তিতাবৰ বান্দৰচলিয়াত ডাইনী কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 14, 2018

তিতাবৰ বান্দৰচলিয়াত ডাইনী কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি

তিতাবৰ : এক বিংশ শতিকাৰ অসমীয়া সমাজত যে অন্ধবিশ্বাস বিদ্যামান, সেই কথা পুণৰ প্ৰমাণিত হ'ল তিতাবৰত। এইবাৰ ডাইনী কাণ্ডই জোকাৰি গ’ল তিতাবৰৰ বান্দৰচলিয়া চাহ বাগিছা। দেওবাৰে পুৱতি নিশা তিনিজনকৈ লোকৰ মৃত্যু হোৱাৰ পাছতে পুৱাৰ ভাগত বাগিছা খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। বাগিচাৰ পাঁচ শতাধিক ৰাইজ ওলাই আহি ডাইনী সন্দেহত আক্ৰমন কৰে দুগৰাকী মহিলাক। নিশাৰ ভাগত পূজা-পাতল কৰাৰ অভিযোগ তুলি দুই মহিলা তিলোত্তমা মানকী আৰু প্ৰমিলা তাঁতীয়ে তিনিজনকৈ ব্যক্তিৰ মৃত্যু ঘটোৱাৰ সন্দেহত আক্ৰমণ কৰি আহত কৰে। ফলত বাগিছা খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ তিতাবৰ আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ দুই মহিলাক উদ্ধাৰ কৰে যদিও উত্তেজিত ৰাইজে ঘেৰাও কৰে বান্দৰচলিয়া আৰক্ষী চকী। পৰৱৰ্তী সময়ত তিতাবৰ আৰক্ষীয়ে দুই মহিলাক উদ্ধাৰ কৰি তিতাবৰ আৰক্ষী থানালৈ লৈ অনাতহে পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে। প্ৰণিধানযোগ্য যে পুৱতি নিশা বাগিছা খনৰ দুৰ্গা পানীকা, মাঠলা মোৰা, ধনীৰাম কৰ্মকাৰ নামৰ তিনিজনকৈ লোকৰ ৰহস্যজনক ভাবে মৃত্যু হোৱাৰ পাছতে এইদৰে অন্ধবিশ্বাসৰ বলি হব লগা হ’ল এই দুই মহিলা।

No comments:

Post a Comment

SPONSORED