‘ডি’ ভােটাৰক লৈ স্থিতি স্পষ্ট কৰাৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ : জাননী জাৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 02, 2018

‘ডি’ ভােটাৰক লৈ স্থিতি স্পষ্ট কৰাৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ : জাননী জাৰি

গুৱাহাটী : বহু বছৰ ধৰি বিতৰ্কৰ সৃষ্টি কৰি অহা সন্দেহজনক ভােটাৰ (‘ডি’ ভােটাৰ) সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ধুবুৰীৰ আজিজুল হক নামৰ এজন লােকৰ লেখ আবেদন (নম্বৰ ৩৪৩২/১৮)ৰ শুনানি গ্রহণ কৰি আজি ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ এখন খণ্ড বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক, দেশৰ মহাপঞ্জীয়ক আৰু নির্বাচন আয়ােগলৈ ‘ডি’ ভােটাৰ আৰু বিদেশী নাগৰিক সম্পৰ্কত স্থিতি স্পষ্ট কৰিবলৈ জাননী জাৰি কৰে।
অহা তিনি সপ্তাহৰ ভিতৰত এই সমূহে ন্যায়ালয়ক ‘ডি’ ভােটাৰ আৰু বিদেশী নাগৰিক সম্পৰ্কীয় স্থিতি অৱগত কৰিব লাগিব। গােচৰটোৰ পৰৱর্তী শুনানি ২১ জুনত বিচাৰপীঠখনে গ্ৰহণ কৰিব। এই বিষয়ে সদৰী কৰে ছ’চিয়েল জাষ্টিচ ফ’ৰামৰ সভাপতি গােলাপ মজুমদাৰে। মজুমদাৰে জনােৱা মতে, ‘ডি’ ভােটাৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত ৰুজু হৈ থকা ৩৬০/১৭ আৰু ১৬১০/১৭ নম্বৰৰ লেখ আবেদনৰ গােচৰ দুটাৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে যােৱা দুই মে'ত এক নির্দেশ জাৰি কৰে।
এই নির্দেশত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত যাতে ‘ডি’ ভােটাৰ আৰু ইতিপূর্বে বিদেশী ন্যায়াধিকৰণে বিদেশী চিনাক্ত কৰা লােকৰ পৰিয়ালৰ নামক লৈ সচেষ্ট হয়, তাৰ প্রতি লক্ষ্য ৰাখি সংশ্লিষ্ট জিলা সীমান্ত শাখাৰ আৰক্ষী অধীক্ষকক নিৰীক্ষণ কৰিবলৈ কোৱা হয়। এই নির্দেশৰ ভিত্তিত এন আৰ চিৰ প্রকল্প সঞ্চালক প্রতীক হাজেলাই ‘ডি’ ভােটাৰৰূপে চিহ্নিত ব্যক্তি আৰু বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা বিদেশীৰ পৰিয়ালৰ সদস্যৰ নাম অন্তর্ভুক্ত নকৰিবলৈ জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে।
ডি’ ভােটাৰ আৰু বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰা বিদেশী পৰিয়ালৰ আন সদস্যৰ নাম অন্তর্ভুক্ত নকৰিবলৈ উচ্চ ন্যায়ালয়ে প্রত্যক্ষভাৱে নির্দেশ নিদিয়া সত্ত্বেও এন আৰ চিৰ প্রকল্প সঞ্চালকে এই ক্ষেত্ৰত জাৰি কৰা নির্দেশনাক প্রত্যাহ্বান জনাই ধুবুৰীৰ আজিজুল হকে ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে। এই লেখ আবেদনৰ ভিত্তিত দুজনীয়া বিচাৰপীঠখনে বুধবাৰে এনে নির্দেশ জাৰি কৰে। শুনানি সময়ত আবেদনকাৰীৰ হৈ যুক্তি প্রদর্শন কৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ প্রাচাই।

No comments:

Post a Comment

SPONSORED