সৰুক্ষেত্ৰীৰ বিধায়কৰ অকর্মণ্যতাৰ প্ৰতিবাদত উত্তাল ভক্তৰডবা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

সৰুক্ষেত্ৰীৰ বিধায়কৰ অকর্মণ্যতাৰ প্ৰতিবাদত উত্তাল ভক্তৰডবা

গাঁঠিৰ ধন ব্যয় কৰি জেচিবি লগাই যাতায়াতৰ বাবে সুবিধা কৰি ল'লে প্রতিবাদকাৰীয়ে 

কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন গড়কাপ্তানি পথ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ পিছতাে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই পথসমূহ মেৰামতি তথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনাে ধৰণৰ গুৰুত্ব প্রদান নকৰাৰ ফলত আজি বিধায়কগৰাকীৰ অকমণ্যতাৰ প্ৰতিবাদত উত্তাল হৈ পৰে ভক্তৰডবা।
উল্লেখ্য যে সমষ্টিটোৰ ভক্তৰডবাত অলপ বৰষুণ দিয়াৰ লগে লগে একাঁঠু পানী জমা হােৱা দেখা যায়। যাৰ ফলত বজাৰখন সদায় বােকাৰে ভৰি থাকে। বজাৰখনত স্থানীয় ৰাইজে এই বােকাৰ বাবে বজাৰৰ ভিতৰত সােমাব নােৱাৰে। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ লগতে স্থানীয় বিধায়কগৰাকীক স্থানীয় ৰাইজে পূর্বে বহুবাৰ আবেদন-নিবেদন কৰি আহিছেযদিও কোনাে ফল নিদিলে। ফলত প্রতিবাদৰ অন্তত প্রতিবাদকাৰীসকলে ধন গােটাইতথা নিজৰ পকেটৰ ধন ব্যয় কৰি জেচিবি লগাই যাতায়তৰ বাবে সুচল কৰি তােলে। প্রতিবাদৰ সময়ছােৱাত বিধায়ক জাকিৰ হুছেইন শিকদাৰ মুর্দৰ্বাদ, স্থানীয় বিধায়ক হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তােলে।
মন কৰিবলগীয়া যে বৰপেটা গড়কাপ্তানি গ্রাম্য পথবিভাগৰ অধীনত সমষ্টিটোৰ কালজাৰ বৰপেটা গড়কাপ্তানি পথ, জাৰাবাড়ী-দাৱালীয়াপাৰা গড়কাপ্তানি পথ,বৰবালা- কয়াকুছি গড়কাপ্তানি পথ, বৰবালা-কমলপুৰ-কয়াকুছি গড়কাপ্তানি পথ, কয়াকুছি-জাৰাবাৰী গড়কাপ্তানি পথ, কয়াকুছি-ফুলগুৰি-কুজাৰপীঠ গড়কাপ্তানি পথ, টাপা-খৰমা গড়কাপ্তানি পথ, ফজুবজাৰ-ভেৰাৰ ভিঠা গড়কাপ্তানি পথ, ভক্তৰডবা-সৰ্থেবাৰী গড়কাপ্তানি পথ আৰু ভক্তডবা-মােহন বজাৰ হৈ ৰাজাঘাটলৈ যােৱা পথ যাতায়াতৰ বাবে একেবাৰে অনুপযােগী হৈ পৰিছে। উক্ত গড়কাপ্তানি পথসমূহ জৰাজীৰ্ণ হােৱাৰ কাৰণে অঞ্চলকেইটাত উন্নত চিকিৎসা কৰাৰ বাবে ৰােগীসকলক নিয়াৰ বা এম্বুলেন্স সেৱাৰ পৰাও ৰাইজ বঞ্চিত হৈছে। কয়াকুছি কুজাৰপীঠ আৰু কয়াকুছি-ভক্তৰডবা গড়কাপ্তানি পথ অলপ মেৰামতি কৰিছে যদিও একেবাৰে নিম্নমানৰ কামহে হােৱা দেখা গৈছে।


স্মর্তব্য যে সমষ্টিটোৰ এনে বিধ্বস্ত বাট-পথ মেৰামতিৰ দাবীত কিছুদিন পূর্বে স্থানীয় ৰাইজে গড়কাপ্তানি পথৰ ওপৰত ইৰি ধান ৰুই প্রতিবাদ সাব্যস্ত কৰে। সেই প্রতিবাদ কাৰ্যসূচীৰ নেতৃত্ব বহন কৰা এগৰাকী যুৱকক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰাৰ বাবে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে নিজৰ সাংগাে-পাংগাে লৈ প্রাণে মৰাৰ চেষ্টা চলােৱাৰ অভিযােগ আছে আৰু উক্ত ঘটনা সন্দৰ্ভত এক গােচৰ ৰুজু হৈ আছে।

No comments:

Post a Comment

SPONSORED