গুৱাহাটী ব্যু’ৰ : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ ৰাজ্যৰ মুঠ ২,৫৪,৫৬৪ জন শিক্ষার্থীয়ে তিনিওটা শাখাত উচচতৰ মাধ্যমিক পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰ ভিতৰত প্রায় ১.৯৫ লাখ শিক্ষার্থী কলা শাখাত, প্রায় ৩৮ হাজাৰ শিক্ষার্থী বিজ্ঞান শাখাত আৰু ১৮ হাজাৰ শিক্ষার্থী বাণিজ্য শাখাত অৱতীর্ণ হৈছিল৷ ৰাজ্যৰ মুঠ ৮২৬টা কেন্দ্রত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷
কলা শাখাৰ শীৰ্ষত জিলিকিল নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ সম্প্ৰীতি ৰাজখোৱা। ৪৮৭ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে সম্প্ৰীতিয়ে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ দ্বিতীয় স্থানত উজলিল নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ত্ৰিদীপ বৰা। ত্ৰিদীপে লাভ কৰিছে মুঠ ৪৮৫ নম্বৰ। ৪৮৪ নম্বৰেৰে তৃতীয় স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভনীতা ৰয়। ৪৮২ নম্বৰেৰে চতুৰ্থ স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ঋতুপৰ্ণ কলিতা। পঞ্চম স্থানত জিলিকিল যোৰহাটৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অনিন্দিতা নাথ। অনিন্দিতাই পাইছে মুঠ ৪৮১ নম্বৰ। ষষ্ঠ স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ হিয়াশ্ৰী চৌধুৰী। সপ্তম স্থানত নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ত্ৰিপৰ্ণা বৰা। ৪৭৮ নম্বৰ লাভ কৰি অষ্টম স্থান অধিকাৰ কৰিছে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অংকিতা ছেত্ৰীয়ে। ৪৭৭ নম্বৰেৰে নৱম স্থান পাইছে লখিমপুৰৰ লোহিত দিক্ৰং এইচ এছ স্কুলৰ মানস প্ৰতিম শইকীয়া আৰু বিশ্বনাথৰ ডাফনে জুনিয়ৰ কলেজৰ অংকিতা হাজৰিকাই। দশম স্থান লাভ কৰিছে গোলাঘাট জাতীয় মহাবিদ্যালৰ সঞ্চিতা শইকীয়া, টীয়ক ৰাজাবাৰী উঃ মাঃ বিদ্যালয়ৰ ৰাহুল দাস আৰু চামতা উঃ মাঃ বিদ্যালয়ৰ পম্পী বৰ্মনে। তিনিওগৰাকীয়ে লাভ কৰিছে মুঠ ৪৭৬ নম্বৰকৈ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল হোজাইৰ আজমল কলেজৰ অমৰ সিং থাপা। ৪৮৬ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে অমৰ সিং থাপাই। দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ নীহাৰিকা গোস্বামীয়ে। মুঠ ৪৮৩ নম্বৰ লাভ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। ৪৮০ নম্বৰেৰে তৃতীয় স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্কৰজ্যোতি কলিতা আৰু দৰং কলেজৰ মৃণালজ্যোতি পৌড়েলে। চতুৰ্থ স্থানত উজলিল বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্বতী কলিতা, আৰু কাছাৰৰ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ পৃথ্বিৰাজ দে’। দুয়োগৰাকীয়ে লাভ কৰিছে মুঠ ৪৭৯ নম্বৰকৈ। ৪৭৭ নম্বৰেৰে পঞ্চম স্থানত যোৰহাটৰ প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজৰ সুদৰ্শন সিং সন্ধু। ষষ্ঠ স্থানত ডিব্ৰুগড় চৰকাৰী বালিকা উঃ মাঃ বিদ্যালয়ৰ অন্তৰা ফুকন। মুঠ ৪৭৬ নম্বৰ পাইছে