লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তুলসীড়িত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তুলসীড়িত অব্যাহত থকা প্রবল গৰাখহনীয়াত জাহ গ'ল বিদ্যালয়, মছজিদ আৰু মাদ্ৰাছা। যােৱা কিছুদিন ধৰি তুলসীবড়ি অঞ্চলত ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে কাল ৰূপ। ব্ৰহ্মপুত্ৰৰ খহনীয়াত এফালৰ পৰা নিশ্চিহ্ন হৈছে মানুহৰ ঘৰ-দুৱাৰ আৰু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াত তুলসীবড়ি অঞ্চলৰ কেইবাশ পৰিয়াল গৃহহীন হৈছে। গৃহহীন হােৱা পৰিয়ালসমুহে খাদ্য আৰু আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। যােৱা দুদিন ধৰি অধিক বিধ্বংসী ৰূপ লৈছে খহনীয়াই। আজি খহনীয়াত জাহ গৈছে ১৯৪৪ চনত স্থাপন হােৱা তুলসীবড়ি প্রাথমিক বিদ্যালয়। ইয়াৰ উপৰি গৰাখহনীয়াত জাহ যায় তুলসীবড়ি হাফিজীয়া মাদ্রাছা আৰু জামে মছজিদ। আনহাতে যিকোনাে মুহর্তত জাহ যাব পাৰে তুলসীবড়ি মধ্য ইংৰাজী বিদ্যালয়। তুলসীবড়ি প্রাথমিক বিদ্যালয়ত প্রায় দুই শতাধিক ছাত্র-ছাত্রী আছে। এতিয়া বিদ্যালয়খন কত স্থাপন কৰিব, সেয়া লৈ চিন্তিত হৈছে শিক্ষকসকল। দুই শতাধিক ছাত্র-ছাত্রীৰ ভৱিষ্যৎ কি হ’ব তাক লৈও অভিভাৱকসকল চিন্তিত হৈ পৰিছে। এই খহনীয়াত শস্য শ্যামলা পথাৰ জাহ যােৱা পৰিলক্ষিত হৈছে। সম্প্রতি তুলসীবড়িত এক বিভীষিকাময় পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু গ্রামােন্নয়ন বিভাগৰ উদ্যোগত খহনীয়া তৎকালীনভাৱে প্ৰতিৰােধৰ বাবে জিঅ' বেগ লান্সিঙৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াক লৈ নৈপৰীয়া ৰাইজ সন্তুষ্ট নহয়।
Responsive Ads Here
Friday, June 01, 2018

ব্ৰহ্মপুত্ৰত জাহ গ’ল বিদ্যালয়-মছজিদ-মাদ্রাছা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment