স্থানপ্ৰাপ্ত শিক্ষাৰ্থীৰে জিলিকি উঠিছে বৰপেটা জিলাৰ শিক্ষানগৰী পাঠশালা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

স্থানপ্ৰাপ্ত শিক্ষাৰ্থীৰে জিলিকি উঠিছে বৰপেটা জিলাৰ শিক্ষানগৰী পাঠশালা


বৰপেটা : বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ ৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ আনবাৰৰ দৰে এইবাৰো উজ্বলি উঠিছে বৰপেটা জিলাৰ শিক্ষানগৰী পাঠশালা৷
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০১৮ ত স্থানপ্ৰাপ্ত সকল হ’ল কলা শাখাত ৪৮৪ নম্বৰেৰে তৃতীয় স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভনীতা ৰয়। ৪৮২ নম্বৰেৰে চতুৰ্থ স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ঋতুপৰ্ণ কলিতা।ষষ্ঠ স্থানত বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ হিয়াশ্ৰী চৌধুৰী।

বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ নীহাৰিকা গোস্বামীয়ে। মুঠ ৪৮৩ নম্বৰ লাভ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। ৪৮০ নম্বৰেৰে তৃতীয় স্থান লাভ কৰিছে বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্কৰজ্যোতি কলিতাই৷
চতুৰ্থ স্থানত উজ্বলিল বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্বতী কলিতা৷ ভাস্বতীয়ে লাভ কৰিছে মুঠ ৪৭৯ নম্বৰ।৪৭১ নম্বৰেৰে দশম স্থান লাভ কৰিলে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ফাৰদিন ৰফিকে৷
বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই অনা কেওগৰাকী শিক্ষাৰ্থীকলৈ বৰপেটাবাসীৰ মাজত উঠিছে আনন্দ আৰু উছাহৰ জোৱাৰ৷
  

No comments:

Post a Comment

SPONSORED