সৰুক্ষেত্ৰীত আজমল ফাউণ্ডেছনৰ সাহায্য বিতৰণৰ বৃহৎ কেলেংকাৰী : দুখীয়াৰ খাদ্য আত্মসাৎ জাকিৰ হুছেইনৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

সৰুক্ষেত্ৰীত আজমল ফাউণ্ডেছনৰ সাহায্য বিতৰণৰ বৃহৎ কেলেংকাৰী : দুখীয়াৰ খাদ্য আত্মসাৎ জাকিৰ হুছেইনৰ

বৰপেটা : ইতিমধ্যে ছচিয়েল মিডিয়া, ফেচবুক, হোৱাটচএপ আদিত যোৱা কিছুদিনৰ পৰা সংখ্যালঘূ অধ্যুষিত অঞ্চলসমূহত দিনটো ৰোজা ৰাখি সন্ধিয়া ইফতাৰ আৰু পিছ ৰাতি ছেহৰী খাবলৈ বিশেষ সক্ষম নথকা দুখীয়া শ্ৰেণীৰ লোকক আজমল ফাউণ্ডেছনৰ মাৰকাজুল মাৰুফৰ পৰা এক বুজন পৰিমাণৰ খাদ্য বিতৰণ কৰাটো প্ৰচাৰিত হৈ আহিছে। এনে খাদ্য সামগ্ৰীৰ পৰিমাণ হ'ল— চাউল-২৫ কেজি, মচুৰ দাইল-৩ কেজি, বুট-৩ কেজি, চেনি-৩ কেজি, মিঠা তেল-২ লিটাৰ আৰু খেজুৰ-২ কেজি।
কিন্তু সৰুক্ষেত্ৰী সমষ্টিৰ কিছুমান পঞ্চায়তৰ লগতে উত্তৰ বেতবাৰী গাঁও পঞ্চায়তত এই সাহায্য সামগ্ৰীৰ বিতৰণক লৈ বৃহৎ পৰিমানৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিৎোগ উত্থাপিত হৈছে৷ জানিব পৰা মতে বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত এই সামগ্ৰীসমূহ বিতৰণৰ উদ্দেশ্য প্ৰায় ৭ পৰা ৮ হাজাৰ এই ফুড পেকেট মাৰ্কাজুল মাৰোফৰ পৰা বৰপেটাৰ সাংসদ ছিৰাজুদ্দিন আজমলৰ কাৰ্যালয়ত একলগ কৰি বৰপেটা জিলাৰ আজমল ফাউণ্ডেছনছৰ কৰ্মকৰ্তা আৰু বৰপেটা জিলাৰ এআইইউডিএফ দলৰ জিলা কমিটীৰ যৌথ প্ৰচেষ্টাত বৰপেটা জিলাৰ প্ৰতিটো সমষ্টিৰ দায়িত্বত থকা এআইইউডিএফ দলৰ সমষ্টিৰ কমিটীৰ হাতত পেকেটসমূহ বিতৰণৰ দায়িত্বভাৰ ন্যাস্ত কৰিছিল।
কিন্তুএইসামগ্ৰী বিতৰণ ক্ষেত্ৰত সৰুক্ষেত্ৰী সমষ্টিৰ দায়িত্বত থকা সভাপতি ময়নুল খান আৰু সম্পাদক আয়ুব খানৰ দায়িত্বশীল কৰ্মকাণ্ডৰ প্ৰতি ৰাইজৰ মুকলিকৈ ক্ষোভ উজাৰিছে। কিয়নো এই ব্যক্তি দুগৰাকীয়ে সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ দায়িত্বত থকা সভাপতি বা সম্পাদকৰ যি কোনো এজন বিশেষকৈ ময়নুল খানৰ লগত সংযোগ স্থাপন থকা ব্যক্তিসকলক পেকেটসমূহ ৰাইজক বিতৰণৰ পৰামৰ্শ দিয়া হৈছিল।
সৰুক্ষেত্ৰী সমষ্টিৰ সকলোবোৰ পঞ্চায়ততে এই ফুড পেকেট বিতৰণত কেলেংকাৰীৰ খবৰ প্ৰচাৰিত হৈছে যদিও উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ দায়িত্বভাৰ গ্ৰহণ কৰা জাকিৰ হুছেইনে ভাগত পোৱা সকলোবোৰ পেকেট নিজ ঘৰত ৰাখি নিজৰ আত্মীয়, বংশ, গোষ্ঠীৰ মাজত বিতৰণ কৰি বাকী পেকেট সমূহ আত্মসাতৎ কৰাৰ বাতৰি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে।
বিশেষকৈ উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ অধিনস্থ ৩,৪,৫,৬,৭,৯ আৰু ১০ নং ৱাৰ্ডৰ দূখীয়া ৰাইজৰ দাবী এইয়া জনৈক জাকিৰ হুছেইনে দুখীয়াক আজমল ফাউণ্ডেছনছনে বিতৰণ কৰা জাকাতৰ সামগ্ৰী আত্মসাৎ কৰি খোৱাটো সচেতন মহলে সহজে মানি ল’ব পৰা নাই আৰু বিভিন্ন মহলে জাকিৰ হুছেইনৰ এনে কাণ্ডক ধিক্কাৰ জনাইছে। সেয়ে উক্ত বিষয়টোৰ সঠিক তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ বৰপেটা জিলাৰ এআইইউডিএফৰ সভাপতি আবুল কালাম আজাদৰ ওচৰত দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED