মাজগাঁওত কৃতি ছাত্র ছাত্রীক জামাত ই ইছলামী হিন্দ আৰু এছ আই অৰ সম্বৰ্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

মাজগাঁওত কৃতি ছাত্র ছাত্রীক জামাত ই ইছলামী হিন্দ আৰু এছ আই অৰ সম্বৰ্ধনা


বৰপেটা : বৃহস্পতিবাৰে বৰপেটা জিলাৰ ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত মাজগাঁও অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৩৮ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক জামাত ই ইছলামী হিন্দ আৰু এছ আই অৰ মাজগাঁও শাখাৰ তৰফৰ পৰা অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়৷ প্ৰত্যেককে এখন ফুলাম গামোচা আৰু মানপত্ৰৰে এই সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত সভাপতিত্ব কৰে মৌলানা আব্দুল গফুৰ মণ্ডল চাহাবে৷ প্ৰাক্তন ভাৰপ্ৰাপ্ত শিক্ষক পটা মাজগাঁও ছিনিয়ৰ মাদ্ৰাছা ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰে ভাষণ প্ৰদান কৰে জামাত ই ইছলামী হিন্দৰ অসম জোন মিডিয়া ও সপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলামে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত জগাঁও গুৱাগাছা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শহিবুল হক শিকদাৰ আৰু নৱশক্তি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শফিকুল ইছলাম আৰু লগতে ভাষণ প্ৰদান কৰে মাজগাঁও আঞ্চলিক হাই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল মোতালেপ আৰু লগতে ভাষণ প্ৰদান কৰে মনিৰ উদ্দিন আহমেদ আৰু সভাৰ আদৰণী ভাষণ প্ৰদান কৰে জামাত ই ইছলামী হিন্দৰ মাজগাঁও শাখাৰ সম্পাদক হাসমত আলী তালুকদাৰে৷ সভাত উপস্থিত থাকে Sioৰ উত্তৰ মণ্ডলৰ যুটীয়া সম্পাদক আজনুৰ হক।

No comments:

Post a Comment

SPONSORED