অন্তৰাই। ৪৭৪ নম্বৰেৰে সপ্তম স্থানত জিলিকিল গোলাঘাটৰ ৰেডিয়াণ্ট কলেজৰ অভিজ্ঞান শৰ্মা গগৈ, যোৰহাটৰ প্ৰজ্ঞা একাডেমী জুনিয়ৰ কলেজৰ প্ৰজ্ঞা প্ৰিয়া বৰা, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ মৃণ্ময় দাস আৰু শিৱসাগৰ জুনিয়ৰ কলেজৰ ৰমিন গগৈ। অষ্টম স্থান দখল কৰিছে গোলাঘাটৰ ৰেডিয়াণ্ট কলেজৰ অভিপ্সা ফুকন আৰু কৰিমগঞ্জৰ এছ ভি বিদ্যা নিকেতনৰ ছাকিল আখতাৰে। দুয়োগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে পাইছে মুঠ ৪৭৩ নম্বৰকৈ। ৪৭২ নম্বৰেৰে নৱম স্থানত উজলিল ডিব্ৰুগড় চৰকাৰী বালিকা উঃ মাঃ বিদ্যালয়ৰ স্বাগত গগৈ। ৪৭১ নম্বৰেৰে দশম স্থানত বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ফাৰদিন ৰফিক, কটন কলেজৰ উজ্জাৱল জৈন, নলবাৰীৰ শংকৰদেৱ একাডেমীৰ আছমা য়াছমিন, উত্তৰ লখিমপুৰ কলেজৰ জ্যোতিৰ্ময় দত্ত আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ঋত্বিকা কুমাৰী সিং।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ ৰৌনক লোহিয়া। ৪৭৪ নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে ৰৌনকে। দ্বিতীয় স্থান দখল কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ দীক্ষিতা বৰুৱাই। দীক্ষিতাই লাভ কৰিছে মুঠ ৪৭১ নম্বৰ। ৪৬৪ নম্বৰেৰে তৃতীয় স্থানত ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ শ্বেতা দাস। ৪৬৪ নম্বৰ লাভ কৰি চতুৰ্থ স্থান অধিকাৰ কৰিছে নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ ৰাধিকা আগৰৱাল আৰু দৰং কলেজৰ সাক্ষী সিঙে। পঞ্চম স্থান লাভ কৰিছে ওদালগুৰিৰ নেচনেল পায়’নিয়াৰ জুনিয়ৰ কলেজৰ মোহন প্ৰধানে। মুঠ ৪৬১ নম্বৰ লাভ কৰিছে মোহন প্ৰধানে। ষষ্ঠ স্থান দখল কৰিছে দুগৰাকীয়ে শিক্ষাৰ্থীয়ে। ষষ্ঠ স্থানত কাছাৰৰ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ ছয়ন পাল আৰু ওদালগুৰিৰ নেচনেল পায়’নিয়াৰ জুনিয়ৰ কলেজৰ বিধি বেৰিয়াই। দুয়োগৰাকী শিক্ষাৰ্থীয়ে পাইছে মুঠ ৪৬০ নম্বৰকৈ। ৪৫৯ নম্বৰেৰে সপ্তম স্থানত কাছাৰৰ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ কুন্তলা গুপ্তা। অষ্টম স্থান অধিকাৰ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ অভিভাৱন হাজৰিকা, হাইলাকান্দি জুনিয়ৰ ছায়েন্স কলেজৰ য়শ সাৰদা আৰু নগাৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ চিংকী চেঠিয়াই। মুঠ ৪৫৮ নম্বৰকৈ লাভ কৰিছে অষ্টম স্থানপ্ৰাপ্ত আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে। নৱম স্থানত জিলিকিল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰতীক্ষা বচ্যাছ আৰু তিনিচুকীয়াৰ মাৰ্ঘেৰিটা কলেজৰ বিশাল দেৱনাথে। মুঠ ৪৫৭ নম্বৰ লাভ কৰিছে দুয়োগৰাকীয়ে। দশম স্থান অধিকাৰ কৰিছে দৰঙৰ ব্ৰিলিয়েণ্ট একাডেমীৰ পল্লৱী দাস, গুৱাহাটী কমাৰ্চ কলেজৰ মৃত্ৰিকা নাথ আৰু হোজাইৰ শংকৰদেৱ জুনিয়ৰ কলেজৰ অক্ষত চাওচাৰিয়াই। মুঠ ৪৫৬ নম্বৰকৈ লাভ কৰিছে আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে।
No comments:
Post a Comment