লিডু : আজি ঘোষনা কৰা হয় উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ৷ বাণিজ্য শাখাত চমকপ্ৰদ ফলাফলেৰে উজলি উঠিল মাৰ্ঘেৰিটা কলেজ । কলেজখনৰ এগৰাকী মেধাৱী ছাত্ৰ বিশাল দেৱনাথে বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতেই নৱম স্থান দখল কৰি কলেজখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
পেছাত এজন দৰ্জী তথা মাৰ্ঘেৰিটা লাজুম গাঁৱৰ নিবাসী সাধন দেৱনাথ আৰু লক্ষ্মী দেৱনাথৰ পুত্ৰ বিশাল দেৱনাথৰ এনে উৎকৃষ্ট ফলাফলত উৎফুল্লিত হৈ পৰিছে কলেজৰ শিক্ষক-ছাত্ৰৰ সমানে কলেজ পৰিচালনা সমিতি৷ আজি ফলাফল ঘোষণা হোৱাৰ পাছতেই কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ৰাজপথেৰে এক বিশাল ৰেলি উলিয়াই ছাত্ৰ গৰাকীক সন্মান প্ৰদৰ্শন কৰা দেখা গল ৷ বিশালে ৪৫৭ নম্বৰ পাই ৯১.৪ শতাংশৰে সুখ্যাতিৰে উৰ্ত্তীণ হয় ৷
No comments:
Post a Comment