ভৱানীপুৰত পৰীক্ষাত বিফল হোৱা ছাত্ৰীৰ আত্মহত্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 31, 2018

ভৱানীপুৰত পৰীক্ষাত বিফল হোৱা ছাত্ৰীৰ আত্মহত্যা

বৰপেটা : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিভিন্ন পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নকুছি পথাৰৰ এজনী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাক লৈ অঞ্চলজোৰা তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
জানিব পৰা মতে আজি ফলাফল ঘোষণাৰ পিছতে পৰীক্ষাত বিফল হৈ নিজকে চিপজৰীৰে আত্মহত্যা কৰে।উক্ত অঞ্চলখনৰে তহুৰ উদ্দিনৰ ছোৱালীয়ে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও দিনৰ প্ৰায় ১১ বজাত পৰীক্ষাৰ ফলাফল লাভ কৰিয়েই তাই পাক ঘৰত গৈ ৰচীৰে ফাঁচী দি আত্মহত্যা কৰে।
পিছত ভৱানীপুৰ আৰক্ষী চকীৰ বিষয়াৰ দ্বাৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰে।

No comments:

Post a Comment

SPONSORED