাইল আৰু মােবাইল৷ ইমানখিনিৰ মাজতাে ২০১৫ ইং চনৰ কোনাে এটি শুভ দিনত মই অধ্যয়ন কৰা কলেজখনৰ গাৰ্লছ কমন ৰূমৰ কৰিড’ৰৰ খট-খটিখনিত কেইজনমান ছাত্রীয়ে এখন পেপাৰ হাতত লৈ বৰকৈ হাঁহি থকা পৰিলক্ষিত হােৱাত তাৰ ভাগ লােৱাৰ লােভকনক সামৰিব নােৱাৰি সিহঁতৰ কাষ চাপি হাঁহি থকাৰ কাৰণ সুধিলাে। পিছে সিহঁতে ‘সংবাদ প্ৰহৰী’ নামৰ সাপ্তাহিক পেপাৰটো মােৰ হাতত তুলি দি ‘মই এজন বুদ্বিজীৱী, মােৰ নাম শ্রী শ্রী .................” শিৰােনামৰ প্ৰৱন্ধটো দেখুৱাই দিলে।
শিৰােনামটো লক্ষ্য কৰাৰ লগে লগে হৃদয়ত হাঁহিৰ জোৱাৰৰ লহৰ উঠিছিল। তাৰ পিছত ভিতৰৰ মণি-মুকুতাখিনিৰ বিষয়ে জানিবলৈ বৰকৈ হেঁপাহ হােৱাত আগুৱাই গ’লাে চকু দুটা ফুৰাই। যিমানে ইয়াৰ গভীৰতালৈ সােমাই পৰিছাে সিমানেই হাঁহােতে হাঁহােতে উশাহ প্রায় বন্ধ হােৱাৰ উপক্ৰম হৈছে। তৎসত্বেও আগুৱাই গৈছাে, গৈছােৱেই।
সেই হাঁহিৰ লােভ সামৰিব নােৱাৰি প্রতিটো সপ্তাহত আমি আটাই কেইজনীয়ে মিলি পেপাৰটো সংগ্রহ কৰিছিলাে যিকোনাে প্রকাৰে। শেষত এনেকুৱা এটা পৰিস্থিতি হ’ল যেন, ‘সংবাদ প্ৰহৰী’ৰ কাৰণে আমাৰ হৃদয় চাতকি প্রাণত পৰিণত হ'ল। এই প্ৰৱন্ধৰ ধাৰাবাহিক পূর্ণ এটা বছৰ আমি পঢ়ি হৃদয় সার্থক কৰিলাে। অনুমান হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সমান্তাৰালভাবে এই লেখকজনেও তেখেতৰ লিখনিত সাহিত্যৰ নৱৰসৰ কোনাে ৰস বাকী ৰখা নাই।
আমি উপলব্ধি কৰিছো, তেখেতৰ এই লিখনিৰ জৰিয়তে সমাজৰ বাস্তৱ এটি ছবি অতি নিখুঁতভাবে দাঙি ধৰিছে আৰু উদ্ভূত সমস্যাসমূহ সমাধান কল্পে আকবৰৰ ৰাজসভাত থকা বিৰবলৰ দৰে উপস্থিত বুদ্ধিৰ সমাহাৰেৰে সমাধান সূত্রও পাকে-প্রকাৰান্তৰে উল্লেখ কৰি গৈছে। যি কৌশল অইন অইন লিখকৰ ক্ষেত্ৰত প্রায় বিৰল।
বহুদিন ‘সংবাদ প্ৰহৰী’ পঢ়িবলৈ নেপাই, পাই হেৰুৱাৰ বেদনাই মনটোক ক্ষোভিত কৰি তুলিছে। আলেঙে আলেঙে জানিব পৰা মতে সংবাদ প্ৰহৰী’ বর্তমান হেনাে ৱেব মিডিয়া ৰূপে আত্ম প্রকাশ কৰিছে গুৱাহাটীৰ পৰা৷ লগতে আৰু জানিবলৈ পালাে সংবাদ প্ৰহৰীয়ে তাৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানো সম্পন্ন কৰিলে৷ ইয়াৰ লগত সংগতি ৰাখি এইবেলিও ‘উত্তৰণ’ নামৰ স্মৃতিগ্রন্থখনি প্ৰকাশ কৰি উলিয়াইছে৷
বৰ ভাল লাগিছে। ‘সংবাদ প্ৰহৰী’ৰ এই সুবাসে পৃথিৱীৰ চুক-কোণ পর্যন্ত সুবাসিত হওঁক, দীর্ঘজীৱি হওঁক ‘সংবাদ প্ৰহৰী’। ‘সংবাদ প্ৰহৰী’ নামৰ দাপােনখনিত নিজৰ প্রতিবিম্ব দর্শনে সমাজ, দেশ, জাতি নিকা হওঁক৷ ‘সংবাদ প্ৰহৰী’য়ে নভােমণ্ডলৰ বাবে কঢ়িয়াই আনক অতীৱ শান্তিৰ এক অভূতপূর্ব মহা প্লাৱন৷ এই প্রত্যয় হৃদয়ত সৰ্বদা জাগ্ৰত ৰাখি সামৰিছো৷

No comments:

Post a Comment

SPONSORED