হাউলী নগৰৰ সমস্যা সমাধানৰ দাবীত হাউলীত মৌন সমদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

হাউলী নগৰৰ সমস্যা সমাধানৰ দাবীত হাউলীত মৌন সমদল


বৰপেটা : হাউলী নগৰৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সমস্যাসমূহ সমাধানৰ দাবীত হাউলীত উলিয়াই মৌন সমদল৷ হাউলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগৰখনৰ বয়োজ্যেষ্ঠ ব্যক্তি, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে হাউলী চহৰৰ মাজেৰে এক মৌন সমদল উলিয়াই নগৰ সমিতিৰ কাৰ্যালয়ত উপস্থিত হয়৷ নগৰখনৰ নলা-নৰ্দমাসমূহ ঠিক কৰি কৃত্ৰিম বানপানীৰ পৰা নগৰবাসীক পৰিত্ৰাণ দিয়া, অপৰিকল্পিত নিৰ্মাণ কাৰ্য বন্ধ কৰা, চহৰৰ মাজমজিয়াৰ বাট-পথসমূহ মেৰামতি আৰু পুনৰনিৰ্মাণ কৰা, পদপথ সূচল কৰা বেদখল উচ্ছেদ কৰাৰ দাবীত এই প্ৰতিবাদী মৌন সমদল উলিওৱা হয়৷ নগৰখনৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি ভোগ কৰি থকা সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে ১১ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ নগৰ সমিতিৰ সভানেত্ৰী গৰাকীৰ হাতত প্ৰদান কৰা হয়৷ দাবীসমূহ শীঘ্ৰে সমাধান নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰ সকিয়নি প্ৰদান কৰে প্ৰতিবাদী ৰাইজে৷

No comments:

Post a Comment

SPONSORED