তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অনিন্দিতা নাথ কলা শাখাত পঞ্চম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ অনিন্দিতা নাথ কলা শাখাত পঞ্চম


তিতাবৰ : তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা কলা শাখাত অনিন্দিতা নাথে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৪৮১(৯৬.২%) নম্বৰ লৈ ৰাজ্যখনৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ তিতাবৰতে।
অনিন্দিতাই ভৱিষ্যতে অৰ্থনীতি বিভাগত অনাৰ্ছ সহ দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পঢ়াৰ ইচ্ছা মনত পুহি ৰাখিছে। দৈনিক গুৰুত্ব সহকাৰে পঢ়া-শুনা কৰা অনিন্দিতাই, তেওঁৰ এই সফলতাৰ বাবে পোন প্ৰথমেই ভগৱান, পিতৃ মাতৃ আৰু শিক্ষানুষ্ঠানক কৃতজ্ঞতা জনায়।
উল্লেখযোগ্য যে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক গুণাৰাম নাথ আৰু বৰহোলা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপিকা চন্দ্ৰমা দেৱীৰ কন্যা অনিন্দিতা নাথে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল।

No comments:

Post a Comment

SPONSORED