ডিব্ৰুগড়ৰ কানৈ কলেজত অনুষ্ঠিত হ'ব মেগা মিছ নৰ্থ ইষ্ট আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

ডিব্ৰুগড়ৰ কানৈ কলেজত অনুষ্ঠিত হ'ব মেগা মিছ নৰ্থ ইষ্ট আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচন



গুৱাহাটী : উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে ঘোষণা কৰিছে ১৬ সংখ্যক সংস্কৰণ ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট আৰু নৱম সংস্কৰণ গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ অডিচনৰ তাৰিখ। এই অডিচনৰ মাধ্যমেৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজকসকলে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰপৰা ৫০গৰাকী মহিলা আৰু ৫০গৰাকী পুৰুষ নিৰ্বাচন কৰিব, যিসকলে ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ খিতাপ লাভৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব।
এই সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰথম অডিচন ১ জুন ২০১৮ত অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত। ইয়াৰ পিছত মেগা এণ্টাৰটেইনমেণ্টৰ দলে অডিচন অনুষ্ঠিত কৰিব ৩ জুনত কোকৰাঝাৰত, ৪ জুনত আগৰতলাত, ৬ জুনত ইটানগৰত, ৮ জুনত শ্বিলঙত আৰ সৰ্বশেষত ১০ জুনত গুৱাহাটীত। প্ৰতিটো স্থানতে অডিচনসমূহ অনুষ্ঠিত কৰা হ’ব দিনৰ ১১ বজাৰপৰা।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতা ফেশ্বন উদ্যোগী অভিজিত সিনহাৰ মানসপুত্ৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে। এই শ্ব’ৰ আকৰ্ষণ হ’ব উত্তৰ পূবৰ আঠখন ৰাজ্যৰ আটাইতকৈ ধুনীয়া মহিলাসকল আৰু আটাইতকৈ আকাংক্ষিত পুৰুষসকল, যিসকলে গ্ৰেণ্ড ফিনালেৰ বাবে গুৱাহাটীলৈ আহিব।
এই সৌন্দৰ্য প্ৰতিযোগিতাৰ গ্ৰুমিং ছিজনত থাকিব এক কঠিন প্ৰি-জাজিং ছিজন। পুৰুষ প্ৰতিযোগীসকলক পৰীক্ষা কৰা হ’ব তেওঁলোকৰ বুদ্ধিমত্তা, ফিটনেছ, ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ ভিত্তিত। মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ খিতাপ অধিকাৰ কৰা সুমন নিংথৌজামে তেওঁৰ উত্তৰসুৰীক ২৯ জুন, ২০১৮ত আইটিএ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিতব্য গাৰ্নিয়াৰ মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালেত অভিনন্দন জ্ঞাপন কৰিব। মহিলা প্ৰতিযোগীসকলৰ বিচাৰ কৰা হ’ব তেওঁলোকৰ আত্মবিশ্বাস, কেৰিজ, বুদ্ধিমত্তা আৰু সৌন্দৰ্যৰ আধাৰত। ২০১৭ চনৰ মেগা মিছ নৰ্থ ইষ্টৰ বিজয়ী মেৰী খাইৰিয়েমে ৩০ জুন, ২০১৮ত আইটিএ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিতব্য ছানছিল্প মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালেতমুকুট পিন্ধাব তেওঁৰ উত্তৰসূৰীক।
