কাছাৰ-নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত নাগৰিক সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

কাছাৰ-নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত নাগৰিক সভা


নগাঁও : কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত অহা ৩ জুনত হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম নগৰৰ কমিউনিটি হলত এখন নাগৰিক সভা আহ্বান কৰা হৈছে। পাঁচগ্ৰামৰ বিশিষ্ট নাগৰিক ৰাসেন্দ্ৰ কুমাৰ চন্দই আৰু হাজী আব্দুল মনাফ মীৰাৰ উদ্যোগত এই নাগৰিক সভাৰ আহ্বান জনোৱা হৈছে।
এটা বিবৃতিত ৰাসেন্দ্ৰ কুমাৰ চন্দই কয় যে, কাছাৰ আৰু নগাঁও কাগজ কল অসমৰ জাতীয় সম্পদ। কিন্তু এই মহামূল্যৱান এই সম্পদ দুটা মৃত্যুৰ দুৱাৰদলিত। ইয়াৰ সৈতে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাশ লোকৰ জীৱিকাৰ সম্পৰ্ক আছে। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। সেই বাবে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত শ্ৰমিক-কৰ্মচাৰীৰ সৈতে ৰাইজ ওলাই আহিছে বুলি তেওঁ কয়।

No comments:

Post a Comment

SPONSORED