এলাগী হ’ল কৃষক মুক্তিসহ একাংশ সংগঠন : আছুকে ধৰি ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনৰে মুখ্যমন্ত্রী সৰ্বাৰ বৈঠক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

এলাগী হ’ল কৃষক মুক্তিসহ একাংশ সংগঠন : আছুকে ধৰি ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনৰে মুখ্যমন্ত্রী সৰ্বাৰ বৈঠক

## বৈঠকত ৰাজ্যখনৰ গুৰুত্বপুর্ণ বিষয় সম্পৰ্কত আলোচনা
## অসমৰ জনসাধাৰণ কোনাে কাৰণতে চিন্তিত আৰু শংকিত হ’ব নালাগে, জনসাধাৰণৰ স্বার্থ, নিৰাপত্তা তথা স্বকীয় বৈশিষ্ট্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দায়ৱদ্ধ : সোণোৱাল
## কেৱল একাংশ সংগঠনক পৃথককৈ নিমন্ত্রণ কিয়? নাগৰিকত্ব সংশােধনী বিধেয়ক বিৰােধী আন্দোলনক বিভাজন কৰাৰ চৰকাৰৰ কৌশল আৰম্ভ হ'ল : কৃষক মুক্তি সংগ্ৰাম সমিতি


গুৱাহাটী : অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যখনৰ ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনৰ নেতৃবৃন্দৰ সৈতে শুকুৰবাৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতি তথা ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থৰ লগত সম্পর্কিত কেতবােৰ গুৰুত্বপূর্ণ বিষয় সম্পর্কত মতবিনিময় কৰে। অত্যন্ত সৌহার্দপূর্ণ পৰিৱেশত অনুষ্ঠিত এইমত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম চৰকাৰ দায়ৱদ্ধ আৰু এই দিশত নিষ্ঠা আৰু দায়ৱদ্ধতাৰে অসম চৰকাৰে আৰম্ভণিৰে পৰা কাম কৰি আহিছে। ভাৰতৰ উচ্চতমন্যায়ালয়ৰ প্রত্যক্ষ তত্বাৱধানত ৰাজ্যখনত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দিশত অসম চৰকাৰে সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নাগৰিকপঞ্জীৰ প্রথম খচৰা প্ৰকাশৰ সময়ত জনসাধাৰণৰ লগতে নেতৃস্থানীয় সংগঠন সমূহে শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত আন্তৰিকতাৰে যি সহযােগিতা আগবঢ়ালে তাৰ বাবে দল সংগঠন সমূহলৈ কৃতজ্ঞতা প্রকাশ কৰে। তদুপৰি, অহা ৩০ জুনত নাগৰিকপঞ্জী উন্নীতকৰণৰ চুড়ান্ত খচৰা প্ৰকাশৰ পিছত যাতে কোনােধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টিনহয় সেই সম্পর্কে জনসাধাৰণক সজাগ আৰু সচেতন হৈ থকাৰ বাবেও আহ্বান জনায়। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ পদক্ষেপ হাতত লােৱা অসমেই প্রথমখন ৰাজ্য আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সফল প্রকাশ এই ক্ষেত্ৰত এক মাইলৰ খুতি হিচাপে বিৱেচিত হ'ব বুলিও মুখ্যমন্ত্রী সােণােৱালে কয়। সােণােৱালে লগতে কয় যে অসম চৰকাৰৰ ওপৰত গধূৰ দায়িত্ব আছে আৰু এই দায়িত্ব সজাগ, সচেতন আৰু তৎপৰতাৰে ৰূপায়নৰ ক্ষেত্ৰত অসম চৰকাৰ দৃঢ় প্রতিজ্ঞ।
