# এন আৰ চিত বহু লােকৰ নাম বাদ পৰিব বুলি অপ-প্রচাৰ চলিছেঃ আৰক্ষী অধীক্ষক ভায়ােলেট বৰুৱা
# পিতৃ-মাতৃ যিকোনাে এজন ‘ডি’ ভােটাৰ হ'লে আৰু তেওঁলােকৰ সতি-সন্ততি ২০০৪ বৰ্ষৰ ৩ ডিচেম্বৰৰ পিচত জন্মগ্রহণ কৰিলে তেনে সতি-সন্ততিৰ নাম এন আৰ চিত অন্তর্ভুক্ত নহয় : অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰী
বৰপেটা : এন আৰ চিত বহু লােকৰ নাম বাদ পৰিব বুলি অপ-প্রচাৰ চলিছে। এচাম দুষ্কৃতিকাৰীয়ে এনে অপ-প্রচাৰৰ জৰিয়তে এন আৰ চিৰ কাম সম্পূর্ণ হােৱাত বাধাৰ সৃষ্টি কৰিছে৷ এন আৰ চি সন্দৰ্ভত এই মন্তব্য আগবঢ়ায় বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়ােলিনা বৰুৱাই। বৰপেটা সদৰ থানাৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযােগত বৃহস্পতিবাৰে বিয়লি জাহােৰপামত অনুষ্ঠিত এখন সজাগতা সভাত এই মন্তব্য আগবঢ়ায় আৰক্ষী অধীক্ষক গৰাকীয়ে।
আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, এচাম দুষ্কৃতিকাৰীয়ে এন আৰ চিৰ কাম সম্পূর্ণ হােৱাটো নিবিচাৰে। সেয়েহে এনে দুষ্কৃতিকাৰীয়ে বহু লাখ লােকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব বুলি উৰাবাতৰি বিয়পাইছে। তেনে উৰাবাতৰিত ভােল নাযাবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে। মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত ৰাইজৰ আস্থা আছে বাবে ৰাইজে ধৈর্যসহকাৰে এন আৰ চিৰ কাম সম্পূর্ণ হােৱালৈ বাট চাই আছে বুলিও তেওঁ কয়।
অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল আব্দুল ওদুদৰ সভাপতিত্বত জাহােৰপাম হাইস্কুল প্রাংগনত কালি অনুষ্ঠিত এন আৰ চি, নাৰী আৰু শিশুৰ অপৰাধ নিয়ন্ত্রণ সন্দৰ্ভত সজাগতা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বৰপেটাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, সমাজ বিপথে পৰিচালিত কৰিব বিচৰা অপশক্তিক চিনাক্ত কৰিবই লাগিব। অপশক্তিৰ বিষয়ে ৰাইজ অৱগত হ'লে আৰক্ষীক ততালিকে খবৰ দিবলৈও আহ্বান জনায় অধীক্ষক গৰাকীয়ে। নাৰী আৰু শিশুৰ অপৰাধ প্রৱণতা আৰু এনে অপৰাধ ৰােধ কৰাৰ সন্দৰ্ভতাে আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য আগবঢ়ায়।
সজাগতা সভাখনত অংশগ্রহণ কৰি বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰীয়ে কয় যে, এন আৰ চি সন্দৰ্ভত ৰাইজৰ মাজত থকা আশংকা দূৰ কৰাৰ বাবে আৰক্ষী প্রশাসনৰ সহযােগত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে। এন আৰ চিত প্রকৃত লােকৰ নাম বাদ পৰিলে অথবা বিদেশীৰ নাম অন্তর্ভুক্ত হলে কি কৰিব লাগিব তাৰ বাবে জনাটো ৰাইজৰ অতিকৈ প্রয়ােজন বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কয়।
পিতৃ-মাতৃ যিকোনাে এজন ‘ডি’ ভােটাৰ হ'লে আৰু তেওঁলােকৰ সতি-সন্ততি ২০০৪ বৰ্ষৰ ৩ ডিচেম্বৰৰ পিচত জন্মগ্রহণ কৰিলে তেনে সতি-সন্ততিৰ নাম এন আৰ চিত অন্তর্ভুক্ত নহয় বুলি উল্লেখ কৰে আৰু ২০০৪ বৰ্ষৰ ৩ ডিচেম্বৰৰ পূর্বে জন্মগ্রহণ কৰা সতি-সন্ততিৰ নাম এন আৰ চিত অন্তর্ভুক্ত হ'ব বুলি সদৰি কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে।
এন আৰ চিৰ কাম সম্পূর্ণ হলে লুঙী পিন্ধা, দাড়ি থকা লােক মানেই বাংলাদেশী বুলি অপযশ দিয়া প্রৱণতা নাইকিয়া হ'ব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে পাটগিৰীয়ে। বাল্যবিবাহ ৰােধ কৰাৰ ক্ষেত্ৰত ৰাইজ কিছু সজাগ হৈছে যদিও এনে সামাজিক ব্যাধি নাইকিয়া কৰিব পৰা নাই। এনে সামাজিক ব্যাধি নাইকিয়া কৰিবলৈ হ'লে বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ যথেষ্ট কৰণীয় থকা বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে।
বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনয় কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক এম ইব্রাহিম আলীয়েও ভাষণ প্রদান কৰে। সভাখনত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
No comments:
Post a Comment