তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধানমন্ত্ৰী বিৰোধী দলপতিলৈ দাবী পত্ৰ প্ৰেৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 12, 2018

তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধানমন্ত্ৰী বিৰোধী দলপতিলৈ দাবী পত্ৰ প্ৰেৰণ

তামুলপুৰ : নতুন পেঞ্চন নীতি বন্ধ কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা , ষষ্ঠ দৰমহা আয়োগৰ আঁসোৱাহ দূৰ কৰি সপ্তম দৰমহা আয়োগৰ মতে বেতন দিয়া আৰু সম কামৰ বাবে সম দৰমহা দিয়াৰ দাবী জনাই তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰে। 
অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানমৰ্মে আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশমৰ্মে দিনৰ ১ বজাত শিক্ষক সকলে নিজৰ নিজৰ পত্ৰ ডাকঘৰৰ জৰিয়তে প্ৰেৰণ কৰে। বি টি এ ডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি উমেশ তালুকদাৰ আৰু তামূলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দীনেশ দাসৰ নেতৃত্বত শিক্ষক সকলে পোষ্ট কাৰ্ডৰ জৰিয়তে আবেদন জনাই চিঠি প্ৰেৰণ কৰে৷

No comments:

Post a Comment

SPONSORED