এই বছৰ মেগা এণ্টাৰটেইনমেণ্টে সমাজৰ প্ৰতি এক দায়বদ্ধ সংস্থা হিচাপে বায়’ডাইভাৰ্ছিটী, ফৰ পোষ্টাৰিটী এণ্ড প্ৰছপাৰিটীশীৰ্ষক মুখ্য বিষয়েৰে উল্লেখনীয় জৈৱ বৈচিত্ৰ্য সম্পৰ্কে সামাজিক সজাগতা সৃষ্টি কৰিবলৈ আছাম ষ্টেট বায়’ডাইভাৰ্ছিটী ব’ৰ্ড, চমুকৈ এএছবিবিৰ সৈতে সংযুক্ত হৈছে। এই উদ্যোগৰ অংশ হিচাপে সংস্থাটোৱে জৈৱ বৈচিত্ৰ্যপূৰ্ণ স্থানত সজাগতা অভিযান আয়োজিত কৰিব আৰু কিয় এইবোৰ সংৰক্ষণ কৰিব লাগে সেই সম্পৰ্কে সাধাৰণ জনতাক শিক্ষা প্ৰদান কৰা হ’ব। অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাটো সম্প্ৰতি সময়ৰ আহ্বান হৈ পৰিছে। অন্যথা ত্বৰিত ঔদ্যোগিকৰণ আৰু ইয়াৰ পৰিণতিয়ে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি পৃথিৱীখনক ভৱিষ্যত প্ৰজন্মৰ বাবে বাসৰ অনুপযোগী কৰি তুলিব। এতিয়া সময় আমাৰ প্ৰাণী আৰু উদ্ভিদসমূহ ৰক্ষা কৰাৰ বাবে একেলগে কাম কৰাৰ, যাতে আমি এক স্বাস্থ্যকৰ আৰু সমৃদ্ধিময় জীৱন ভৱিষ্যত প্ৰজন্মৰ বাবে দি যাব পাৰোঁ।
মেগা এণ্টাৰটেইনমেণ্টৰৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই কয়, “বিগত ১৫ বছৰে মেগা মিছ নৰ্থ ইষ্টে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক শক্তিশালী স্থিতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, আৰু আজি ই হৈছে অঞ্চলটোৰ আটাইতকৈ আকাংক্ষিত সৌন্দৰ্য প্ৰতিযোগিতা। সেইবাবেই আমি অডিচনবোৰত দেখিবলৈ পাইছোঁ প্ৰতিভাৰ চকুত পৰা পৰিৱৰ্তন। পূৰ্বৰ বছৰসমূহৰ তুলনাত যুৱতীসকল বহুত বেছি আত্মবিশ্বাসী আৰু প্ৰস্তুত। তেওঁলোকে ছাল, চুলিৰ লগতে সামগ্ৰিকভাৱে নিজকে সঠিক ৰাখিবলৈ অধিক যত্নপৰ হোৱাৰ দেখা গৈছে।”
“একেদৰে, মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ প্ৰতিযোগীসকলেও এই সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে কেইবামাহো আগৰপৰা ফিটনেছ ট্ৰেইনিং আৰম্ভ কৰে, তেওঁলোকে নিজক লৈ যথেষ্ট পৰিমাণে আত্মবিশ্বাসী। এতিয়া আমি এই সৌন্দৰ্য প্ৰতিযোগিতাৰ এটা দশক সম্পূৰ্ণ কৰিবলৈ আগবঢ়াৰ লগে লগে এই প্ৰতিযোগিতাত দেখা গৈছে অধিক ছাৰপ্ৰাইজ, উন্নত সুবিধা আৰু ফেশ্বন আৰু গ্লেমাৰ উদ্যোগৰ বহুতো ডাঙৰ ডাঙৰ নাম সংযুক্ত হৈ আহিছে। মই অত্যন্ত আশাবাদী যে, এই বছৰৰ অডিচনে সমগ্ৰ অঞ্চলটোৰ পৰা লৈ আহিব প্ৰতিভাশাৰী আৰু আত্মবিশ্বাসী প্ৰতিযোগীৰ এটা গোট”, সিনহাৰ সংযোজন।
মেগা মিছ নৰ্থ ইষ্টৰ টাইটেল স্পনছ’ৰ হিচাপে ভাৰতৰ প্ৰিমিয়াৰ হেয়াৰ কেয়াৰ ব্ৰেণ্ড ছানচিল্কে উদযাপন কৰিছে মুক্ত-মনৰ, আনন্দময় আৰু আত্মবিশ্বাসী যুৱতীসকলৰ সৈতে। যি উৎসাহ ছানছিল্ক গাৰ্লে প্ৰদান কৰে, সেয়া মেগা মিছ নৰ্থ ইষ্টৰ সৈতে সংযুক্ত হোৱাৰা বাহিৰে আন একো হ’ব নোৱাৰে, য’ত বিভিন্ন স্থানৰ পৰা অহা যুৱতীসকলে লিখে তেওঁলোকৰ নিজৰেই কাহিনী, তেওঁলোকৰ ঘন আৰু দীঘল চুলিত বিভিন্ন হেয়াৰ ষ্টাইলেৰে। গতিকে এই বছৰৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হৈছে, “When Your Hair Is Thick, Take Your Own Style Pick”।

