লিডু : অসম - অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ টিৰাপ মৌজাৰ জাতীয় সংগঠন সমূহৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰাৰ দাবীত দেওবাৰে ওলাল এক বৃহৎ প্ৰতিবাদী সমদল। সমদল কাৰী সকলে দিহিং পাটকাই সমন্বয় ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি হাতে-হাত প্লে-কাৰ্ড লৈ আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশী খেদ আদি তেজষ্ক্ৰিয় শ্লোগানেৰে ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি লংটং হৈ পুনৰ পাটকাই সমন্বয় ক্ষেত্ৰত কাৰ্য্যসূচীৰ সামৰণি মাৰে।
উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীত কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। যদি নাগৰিকত্ব সংশোধনী আইন ২০১৬ কেন্দ্ৰীয় চৰকাৰ খনে বাতিল নকৰে তেন্তে পুণৰ শৰাইঘাটৰ ৰণ সদৃশ পৰিবেশ সৃষ্টি কৰি তোলা হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী আৰু অগপ-ৰ মন্ত্ৰী-বিধায়ক সকলৰ নাগৰিকত্ব বিধেয়ক খনকলৈ কৰা কুটিল ৰাজনীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। যদি অসমীয়াৰ আৱেগ-অনুভূতিক আওকাণ কৰি চৰকাৰে বিধেয়ক খন গৃহীত কৰে তেন্তে অনাগত দিনত ভয়াৱহ জঙ্গী আন্দোলন গঢ়ি তোলা হব বুলি মন্তব্য প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।Responsive Ads Here
Monday, May 14, 2018

Home
Regional
নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰাৰ দাবীত টিৰাপ মৌজাৰ জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী সমদল
নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰাৰ দাবীত টিৰাপ মৌজাৰ জাতীয় সংগঠন আৰু ৰাইজৰ সহযোগত বৃহৎ প্ৰতিবাদী সমদল
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment