এটিএম মেচিনৰ অভাৱত গ্ৰাহকৰ মাজত হাহাকাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 31, 2018

এটিএম মেচিনৰ অভাৱত গ্ৰাহকৰ মাজত হাহাকাৰ

লাহৰীঘাট : এটাৰ পাছত আন এটা সমস্যাই গা কৰি উঠিছে লাহৰীঘাট অঞ্চলত। যাৰ ফল ভোগ কৰিছে লাহৰীঘাটৰ জনতাই । মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট অঞ্চলটি এক বিশাল জনবহুল এলেকা। সেই অনুপাতে নাই বেংক কিম্বা এটিএমৰ ব্যৱস্থা। যদিওবা এটি ইউবিআই বেংক আছে তাতো বিভিন্ন সমস্যাৰে জৰ্জৰিত । লিংক থাকিলে টকা নাথাকে, টকা থাকিলে কৰ্মচাৰীৰ অভাৱ। 

এটি কাউন্টাৰতে গ্ৰাহকৰ লানি নিচিগা শাৰী৷ অৱশ্যে বহু জল্পনা কল্পনাৰ অন্তত লাহৰীঘাট আইবিৰ সমীপত এছবিআই আৰু ইউবিআই ক্ৰমে দুটাকৈ এটিএম মেচিন স্থাপন হৈছিল যদিও দূৰ্ভাগ্যবশত: সেয়াও বেছিদিন নিটিকিল। জানিব পৰা মতে, বিগত কেইবামাহ পূৰ্বে লাহৰীঘাট বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান চলে আৰু ফলত এটিএম মেচিন দুটা  উচ্ছেদিত হয়। 
কিন্তু অতি পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত কোনো এটা এটিএমৰে পুন:স্থাপন হোৱা নাই। প্ৰাপ্ত অভিযোগ অনুসৰি লাহৰীঘাটৰ লগতে বৰবৰী, দাতিয়ালবড়ী, মহমাৰা, মৰিতলি, জলকীয়াবড়ী, ঔতলাবড়ী, কুশতলি আদি অঞ্চলৰ ৰাইজে ভূগি আহিছে এক অমানৱীয় যন্ত্ৰণা। উল্লেখ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ প্ৰভাৱশালী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ডা: নজৰুল ইছলামৰ গৃহ সমষ্টিতে বিৰাজ কৰিছে এনে দুৰাৱস্থা৷ এই সন্দৰ্ভত বিভিন্ন সময়ত বাতৰি পৰিবেশন হৈ আহিছে যদিও অকণো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভূক্তভোগী ৰাইজে যথাশীঘ্ৰে অতি কমেও দুটি এটিএম মেচিন স্থাপন কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment

SPONSORED