বৰপেটা : পশ্চিম ভৱানীপুৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিক্ষা, বাল্য বিবাহ আৰু সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে স্থানীয় পল্লাৰপাৰ বজাৰ শুকমানাহ প্ৰাঙ্গণত দিনৰ ৩ বজাত এখন সজাগতা সভা অনুষ্ঠিত হয়।উক্ত সজাগতা সভাত পল্লাৰপাৰ আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আব্দুল ছালাম শিকদাৰৰ সভাপতিত্বত আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ বছিৰ উদ্দিন আহমেদ, সমাজকৰ্মী স্বাহজাহান আলী দেৱান, বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কাজি নাজমুল হ'ক,জিলাখনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক ৰফিকুল ইছলাম,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মাধৱ দাস, বজালী মহকুমাৰ কৃষক মুক্তিৰ সম্পাদক আনকি জিলা সহঃ সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য গুৰুপ্ৰসাদ দাস, আৰু বজালী মহকুমাৰ উক্ত সংগঠনৰে সভাপতি অনুপ পাটোৱাৰীয়ে সভাখনত উপস্থিত থাকি নাগৰিক সংশোধনী আইনৰ তীব্ৰ বিৰোধীতা কৰি বিজেপি চৰকাৰক কঠোৰ সমলোচনা কৰে।আঞ্চলিক খনৰ সভাপতি মকিবুল ইছলামে উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা সকলক বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সম্পাদক মতিউৰ ৰহমানৰ প্ৰচেষ্টাত উক্ত স্পৰ্শকাতৰ বিষয় সমূহ আলোচনাৰ মজিয়াত উপস্থিত ৰাইজৰ আগত উপস্থাপন কৰাৰ বাবে সংগঠনটোৰ বিষয়-ববীয়া সকলে আন্তৰিক ধন্যবাদ জনায়।
Responsive Ads Here
Wednesday, May 16, 2018

ভৱানীপুৰৰ শুকমানাহত কৃষক মুক্তিৰ সজাগতা সভা
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment