গুৱাহাটী : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বৃহস্পতিবাৰে ঘােষিত ফলাফল লাভৰ পৰা বঞ্চিত হ’ল ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ একাংশ শিক্ষার্থী। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফল লাভ নকৰি মহাবিদ্যালয়খনত এক উত্তাল পৰিৱেশৰ সষ্টি কৰে। ফলাফল লাভৰ পৰা বঞ্চিত শিক্ষার্থীসকলে মহাবিদ্যালয়খনৰ অধ্যক্ষ এডিছন আলীৰ কোঠা ঘেৰাও কৰে। অধ্যক্ষগৰাকীয়ে প্রতিবাদী শিক্ষার্থীসকলক নিয়ন্ত্রণ কৰিব নােৱাৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও একাংশ শিক্ষার্থীয়ে মহাবিদ্যালয়ৰ মুখ্য দ্বাৰত প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদী শিক্ষার্থীসকলৰ অভিযােগ অনুসৰি মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ভুলৰ বাবেই পৰীক্ষাত অৱতীৰ্ণ হােৱাৰ পাছতাে ফলাফল লাভৰ পৰা বঞ্চিত হ’ব লগা হয়। বিশেষকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক জ্যোতি কলিতাৰ ভুলৰ বাবেই শিক্ষার্থীসকলে ফলাফল লাভৰ পৰা বঞ্চিত হােৱা বুলি অভিযােগ কৰিছে প্রতিবাদী ছাত্র-ছাত্রীসকলে।
ইফালে এল চি বি মহাবিদ্যালয়ৰ অধ্যক্ষ এডিছন আলীয়ে জানিবলৈ দিয়া মতে, মহাবিদ্যালয়খনৰ পৰা ৬৯গৰাকী শিক্ষার্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। নিয়মীয়া পাঠ্যক্রম গ্রহণ কৰি পৰীক্ষাত অৱতীৰ্ণ হােৱা ৬৯গৰাকী শিক্ষার্থীয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভুলৰ বাবেই আজি ঘােষিত ফলাফল লাভৰ পৰা বঞ্চিত হয়।
অনলাইনৰ জৰিয়তে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ পাছতাে শিক্ষা সংসদে মহাবিদ্যালয়খনৰ ৬৯গৰাকী শিক্ষার্থীক প্ৰথম অৱস্থাত এডমিট কার্ড প্রদান কৰা নাছিল। অধ্যক্ষ এডিছন আলীয়ে বিষয়টো শিক্ষা সংসদৰ দৃষ্টিগােচৰ কৰাৰ পাছত পৰীক্ষাৰ্থীসকলক শিক্ষা সংসদে এডমিট কার্ড প্রদান কৰিছিল। শিক্ষা সংসদে এডমিট কার্ড দিয়াৰ পাছতাে মহাবিদ্যালয়খনৰ পৰীক্ষাত অৱতীৰ্ণ হােৱা ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল ঘােষণা নকৰাটো শিক্ষা সংসদৰে ভুল বুলি মন্তব্য কৰে। উল্লেখ্য যে এই ঘােষিত ফলাফলত শিক্ষা সংসদে মহাবিদ্যালয়খনৰ বিগত বৰ্ষৰ পৰীক্ষাত উত্তীর্ণ নােহােৱা পৰীক্ষাৰ্থীসকলৰহে ফলাফল ঘােষণা কৰে। এই ফলাফলত মহাবিদ্যালয়খনৰ ৩৭গৰাকী শিক্ষার্থীৰ ভিতৰত ৯গৰাকী উত্তীর্ণ হয়।
No comments:
Post a Comment