পাচলি ব্যৱসায়ীৰ মাজত পুথি উন্মোচনেৰে ব্যতিক্ৰমী প্ৰচেষ্টা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 14, 2018

পাচলি ব্যৱসায়ীৰ মাজত পুথি উন্মোচনেৰে ব্যতিক্ৰমী প্ৰচেষ্টা

নলবাৰী : নলবাৰী চহৰৰ হাটখোলা পুখুৰীপাৰৰ পাচলি বজাৰত দেওবাৰে ব্যতিক্ৰমী ৰূপত অসমৰ বিশিষ্ট কবি কমল কুমাৰ জৈনৰ কাব্য পুথি "মাটিৰ মিতিৰালি" উন্মোচন কৰে শিল্পী/কবি ওৱাহিদুজ জামানে। উন্মোচনী ভাষণত জামানে কয়, ‘‘মাটিৰ সৈতে মিতিৰালি অবিহনে যেনেকৈ পাচলি উৎপন্ন সম্ভৱ নহয়, তেনেকৈ পাচলি অবিহনে মানুহৰ জীৱন নিৰ্বাহ সম্ভৱ নহয়।’’

পাচলি ব্যৱসায়ীৰ মাজত পুথি উন্মোচনে পাচলি ব্যৱসায়ীসকলক উৎসাহিত কৰা দেখা গৈছে আৰু এয়া এক ব্যতিক্ৰমী অনু্ষ্ঠান ৰূপে পৰিগণিত হৈছে। উন্মোচনী সভাত ভাষণ দিয়ে কবি কমল কুমাৰ জৈন, কবি পুলকেশ ৰায় বৰুৱা, কবি জিতেন্দ্ৰ কুমাৰ জৈন, কবি ৰুবুল প্ৰিন্স আদিয়ে।

No comments:

Post a Comment

SPONSORED