নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 01, 2018

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ


লিডুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

লিডু : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে জাতীধংসী এই বিধেয়কখনৰ তীব্ৰ সমালোচনাৰে বৃহৎ জোঁৰ সমদলৰ জৰিয়তে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ এই প্ৰতিবাদী সংগঠনটোৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ( ২০১৬)ৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰা কাৰ্যৰ বাবে সংগঠনটোৰ বিষয়ববীয়াসকলে বি জে পি চৰকাৰৰ কাম নাই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে লিডুৰ আকাশ-বতাহ কঁপাঁই তোলে। ইফালে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই নাগৰিক সংশোধনী বিধেয়কখন বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈয়ো অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে৷


তিতাবৰত সহস্ৰাধিক পুৰুষ-মহিলাৰ জোঁৰ সমদল

তিতাবৰ : তিতাবৰ তিনিআলি স্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত তিতাবৰ বিভিন্ন স্থায়ী দল সংগঠনৰ সহযোগত প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত হাতে হাতে জোৰ লৈ ওলাই আহিল ৰাজপথত। নৰেন্দ্ৰ মোদী মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ,RSS ৰ দাদাগিৰী নচলিব আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে আকাশ-পাতাল কঁপাই দিয়ে প্ৰতিবাদকাৰীয়ে।
প্ৰতিবাদকাৰী দলটোৱে তিতাবৰ তিনি-আলি স্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তিতাবৰ নগৰৰ মাজেদি প্ৰতিবাদি কাৰ্যসূচী বাহিৰ কৰি তিতাবৰ চাৰি-আলি গুগো চিনেমা গৃহৰ সমীপত তেখেতলোকৰ কাৰ্যসূচী সমাপ্ত কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সভাপতি ঋতুল পাঠক আৰু কৃষক মুক্তিৰ সভাপতি-সম্পাদক প্ৰমোদ গগৈ, ৰাজীৱ চুতীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি-সম্পাদক ৰাহুল গগৈ আৰু উজ্জ্বল শইকীয়াই।


গোসাঁইগাওঁত নখনকৈ সংগঠনৰ জোঁৰ প্ৰতিবাদী সমদল

গোসাইগাঁও : পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬ৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত গোসাঁইগাওঁ সদৰ চহৰত কেইবাটাও জাতীয় সংগঠনে যৌথভাৱে জোঁৰ সমদল উলিওৱা হয়। গোসাইগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু গোসাইগাওঁ সাহিত্য সভা, সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ চাওঁতাল ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা, গোসাইগাওঁ উকীল সন্থা, গোসাইগাওঁ সাংবাদিক সন্থা আৰু অন্যান্য দল-সংগঠনৰ সহযোগিতাত উলিওৱা বিশাল জোঁৰ সমদলত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে যোগদান কৰি উদ্দেশ্যসমুহ সাফল্য মণ্ডিত কৰি তোলে।
উল্লেখযোগ্য যে সমদল উলিওৱাৰ প্ৰাকমুহুৰ্তত গোসাইগাঁও মহকুমা নিৰ্বাচনী বিষয়া হিতেশ মজুমদাৰৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী লৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰা হয়। গোসাইগাওঁৰ কমলনাথ ক্লাৱৰ পৰা আৰম্ভ কৰি জোঁৰ সমদলটো বজাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে টিপি ৰোড হৈ, তিনি আলিৰ পৰা আকৌ কমলনাথ ক্লাৱলৈ শেষ হয়।
উল্লেখযোগ্য যে সমদলত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়, তেওঁৰ ভাষণত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬ৰ বাতিলৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। তেওঁ আকৌ কয় যে এই জোঁৰ সমদলটো কোনো জাতি-ধৰ্ম-গোষ্ঠীৰ বিৰুদ্ধে নহ’য়, এয়া অবৈধ বিদেশীৰ বিৰুদ্ধেহে। উক্ত জোঁৰ সমদলত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

SPONSORED