মাটিৰ পট্টা প্ৰদানৰ দাবীৰে কোকৰাঝাৰত ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

মাটিৰ পট্টা প্ৰদানৰ দাবীৰে কোকৰাঝাৰত ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট



কোকৰাঝাৰ : বৃহস্পতিবাৰে বি টি এ ডিৰ বিভিন্ন মহকুমা সমূহৰ দৰে বি টি এ ডিৰ এটা বিৰোধী ৰাজনৈতিক দল ইউনাইটেড পিপুল্স পাৰ্টি লিবাৰেল চমুকৈ ইউ পি পিএলে কোকৰাঝাৰত মহকুমা ভিত্তিত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট পালন কৰে ৷ কোকৰাঝাৰ জিলা ইউ পি পিএলৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত তথা কোকৰাঝাৰ শিশু উদ্যানত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ তিনি ঘন্টীয়া ধৰ্না কাৰ্যসূচীৰ জৰিয়তে ২০০৬ চনৰ আগৰ পৰাই বনাঞ্চলত জীৱন নিৰ্বাহ কৰি অহা জনজাতি নাগৰিক আৰু পৰম্পৰাগত ভাৱে জীৱন যাপন কৰি অহা বনাঞ্চল বাসিন্দা সকললৈ বন অধিকাৰ আইন ২০০৬ আইনৰ জৰিয়তে অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদানৰ দাবী কৰে৷ 
ইউ পি পি এল দলৰ সভাপতি তথা ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাওগৌৰা ব্ৰহ্মই অবস্থান ধৰ্মঘটৰ নেতৃত্ব দি সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে কোকৰাঝাৰ জিলা অৰ্থাৎ হলটুগাও বন সংমণ্ডলৰ অধীনত ১১২০১ জনজাতি আৰু ২০৮৯ অন্য বনাঞ্চলবাসী মুঠ ১৩২৯০ জন নাগৰিকে বন অধিকাৰ আইনৰ অধীনত ভূমি অধিকাৰ তথা মাটিৰ পট্টা পাবলৈ আবেদন কৰি আহিছে। 
তাৰমাজতে অলপতে অসমৰ প্ৰাক্তন বনমন্ত্ৰী তথা বৰ্তমানৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হাতেৰে কেৱল মুঠ ১৫২জন জনজাতি লোককহে মাটিৰ পট্টা প্ৰদান কৰা হৈছে। তাৰেই মুঠ ১৩১৩৮ জন ২০০৬ চনৰ আগৰ পৰা বনাঞ্চলত জীৱন নিৰ্বাহ কৰি অহা নাগৰিকে মাটিৰ পট্টা পাব লগা আছে।
সেয়ে কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰা বন অধিকাৰ আইন ২০০৬ আইনৰ অধীনত বাকী থকা নাগৰিক সকলক অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰা দাবীৰে কোকৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷উল্লেখ্য যে বিটিএডিৰ অন্তৰ্গত চিৰাঙৰ কাজলগাওঁ মহকুমাতো এই ধৰ্ণা কাৰ্যসূচী ৰুপায়ণ কৰিছে ইউনাইটেড পিপলচ্ পাৰ্টী (লিবাৰেল) তথা ইউ পি পিএলে ৷

No comments:

Post a Comment

SPONSORED