৬ গৰাকীৰ স্থান লাভ : নিজস্ব গৰিমাৰে পুনৰ জিলিকি উঠিল শিক্ষানগৰী পাঠশালা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

৬ গৰাকীৰ স্থান লাভ : নিজস্ব গৰিমাৰে পুনৰ জিলিকি উঠিল শিক্ষানগৰী পাঠশালা

পুলেন্দ্র দাস, বৰপেটা :
নিজস্ব গৰিমাৰে পুনৰ জিলিকি উঠিল শিক্ষানগৰী পাঠশালা। শিক্ষানগৰী পাঠশালাই পুনৰবাৰ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। বৰপেটা জিলাৰ পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত মুঠ সাত গৰাকী শিক্ষার্থীয়ে প্রথম দহটা স্থানত স্থান লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে পাঠশালা আৰু বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত তিনি গৰাকী আৰু বিজ্ঞান শাখাত চাৰি গৰাকী শিক্ষার্থীয়ে স্থান লাভ কৰে। আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ ফলাফলত শিক্ষানুষ্ঠানৰ পৰা পৰা চাৰি গৰাকী শিক্ষার্থীয়ে স্থান লাভ কৰে। এই শিক্ষানুষ্ঠানৰ পৰা নীহাৰিকা গােস্বামীয়ে ৰাজ্যখনৰ ভিতৰত দ্বিতীয়, ভাস্কৰজ্যোতি কলিতাইতৃতীয়, ভাস্বতী কলিতাইচতুর্থ স্থান লাভ কৰে। নীহাৰিকা গােস্বামীয়ে ৪৮৩ নম্বৰ লাভ কৰি দ্বিতীয় স্থান, ভাস্কৰজ্যোতি কলিতাই ৪৮০ নম্বৰ লাভ তৃতীয় স্থান আৰু ভাস্বতী কলিতাই ৪৭৯ নম্বৰ লাভ চতুর্থ স্থান দখল কৰে।
আনহাতে কলা শাখাত এই শিক্ষানুষ্ঠানখনৰ পৰা ৰাজ্যখনৰ ভিতৰত তৃতীয় স্থান লাভ কৰে ভনিতা ৰয়ে। একেদৰে শিক্ষানুষ্ঠানখনৰ ঋতুপর্ণা কলিতাই চতুর্থ আৰু হিয়াশ্রী তালুকদাৰে ষষ্ঠ স্থান লাভ কৰে। ভনিতা ৰয়ে ৪৮৪ নম্বৰ লাভ কৰি তৃতীয় স্থান, ঋতুপর্ণা কলিতাই ৪৮২নম্বৰ লাভ চতুর্থ স্থান আৰু হিয়াশ্রী তালুকদাৰে ৪৮০ নম্বৰ লাভ ষষ্ঠ স্থান দখলৰে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে।
কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা আজি ঘােষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাত মুঠ সাত গৰাকী শিক্ষার্থীয়ে প্রথম দহটা স্থানত স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনত আনন্দৰ বন্যা বৈছে। ইপিনে পাঠশালা চহৰৰ আন এখন শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ ফাৰদিন ৰফিকে বিজ্ঞান শাখাত দশম স্থান লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিক্ষানগৰী পাঠশালাৰ মুঠ সাত গৰাকী শিক্ষার্থীৰ স্থান লাভে চহৰ খনত স্বাভাৱিকতে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

No comments:

Post a Comment

SPONSORED