কোকৰাঝাৰ : কোকৰাঝাৰৰ বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালৰ সহধৰ্মিনী তথা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা স্মিতা দেৱে সন্মানীয় মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে। নতুন দিল্লীৰ গুৰগাঁৱত যোৱা ২৯ মেত অনুষ্ঠিত হোৱা উক্ত সৌন্দৰ্য প্ৰতিযোগিতাৰ ফাইনেলত ৬০ গৰাকীৰ প্ৰতিযোগিতাৰ ভিতৰত মিচেছ ৰয়েল ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ লাভ কৰিবলৈ সক্ষম হয় স্মিতা দেৱ। উল্লেখ্য যে ২০০২ চনতো স্মিতা দেৱে মিচ চাউথ আছামৰ দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল। প্ৰচুৰ মেধাৱী স্মিতা দেৱ সম্প্ৰতি অসম বিশ্ববিদ্যালয়ৰ পিএইচডি স্কলাৰ আৰু কোকৰাঝাৰ চাইন্স কলেজত সাংবাদিকতা বিষয়ত সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত।
ইয়াৰ পূৰ্বে নতুন দিল্লীৰ সংসদ ভৱনত দূৰদৰ্শনৰ লোকসভা চেনেলত কাম কৰিছিল স্মিতা দেৱে। সংবাদ মাধ্যমৰ আগত আজি স্মিতা দেৱে কিছুদিন পিছত ফিলিপাইনছত অনুষ্ঠিত হবলগীয়া আন্ত:ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা সদৰী কৰি আত্মবিশ্বাসেৰে প্ৰচুৰ কষ্ট কৰিলে সফলতা লাভ কৰিবলৈ সক্ষম হব পাৰি বুলি মন্তব্য কৰিছে
No comments:
Post a Comment