আজি বংশবৃক্ষ পৰীক্ষাৰ অন্তিম দিন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

আজি বংশবৃক্ষ পৰীক্ষাৰ অন্তিম দিন


গুৱাহাটী : বহু প্রতীক্ষিত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ পাবলৈ মাজত আৰু মাত্র এটা মাহ বাকী আছে৷ আনহাতে, কাইলৈ নাগৰিকপঞ্জী উন্নীতকৰণ কর্তৃপক্ষই আৱেদনকাৰীৰ বংশবৃক্ষ পৰীক্ষা কৰাৰ অন্তিম দিন৷ কিন্তু ৰাজ্যৰ কিছু স্থানত এতিয়ালৈ বংশবৃক্ষ পৰীক্ষাৰ কাম সম্পূর্ণ হোৱা নাই বুলি জানিব পৰা গৈছে৷ ইফালে এইপর্যন্ত ভুৱা লিগেচি ব্যৱহাৰ কৰি গ্রেপ্তাৰ হ’বলগীয়া হৈছে প্রায় ১২২জন সন্দেহজনক লোক৷
অৱশ্যে বংশবৃক্ষ পৰীক্ষাৰ কাম সম্পূর্ণ কৰি নির্ধাৰিত সময়মতেই নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্রকাশ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই৷ ‘দৈনিক জনমভূমি’ৰ সৈতে হোৱা সাক্ষাৎকাৰত হাজেলাই কয় যে উচচতম ন্যায়ালয়ৰ নির্দেশমর্মে নির্ধাৰিত সময়মতেই চূড়ান্ত খচৰা প্রকাশ কৰিবৰ বাবে চেষ্টা কৰা হৈছে৷ ইয়াৰ বাবে যাৱতীয় কামসমূহো কৰি থকা হৈছে৷ ইফালে ভুৱা লিগেচি ব্যৱহাৰ কৰি ৰাজ্যৰ বিভিন্ন প্রান্তত বহুসংখ্যক সন্দেহজনক লোক আৰক্ষীৰ হাতত গ্রেপ্তাৰ হ’বলগীয়া হোৱা বিষয়টোত তেওঁ কোনোধৰণৰ তথ্য দিবৰ বাবে অমান্তি হয়৷ বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকা বাবে তেওঁ এনে কৰা বুলি প্রকাশ কৰে৷
কিন্তু এন আৰ চিত নাম অন্তর্ুক্ত কৰিবৰ বাবে যিমান লোকে ভুৱা লিগেচি ব্যৱহাৰ কৰিছে সকলোকে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ স্পষ্ট কৰে৷ কোনো সন্দেহজনক লোককে নাগৰিকপঞ্জীত নাম অন্তর্ুক্ত কৰিবলৈ দিয়াত তেওঁ বাধা দিবলৈ সক্ষম হ’ব বুলিও বিশ্বাস কৰাৰ কথা সদৰী কৰে৷ আনহাতে, এক নির্ভৰযোগ্য সূত্রৰ পৰা লাভ কৰা তথ্য অনুসৰি অসমত ভুৱা লিগেচি ব্যৱহাৰ কৰাৰ বাবে এইপর্যন্ত প্রায় ১২২জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
বহুকেইখন জিলাত ভুৱা লিগেচি ব্যৱহাৰ কৰা সন্দেহজনক লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সর্বাধিক লোক মৰিগাঁও জিলাত গ্রেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ২৫১টা নাগৰিকপঞ্জী সেৱা কেন্দ্রৰ অধীনস্থ এলেকাত সর্বাধিক লোক নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম কর্তন হ’ব বুলিও তথ্য পোৱা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি সর্বাধিক সন্দেহজনক লোকৰ নাম কর্তন হ’বলগীয়া জিলাকেইখন হৈছে বৰপেটা, গোৱালপাৰা, হোজাই, তিনিচুকীয়া, নগাঁও আদি৷

No comments:

Post a Comment

SPONSORED