ভাৰতৰ আগশাৰীৰ পুৰুষৰ ফেচ ৱাশ্ব গাৰ্নিয়াৰ মেনে মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ সৈতে সংযুক্ত হৈছে এই ছিজনৰ টাইটেল স্পনছ’ৰ হিচাপে। এই সৌন্দৰ্য প্ৰতিযোগীতাত বিজয়ীজনে গাৰ্নিয়াৰ মেনৰপৰা লাভ কৰিব গোটেই বছৰটোৰ বাবে গ্ৰুমিং প্ৰডাক্ট, যিয়ে সকলোবোৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰাকৈ তেওঁক শক্তিশালী আৰু সতেজ কৰি ৰাখিব। পুৰুষ প্ৰতিযোগীসকলে এক্স ছিগনেছাৰ ৱাইল্ড কাৰ্ড কণ্টেষ্টৰ মাধ্যমেৰে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰিব। সকলো প্ৰতিযোগীয়ে কৰিবলগীয়া কামটো হৈছে, তেওঁলোকে এক্স ছিগনেছাৰৰ আগত প্ৰকাশ কৰিব লাগিব তেওঁলোকে নিজৰ নিয়ম কেনেকৈ প্ৰস্তুত কৰে, যিয়ে তেওঁলোকক অদ্বিতীয় কৰি ৰাখে। সৰ্বোত্তম উত্তৰ দিয়া প্ৰতিযোগীগৰাকীয়ে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিব।
ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীগৰাকীয়ে লাভ কৰিব প্ৰায় ৭ লাখ টকাৰ প্ৰাইজ পেকেজ, য’ত থাকিব বিজয়ীৰ মুকুট আৰু ছানছিল্ক মেগা মিছ নৰ্থ ইষ্ট ২০১৮ৰ ছেছ, ১ লাখ টকাৰ নগদ পুৰস্কাৰ, ছানছিল্কৰ প্ৰিণ্ট আৰু আউটড’ৰ কেম্পেইনৰ মুখ হোৱাৰ সুযোগ।
গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ বিজয়ী প্ৰতিযোগীজনে লাভ কৰিব প্ৰায় ৫,০০,০০০ টকাৰ প্ৰাইজ পেকেজ। য’ত থাকিব অনুষ্ঠানটোৰ ছেছ আৰু গাৰ্নিয়াৰ মেন মেগা মিষ্টাৰ নৰ্থ ইষ্ট ২০১৮ৰ ট্ৰফী আৰু ১ লাখ টকাৰ নগদ পুৰস্কাৰ।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰাইজ পেকেজৰ সৈতে থাকিব চ্চিজেল দীঘলীপুখুৰীত এবছৰৰ বাবে ফিটনেছ কাউন্সেলিং আৰু সদস্যপদ, ৰং দে বসন্তী আৰবান ধাবাৰ পৰা গিফট্ হেম্পাৰ, আগশাৰীৰ ফেশ্বন ফটেগ্ৰাফাৰ ৰাহুল বিশ্বাসৰ দ্বাৰা প’ৰ্টফলিঅ’ শ্বুট, বিজয়ী বছৰটোৰ বাবে লাইফছ পাৰ্পলৰপৰা পাবলিক ৰিলেচন আৰু ৰেপুটেশ্যন মেনেজমেণ্ট আৰু ৱান এণ্ড জিৰ’ৰপৰা ডিজিটেল চেলিব্ৰেটী মেনেজমেণ্ট- যি হৈছে এক মাৰ্কেট ট্ৰেণ্ড।
দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰাইজ পেকেট সম্পৰ্কে উল্লেখ কৰি, অভিজিত সিনহাই সংযোজন কৰে যে, “মেগা এণ্টাৰটেইনমেণ্টৰ উদ্দেশ্য হৈছে আমাৰ বিজয়ীসকলক এক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰা, যাতে তেওঁলোকৰ সপোনে ডেউকা মেলি উৰিব পাৰে। দুয়োটা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীসকলক সম্পূৰ্ণৰূপে উদ্যোগৰ বাবে সাজু কৰিবলৈ গ্ৰুম আৰু ষ্টাইল কৰিব ফেশ্বন, মিডিয়া আৰু ডিজিটেল পৃথিৱীৰ পেছাদাৰীসকলে।” বিজয়ীসকলে লাভ কৰিব পেছাদাৰী প্ৰতিনিধিত্ব আৰু মেগা এণ্টাৰটেইমেণ্টৰদ্বাৰা ব্যক্তিগত ৱাৰড্ৰ’ব ষ্টাইলিং, যিয়ে তেওঁলোকক পথ প্ৰদৰ্শন কৰিব পেছাদাৰী পৃথিৱীত নিজকে আগুৱাই নিবলৈ। ইয়াৰ উপৰি পুৰুষ আৰু মহিলা উভয় শাখাৰপৰা শীৰ্ষ তিনিগৰাকীকৈ বিজেতাই অঞ্চলটোৰ বিভিন্ন প্ৰতিষ্ঠিত ফেশ্বন ইভেণ্টৰ ৰেম্পত খোজকঢ়াৰ সুবিধা লাভ কৰিব। সমান্তৰালভাৱে তেওঁলোকে পৃষ্ঠপোষক আৰু দাতব্য অংশীদাৰীক প্ৰতিনিধিত্ব কৰি ভ্ৰমণ কৰাৰো সুযোগ পাব।

পঞ্জীয়ন প্ৰ-পত্ৰ আৰু সবিশেষ উপলব্ধ ত। অথবা মেগা মিছ নৰ্থ ইষ্টৰ বাবে +91 84040 93936ত আৰু মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ বাবে +91 84040 93938ত কল কৰক।

No comments:

Post a Comment

SPONSORED