মুখ্যমন্ত্ৰীয়ে কয় যে অসম চুক্তিৰ প্রতিটো দফাই সময় সাপেক্ষভাৱে ৰূপায়নৰ দিশতাে ৰাজ্য চৰকাৰে দায়ৱদ্ধতাৰে কাম কৰি আছে। তদুপৰি, ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ৰক্ষাকৱচ হিচাপে চিহ্নিত অসম চুক্তিৰ ৬ নং দফা ফলপ্রসূ ৰূপায়নৰ দিশতাে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিছে। ঠিক তেনেদৰে, ৰাজ্যখনৰ ভাৰত বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ বাবেও অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযােগত প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। স্থল সীমান্তত স্মার্ট ফেঞ্চিং নির্মাণৰ কাম ক্ষীপ্রতাৰে আগবঢ়াৰ উপৰি নদী সীমান্তটো উন্নত প্রযুক্তিৰে নিৰীক্ষণৰ দিশটো শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰৰ সহযােগত অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে বুলি কয়। ইয়াৰ ফলশ্ৰুতিত সম্প্রতি অবৈধ প্রব্রজনকে ধৰি পশুধনৰ চোৰাং বেহা আৰু অপৰাধমূলক কার্যকলাপ লক্ষণীয়াভাৱে হ্রাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যখনৰ ট্ৰাইবেল বেল্ট, সত্র সমূহৰ অবৈধ বেদখল উচ্ছেদ সম্পর্কতাে ৰাজ্য চৰকাৰে বিগত সময়ছােৱাত দৃঢ়তাৰে কাৰ্যব্যৱস্থা গ্রহণ কৰিছে আৰু এই দিশত ভৱিষ্যতেও উপযুক্ত পদক্ষেপ গ্রহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। আলােচনাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য ছাত্র সংগঠনে উত্থাপন কৰা বাংলাদেশী অবৈধ অনুপ্রৱেশকাৰী বহিস্কৰণ সম্পৰ্কত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ কার্যব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
ৰাজ্যখনত নাগৰিকত্ব সংশােধনী বিধেয়ক সম্পৰ্কত জনসাধাৰণৰ মাজত যি সংশয়ৰ ভাৱ উদয় হৈছে সেই সম্পর্কত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনসাধাৰণ কোনাে কাৰণতে চিন্তিত আৰু শংকিত হ'ব নালাগে। জনসাধাৰণক সুৰক্ষা প্রদান কৰাই হৈছে ৰাজ্য চৰকাৰৰ মূল দায়িত্ব। জনসাধাৰণক অন্ধকাৰত ৰাখি কোনাে সিদ্ধান্তই বৰ্তমানৰ চৰকাৰে গ্ৰহণ নকৰে বুলিও তেওঁ কয়। এই বিধেয়ক সম্পৰ্কত ইতিমধ্যে ৰাজ্যখনৰ জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱি, সংবাদ প্রতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদক, অসম সাহিত্য সভাৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলােচনাত মিলিত হৈছে বুলি কৈ আজিও সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনৰ সৈতে এই সম্পর্কত মত-বিনিময়ৰ বাবে তেওঁ এই অনুষ্ঠানৰ আয়ােজন কৰা হৈছে বুলি কয়। মুখ্যমন্ত্রী সােণােৱালে কয় যে ইতিমধ্যে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ সৈতে যােৱা ৩০ মে'ত অনুষ্ঠিত হােৱা বৈঠকত কেন্দ্রীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ জনসাধাৰণৰ সৈতে আলাপ-আলােচনা নকৰাকৈ কোনাে সিদ্ধান্ত গ্রহণ কৰা নহয় বুলি স্পষ্ট মতামত প্রকাশ কৰিছে। ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীয়ে এই ক্ষেত্ৰত প্ৰকাশ কৰা মন্তব্য আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রী হিচাপে ৰাইজক শংকিত নহ'বলৈ কৰা মন্তব্যৰ ওপৰত সম্পূর্ণ আস্থা ৰখাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। গণতন্ত্রত জনসাধাৰণৰ মতামতেই চূড়ান্ত আৰু অসম চৰকাৰে ৰাইজৰ মতামতক সর্বাধিক প্রাধান্য দি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে আগত দিনসমূহতাে অসম চৰকাৰে এই নীতি অনুধাৱন কৰি আগবাঢ়ি যাব। জনসাধাৰণৰ আৱেগক আঘাত কৰিব পৰা কোনাে কাম অসম চৰকাৰে নকৰে আৰু অসমৰ ৰাইজৰ স্বার্থ, নিৰাপত্তা আৰু স্বকীয় বৈশিষ্ট্য অক্ষুন্ন ৰখাৰ বাবে অসম চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলি তেওঁ কয়। অসমৰ জনসাধাৰণৰ স্বাৰ্থজড়িত বিষয়সমূহ সমাধানৰ ক্ষেত্ৰত ভৱিষ্যতেও আৰু অধিক এনেধৰণৰ মত-বিনিময় কার্যসূচী গ্রহণ কৰা হ'ব বুলিও মুখ্যমন্ত্রীয়ে কয়।
মুখ্যমন্ত্রী সােণােৱালে লগতে কয় যে ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবৰ বাবে জনসাধাৰণক ভূমি পট্টাৰ প্রয়ােজন। সেয়েহে, ৰাজ্যখনত বছৰ বছৰ জুৰি পট্টা নােপােৱাকৈ থকা খিলঞ্জীয়া লােকসকলক ভূমি পট্টা প্রদানৰ বাবে চৰকাৰ গঠন কৰিয়েই ব্যৱস্থা হাতত লৈছে। তাৰ অংশ হিচাপে ভাৰতৰ প্রাক্তন নির্বাচন আয়ুক্ত হৰিশংকৰ ব্ৰহ্মৰ নেতৃত্বৰ এখন কমিটী গঠন কৰা হৈছিল আৰু এই কমিটীয়ে দাখিল কৰা প্রতিবেদনৰ পৰামৰ্শাৱলী কার্যকৰী ৰূপ প্ৰদানৰ বাবে চৰকাৰে ইতিমধ্যে পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচার্য, সভাপতি দিপাংক কুমাৰ নাথ, সম্পাদক লুৰিণ জ্যোতি গগৈ, সদৌ অসম ট্রাইবেল সংঘৰ সম্পাদক আদিত্য খাকাৰি, নিখিল বড়াে ছাত্র সন্থাৰ সভাপতি প্রমােদ বড়াে, সদৌ কোচ ৰাজবংশী ছাত্র সংগঠনৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনকে ধৰি বিভিন্ন জনগােষ্ঠীয় ছাত্র সংগঠনৰ নেতৃবৃন্দই ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতি তথা ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাণৰ লগত সম্পর্কিত কেতবােৰ গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত তেওঁলােকৰ সংগঠন সমূহৰ মতামত প্রকাশ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচার্যই মতামত প্রকাশ কৰি কয় যে ৰাজ্যখনৰ মূৰব্বী হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ওপৰত ছাত্ৰ সন্থাকে ধৰি ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনৰ সম্পূর্ণ আস্থা আৰু বিশ্বাস আছে। অসম চুক্তিৰ প্রতিটো দফা সময়সাপেক্ষৰূপায়নকে ধৰি সীমান্ত সম্পূর্ণরূপে ছীল কৰা ইত্যাদি বিষয়সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সন্মুখৰ পৰা নেতৃত্ব দি ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থ তথা সুৰক্ষা নিশ্চিত কৰাৰ কর্মপন্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়। এই ক্ষেত্ৰত ছাত্ৰ সন্থাকে ধৰি ২৮ টা জনগােষ্ঠীয় ছাত্র সংগঠনে মুখ্যমন্ত্ৰীৰ সৈতে সদায়েই সহযােগিতা আগবঢ়াই যাব বুলিও তেওঁ কয়।
আজিৰ এইমত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক ডাঃ ৰণােজ পেগু, মুখ্য সচিব টি ৱাই দাস, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব এল এছ চাংছন, মুখ্যমন্ত্রী প্রধান সচিব সঞ্জয় লােহিয়া, বিশেষ আৰক্ষী সঞ্চালক প্রধান পল্লৱ ভট্টাচার্যকে ধৰি ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।


