বিশিষ্ট সমাজসেৱী প্ৰয়াত যোগেন্দ্ৰলাল চৌধুৰীৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 02, 2018

বিশিষ্ট সমাজসেৱী প্ৰয়াত যোগেন্দ্ৰলাল চৌধুৰীৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী সম্পন্ন

গোঁসাইগাঁও : গোঁসাইগাঁও অঞ্চলৰ বিশিষ্ট সমাজসেৱক, গোঁসাইগাঁও নগৰ সমিতিৰ প্ৰাক্তন সভাপতি যোগেন্দ্ৰলাল চৌধুৰীৰ দ্বাদশ মৃত্যু বাৰ্ষিকী দুদিনীয়া ভিন্ন কাৰ্যসূচীৰে ৩১ মে’ত সমাপ্ত হয়। গোঁসাইগাঁও শাখা সাহিত্য সভাৰ সৌজন্যত আৰু প্ৰয়াত চৌধুৰীৰ পৰিয়ালবৰ্গৰ উদ্যোগত ২৭মে’ৰ পৰা আৰম্ভ হয় এলানি কাৰ্যসূচী।
কাৰ্যসূচীমতে গোঁসাইগাঁও মহকুমাৰ বৃহত্তৰ অঞ্চলৰ ১৮ খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ২৭মে’ৰ পুৱা ১০ বজাত অনুষ্ঠিত হয় মহকুমা ভিত্তিত এক কুইজ প্ৰতিযোগিতা। গোঁসাইগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিৰ্জয় কুমাৰ ব্ৰহ্মই উদ্বোধন কৰা কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে ক্ৰমে মনোজ কুমাৰ টুডু আৰু সঞ্জীৱ কুমাৰ ৰায়ে। কুইজ প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে গোঁসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিজয় কুমাৰ মুছাহাৰীয়ে।
পুৱা ১০ বজাৰ পৰা গোঁসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনত কঠালগুৰীস্থিত ল'য়লা স্কুলে প্ৰথম স্থান, ছেন্ট এন্থনীজ ইংলিছ হাইস্কুলে দ্বিতীয় স্থান আৰু গোঁসাইগাঁৱৰ লিটিল ষ্টাৰ স্কুলে তৃতীয় স্থান দখল কৰে।
আনহাতে ৩১ মে’ত গোঁসাইগাঁও কমলনাথ ক্লাৱ আৰু লাইব্ৰেৰীত অনুষ্ঠিত স্মৃতিচাৰণ অনুষ্ঠানত পুৱা ৯.৩০ বজাত প্ৰয়াত চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন আৰু মাল্যদান কৰে গোঁসাইগাওঁ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি জপেন্দ্ৰনাথ নাৰ্জাৰীয়ে। ১০ বজাত আয়োজিত স্মৃতিচাৰণ সভাত মুখ্য অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কামেশ্বৰ ব্ৰহ্ম আৰু গোঁসাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সাধাৰণ সম্পাদক ইশ্ৰণ নাৰ্জাৰী।
প্ৰয়াত যোগেন্দ্ৰলাল চৌধুৰীৰ জীৱনৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ তত্বসম্বলিত ব্যাখ্যাৰে সুঁৱৰি দীঘলীয়া মন্তব্য আগবঢ়ায় মুখ্য অতিথি ড° কামেশ্বৰ ব্ৰহ্ম, গোৱিন্দ ভৱন গীতা সত্ৰৰ (বৰুৱাপাৰা, ভাওৰাগুৰী) সত্ৰাধিকাৰ প্ৰেমানন্দ বৰ্মন, জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক ঈশ্ৰন নাৰ্জাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। সভাত সকলোৱে চৌধুৰীৰ স্মৃতি সোঁৱৰণ কৰি কৰি আবেগিক হৈ পৰে।


সভাৰ অন্তিম পৰ্যায়ত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দলসমুহক ট্ৰফী, কিতাপৰ টোপোলা আৰু নগত ধনেৰে পুৰস্কৃত কৰা হয়। লগতে শ্ৰেষ্ঠ দল হিচাপে স্বীকৃতি লাভ কৰা ল'য়লা স্কুলৰ কৰ্তৃপক্ষকো এটি ট্ৰফীৰে পুৰস্কৃত কৰা হয়। পৰিয়ালবৰ্গৰ হৈ বৰ বোৱাৰী অধ্যাপিকা বিভাৰাণী চৌধুৰীয়ে প্ৰয়াত চৌধুৰীক সুঁৱৰি বক্তৃতা প্ৰদান কৰে l শিল্পী নৱনীতা সূত্ৰধৰ, কনমানি শিল্পীত্ৰয় মৃগাক্ষী বাৰ্বী চৌধুৰী, প্ৰেৰণা চৌধুৰী তথা তৃষ্ণা বসুমতাৰীৰ সুললিত কণ্ঠৰ গীতে সভাসদক মুগ্ধ কৰে l
উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক কলা শাখাত গোঁসাইগাঁও মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপকক আগন্তুক ৰাভা দিৱসৰ দিনা "বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰলাল চৌধুৰী সোঁৱৰণি বটা" প্ৰদান কৰা হ'ব বুলি শাখা সাহিত্য সভাৰ সম্পাদক শংকৰ দাস আৰু পৰিয়ালবৰ্গৰ হৈ শংকৰ চৌধুৰীয়ে জানিবলৈ দিছে। সভাত শলাগৰ শৰাই আগবঢ়ায় শংকৰ চৌধুৰীয়ে l

No comments:

Post a Comment

SPONSORED