শুভমনৰ দর্শনীয় অর্ধশতক ঃ কার্তিকৰ ১৮ বলত ৪৫
কলকাতাঃ কলকাতা নাইট ৰাইডার্ডে চলিত আই পি এলৰ বৃহস্পতিবাৰ কলকাতাত অনুষ্ঠিত মেচখনত চেন্নাই ছুপাৰ কিংছক সহজেই ৬ উইকেটত পৰাস্ত কৰে। মেচ খনত কলকাতাৰ জয়ৰ মূলতেই আছিল শুভমন গীল আৰু অধিনায়ক দীনেশ কার্তিকৰ দুর্দান্ত বেটিং প্রদর্শন। চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১৭৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শুভমনৰ ৩৬ বলত অপৰাজিত ৫৭ আৰু কার্তিকৰ ১৮ বলত অপৰাজিত ৪৫ ৰানৰ সহায়ত কলকাতাই ১৭.৪ অভাৰত চাৰিটা উইকেট হেৰুৱাই প্রয়ােজনীয ৰানখিনি সংগ্রহ কৰে। নাৰিনে ৩২ ৰানৰ অৰিহণা দললৈ আগবঢ়ায়।
শুভ মন আৰু কার্তিকে পঞ্চম উইকেটৰ যুটিত অপৰাজিতভাৱে ৮৩ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰি তােলে। ইয়াৰ পূর্বে প্রথমে বেটিংকৰিবলৈ আহি ধােনীৰ ২৫ বলত অপৰাজিত ৪৩, ৱাটছনৰ ৩৬ আৰু ৰাইনাৰ ৩১ ৰানৰ সহায়ত চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই ১৭৭ ৰান সংগ্রহ কৰে। ৱাটছন আৰু ডু প্লেচিছে ইনিংছ মুকলি কৰিবলৈ আহি প্রথম উইকেটৰ যুটিত ৪৮ ৰান কৰি চেন্নাই সুন্দৰ আৰম্ভণি দিয়াৰ সময়তে ডু প্লেচিছ ব্যক্তিগত ২৭ ৰানত পেভিলিয়নমুখী হয়। ইফালে, অম্বাটি নাইডুৱে ২১ ৰান কৰে যদিও ধােনীয়ে বিস্ফোৰক বেটিং প্রদর্শন কৰি দলটোক সবল স্থিতিত উপনীত করায়।
No comments:
Post a Comment