বিজেপিৰ ৰাজ্যিক কার্যনির্বাহকত জাতিধবংসী বিধেয়কৰ সপক্ষে প্রস্তাৱ গ্রহণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

বিজেপিৰ ৰাজ্যিক কার্যনির্বাহকত জাতিধবংসী বিধেয়কৰ সপক্ষে প্রস্তাৱ গ্রহণ


গুৱাহাটী : অসমীয়া জাতিক অন্ধকাৰত ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দর্ভত অতি কৌশলী স্থিতি গ্রহণ কৰিছে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে৷ বিধেয়কখনক লৈ একপ্রকাৰ দুমুখীয়া স্থিতি লৈছে বিজেপিয়ে৷ এন আৰ চিৰ অচিলা লৈ ৩০ জুন পর্যন্ত দল-চৰকাৰৰ স্থিতিত প্রশ্নবোধক আঁৰি দিয়া ৰাজ্যিক বিজেপিয়ে কেন্দ্রীয় চৰকাৰৰ ওচৰত সম্পূর্ণ আঁঠু লৈছে৷ বিজেপিৰ বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা মতে, অলপতে নলবাৰীত অনুষ্ঠিত হোৱা দলটোৰ ৰাজ্যিক কার্যনির্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সপক্ষত প্রস্তাৱ লোৱা হৈছে৷
কিন্তু অতি কৌশলেৰে ৰাজ্যিক বিজেপিয়ে এই কথা লুকুৱাই ৰাখিছে৷ জনৰোষত পৰাৰ ভয়ত ৰাজ্যিক বিজেপিয়ে এই তথ্য লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ দৃঢ় স্থিতিত একপ্রকাৰ সেও মানি ৰাজ্যিক বিজেপিয়ে কার্যনির্বাহকত এই প্রস্তাৱ গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ ৰাজ্যিক কার্যনির্বাহকত বিধেয়কখনৰ সপক্ষত স্থিতি লোৱা দলটোৰ একাংশ বিধায়কে ৰাইজক দেখুৱাবলৈহে বিধেয়কখনৰ বিৰোধিতা কৰিছে নেকি? এই প্রশ্ন এতিয়া স্বাভাৱিকতেই উত্থাপন হৈছে৷
অসমৰ সর্বস্তৰৰ জনসাধাৰণৰ প্রবল প্রতিবাদৰ সময়ত ৩০ জুন পর্যন্ত মৌন ব্রত অৱলম্বনৰ বাবে সিদ্ধান্ত লোৱা দল-চৰকাৰৰ এই স্থিতিক লৈও এতিয়া প্রশ্নৰ উত্থাপন হৈছে৷ দুদিন পূর্বে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নাগৰিক সমাজ তথা একাংশ দল-সংগঠনৰ প্রতিনিধিৰ সৈতে বিধেয়কখন সন্দর্ভত মত বিনিময় কৰিছিল৷ এতিয়া প্রশ্ন হ’ল যদিহে বিজেপিয়ে ৰাজ্যিক কার্যনির্বাহকত বিধেয়কখনৰ সপক্ষত প্রস্তাৱ গ্রহণ কৰিছে তেন্তে নাগৰিক অভিৱর্তন পাতি মতামত গ্রহণৰ যুক্তি ক’ত? বিধেয়কখনক লৈ বিজেপিত উলম্ব বিভাজন হোৱা বুলিও জানিব পৰা গৈছে৷
বিধেয়কখনৰ সপক্ষত আৰু বিপক্ষত বিজেপিৰ ভিতৰত দুটা শিবিৰৰ সৃষ্টি হৈছে৷ জাতীয়তাবাদী শিবিৰটোৱে বিধেয়কখনৰ সমর্থনৰ পক্ষত নাই যদিও জাতীয়তাবাদৰ পৰিৱর্তে ৰাষ্ট্রবাদক প্রাধান্য দিয়াসকলে বিধেয়কখনৰ সপক্ষত থিয় দিছে৷ ইয়াক লৈ ভিতৰি ভিতৰি ৰাজ্যিক বিজেপিৰ ৰাজনীতি উত্তাল হৈ আছে৷ খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰিছে৷ কিন্তু অধিকাংশ জ্যেষ্ঠ নেতা-সাংসদ, বিধায়ক বিধেয়কখনৰ সপক্ষত আছে৷ তেনেস্থলত বিজেপিৰ ভিতৰৰ ৰাজনীতি আৰু কৌশলী স্থিতিয়ে তাৎপর্য বহন কৰিছে৷

No comments:

Post a Comment

SPONSORED