চৰকাৰী ষড়যন্ত্ৰত ভৰি নিদিবলৈ সকলাে সংগ্রামী সংগঠনকে আহ্বান 

নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত কৰাৰ বিনিময়ত অসমক সাংবিধানিক ৰক্ষা কৱচ দিলেও কোনােপধ্যে মানি লােৱা নহ'ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ বিৰােধী সংগ্রামক বিভক্ত কৰিবলৈকে কেৱল একাংশ সংগঠনক চৰকাৰে আলােচনালৈ সুকীয়াকৈ নিমন্ত্রণ কৰিছে। অসমীয়া জাতিৰ ঐক্যবদ্ধ সংগ্রামখনক ভাগ ভাগ কৰিবলৈকে চৰকাৰৰ এই কৌশল। চৰকাৰৰ এই কৌশলত ভৰি নিদিবলৈ সকলাে সংগ্রামী সংগঠনকেই বিনম্ৰভাৱে আহ্বান জনাইছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। চৰকাৰে যিয়েই ষড়যন্ত্র নকৰক লাগিলে, যিয়েই প্রলােভন নিদিয়ক লাগিলে, কোনােপধ্যেই নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত কৰি অসমলৈ বিদেশী আনিবলৈ দিয়া নহ'ব। আনকি অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচৰ টোপ দি চৰকাৰে নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ গৃহীত কৰাব নােৱাৰিব। এই দৃঢ়মত কৃষক মুক্তি সংগ্রাম সমিতিৰ।
এক প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা অসমীয়া জাতিৰ অভূতপূর্ব সংগ্রামক বিভক্ত কৰিবলৈকে অসম চৰকাৰে সংগ্রামী সংগঠনসমূহৰ একাংশক আলােচনালৈ নিমন্ত্রণ কৰি আন একাংশক আলােচনাৰ পৰা আঁতৰাই ৰাখিছে। অসমৰ তথাকথিত জাতীয় নায়ক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালেই এইদৰে জাতীয় জাগৰণক তচনচ কৰিবলৈ ষড়যন্ত্র আৰম্ভ কৰিছে। কেৱল একাংশ সংগঠনক পৃথককৈ আলােচনালৈ নিমন্ত্রণ কৰি এই বিষয়টোৰ সন্দৰ্ভত ধাৰাবাহিক সংগ্ৰামৰ কাৰ্যসূচী গ্রহণ কৰা অন্য একাংশ সংগ্রামী সংগঠনক আলােচনালৈ নিমন্ত্রণ নকৰি ৰাজ্য চৰকাৰখনে “ডিভাইড এণ্ড ৰুল” নীতি কার্যকৰী কৰিবলৈ অপচেষ্টা কৰিছে।
কৃষক মুক্তি সংগ্রাম সমিতিয়ে কোনাে সংগ্রামী সংগঠনকেই চৰকাৰৰ এই ভাগ ভাগ কৰি শাসন কৰা কুনীতিত ভৰি নিদিবলৈ আহ্বান জনাইছে। কৃষক মুক্তি সংগ্রাম সমিতিয়ে কয় যে কেৱল একাংশ সংগঠনক আলােচনালৈ নিমন্ত্রণ কৰি অসমীয়া জাতিৰ অভূতপূর্ব গণজাগৰণক যদি কোনােবাই নির্বাপিত কৰিব পাৰিব বুলি ভাবিছে তেন্তে তেওঁলােকে মূখৰ স্বৰ্গতহে বাস কৰিছে। অসমীয়া জাতিৰ বিদেশীৰ বিৰুদ্ধে এই অভূতপূর্ব জাগৰণক নির্বাপিত কৰিবলৈ কেৱল এটাই পথ খােলা আছে, সেয়া হ’ল নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ সম্পূৰ্ণৰূপে বাতিল কৰা।
কৃষক মুক্তি সংগ্রাম সমিতিয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে যিকোনাে বিভাজনকামী প্রচেষ্টাই অসমৰ পৰিস্থিতি অধিক জটিল কৰিব আৰু পৰিস্থিতি চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। সেইবাবে চৰকাৰে যিকোনাে ধৰণৰ বিভাজনকামী পদক্ষেপ গ্রহণৰ পৰিৱর্তে নাগৰিকত্ব সংশােধনী বিধেয়কখন বাতিল কৰি অসমীয়া জাতিক শান্ত কৰক। ইয়াৰ বাহিৰে কৰা চৰকাৰী সকলাে কুচক্রান্তই এইবাৰ উফৰি যাব বুলি বিবৃতিটোত দৃঢ় মত পােষণ কৰা হয়। চৰকাৰে জনা দৰকাৰ যে এইবাৰৰ অভূতপূর্ব জাগৰণৰ স্বৰূপ পৃথক; স্বতস্ফূর্তভাৱে অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে, চাহ বাগানৰ বস্তি এলেকাৰ পৰা ৰাইজ ৰাজপথলৈ ওলাই আহিছে। কোনাে সংগঠনৰ নেতৃত্বলৈ বাট নাচাই অসমবাসীয়ে নিজক বিদেশীৰ পৰা বচাবলৈ সংকল্প গ্রহণ কৰিছে। এনেকুৱা পৰিস্থিতিত ভাগ ভাগ কৰি শাসন কৰাৰ ৰাজনীতি আৰম্ভ কৰিলে শাসক শ্রেণীৰেই বিপদ অনিবার্য। চৰকাৰে অসমবাসীৰ প্রকৃত মর্মবেদনা আৰু ক্ষোভ উপলব্ধি কৰক আৰু নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ বাতিল কৰক।
আনহাতে প্ৰেছ বিবৃতিটোত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে অসমবাসীক সাংবিধানিক ৰক্ষা কৱচ লাগে কিন্তু নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ ৰ বিনিময়ত নহয়। নাগৰিকত্ব (সংশােধনী) বিধেয়ক, ২০১৬ গৃহীত কৰি অসমক দিব খােজা যিকোনাে সাংবিধানিক ৰক্ষা কৱচকে অসমবাসীয়ে প্রত্যাখান কৰিব। সেইবাবেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অনতিবিলম্বে সকলােধৰণৰ বিভাজনকামী ৰাজনীতি বাদ দি নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিল কৰক আৰু অসমবাসীক আকৌ এটা দীঘলীয়া আন্দোলনৰ পৰা অব্যাহতি দিয়ক বুলি কৃষক মুক্তি সংগ্রাম সমিতিৰ বিবৃতিটোত কোৱা হৈছে।

No comments:

Post a Comment

SPONSORED