কাজিৰঙা উত্তাল কৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

কাজিৰঙা উত্তাল কৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে

অসমীয়া জাতিৰ স্বাভিমানক কোনাে কোম্পানীৰ হাতত এৰি দিবলৈ দিয়া নহব

কাজিৰঙাঃ অসমৰ পর্যটন বিভাগে ৰাজ্যৰ ঐতিহক্ষেত্ৰসমূহৰ চোৱা-চিতাৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰােধীতা কৰি প্রতিবাদ সাব্যস্ত কৰিছে। অসমৰ ঐতিহ্যক্ষেত্ৰসমূহৰ দায়িত্ব কোনােপধ্যেই ব্যক্তিগত খণ্ডক প্রদান কৰা নহ'ব বুলি হুংকাৰ দি দল-সংগঠনসমূহে তাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিছে । ইফালে কৃষক নেতা অখিল গগৈয়ে বৃহস্পতিবাৰে সংবাদমেলত পর্যটন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ কথা ঘােষণা কৰাৰ পিছতে শুকুৰবাৰে কজিৰঙাৰ কঁহৰা চাৰিআলিত কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদ সাব্যস্ত কৰে।
অসমৰ আপুৰুগীয়া ঐতিসমূহ অসমীয়াৰ সম্পদ হৈ থকাৰ স্বাৰ্থত আৰু পর্যটন বিভাগে ব্যক্তিগত খণ্ডক চোৱা-চিতাৰ দায়িত্ব প্রদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অখিল গগৈ, কৃষক মুক্তি সংগ্রাম সমিতিৰ অন্য এজন উপদেষ্ঠা বেদান্ত লস্কৰ , নাৰী মুক্তি সংগ্রাম সমিতিৰ সভানেত্রী বিমলা গগৈ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত সহস্রাধিক কৃষক আৰু ছাত্ৰই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাৰ মূল প্রবেশদ্বাৰত প্ৰৱল প্রতিবাদ সাব্যস্থ কৰে।
সহস্রাধিক প্রতিবাদকাৰীয়ে " অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোম্পানীক এৰি দিয়া নহব " , "আমাৰ ঐতিহ ক্ষেত্ৰত ব্যক্তিগত কোম্পানীৰ সস্থক্ষেপ নচলিব ", "ৰাজ্যৰ সম্পদৰ ওপৰত কেন্দ্রৰ খবৰদাৰী বন্ধ কৰক , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এৰি দিয়া নহব , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনাে কোম্পানীক সােমাবলৈ দিয়া ন'হব , "কোম্পানীৰ দালালি কৰা কেন্দ্রীয় চৰকাৰ মুর্দাবাদ আদি শ্লোগানেৰে কাজিৰঙা উত্তাল কৰি তােলে। প্রতিবাদকাৰীসকলে ৰাজপথৰ এচোৱা দখল কৰি প্রায় দুই ঘন্টা সময় ধর্ণা কার্যসূচী ৰূপায়ণ কৰে।
কাৰ্যসূচীৰ মাজতে অনুষ্ঠিত প্রতিবাদী সভাত ক্ৰমে বক্তব্য দাঙি ধৰে কৃষক মক্তিৰ উপদেষ্টা বেদান্ত লস্কৰ , ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বিদুৎ শইকীয়া , নাৰী মুক্তি সংগ্রাম সমিতিৰ সভানেত্রী বিমলা গগৈ, কাজিৰঙা জিপ চাফাৰী সন্থাৰ উপদেষ্টা পােণেন গগৈ , কৃষক মুক্তি সংগ্রাম সমিতিৰ জিলা সভাপতি ধর্মেশ্বৰ শইকীয়া, সাধাৰণ সম্পাদক ৰতন দাৱ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদষ্টা অখিল গগৈ। অখিল গগৈয়ে প্রতিবাদী সভাখনত কয় যে অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক , বিশ্ব ঐতিৰ্য্য ক্ষেত্ৰ আৰু বিশ্বত অসমীয়া জাতিৰ চিনাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোনাে কোম্পানীক তুলি লবলৈ দিয়াৰ প্রশ্নই উঠিব নােৱাৰে।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল গেটলৈ আঙুলিয়াই দেখােৱাই কয় যে এই গেটখনত " বিশ্ব ঐতির্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান " ৰ তলতেই যদি "এডপ্তেড বাই " আমােক কোম্পানী বুলি যদি লিখে তেন্তে অসমীয়া জাতিৰ আত্মসম্মানত আঘাট সানিব । কাজিৰঙা পৃতিহাৰা বা মাতৃহাৰা হােৱা নাই যে ইয়াক কোনােবাই তুলি ল'ব । কাজিৰঙাৰ পিতৃ মাতৃ অসমৰ জনগণ আৰু সেই জনগণৰ এতিয়াও মৃত্যু হােৱা নাই।
তাৰােপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনেও কোনাে ধৰণৰ নিৰ্মাণ কার্য কৰিব নােৱাৰে। ভাৰতীয় বন আইনে ইয়াক অনুমতি নিদিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ ডাঙৰ সমস্যাটো হল ইয়াৰ খহনীয়া আৰু এই সমস্যাক কোনাে কোম্পানীয়ে সমাধান কৰিব নােৱাৰে ইয়াক সমাধান কৰিব পাৰিব কেৱল চৰকাৰে কাজিৰঙাৰ ভিতৰত যেনেকৈ কোনাে নির্মাণ কার্য কৰিব নােৱাৰি ইয়াৰ কাষৰ পাজৰৰ এলেকাটো যধে মধে নির্মাণ কার্য কৰিব নােৱাৰে কাৰণ সেইবােৰ এলেকা বন্য জন্তু অহা যােৱা কৰা পথ।
গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু তাৰ কাষৰে পাজৰে কোনাে কোম্পানীয়ে কোনাে নির্মাণকার্য কৰাৰ কোনাে অৱকাশেই নাই। তেনে স্থলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এডপ্ত কৰা বা তুলি লােৱাৰ প্ৰয়ােজনিয়তা কত ? তেও কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আঁতৰত পর্যটক সকলৰ কাৰণে কিছু আন্তঃগাঁথনি তৈয়াৰ কৰা আৰু পর্যটকসকলৰ অৱসৰ বােনােদন আৰু মনােৰঞ্জনৰ বাবে আৰু তেওঁলােকক অসমীয়া জাতিৰ সভ্যতা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিবলৈ যিবােৰ কাম কৰাৰ দৰকাৰ সেইবােৰৰ বাবে কম্পানীৰ অনুগ্রহৰ কোনাে প্রয়ােজন নাই। মাত্র কেই কোটি মান টকাতেই অসম চৰকাৰে সেইবােৰৰ আন্ত:গাথনি গঢ়ি তুলিব পাৰে ।


ইয়াকে কৰাৰ পৰিৱর্তে কোম্পানীৰ হাতত অসমৰ জাতীয় গৌৰৱ তথা অসমীয়া জাতিৰ স্বাভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক গতাই দিয়াৰ সু পৰিকল্পিত ষড়যন্তৰে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে " এডপ্ত এ হেৰিটেজ " নামৰ আঁচনি গ্ৰহণ কৰিছে । মােডী চৰকাৰে ইতিমধ্যেই ভাৰতবৰ্ষৰ কেইবাটাও চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ চৰকাৰী শিল্প প্রতিষ্ঠান বিদেশী কম্পানীৰ হাতত গতাই দিছে।
মােডী চৰকাৰে অসমৰাে কেইবাটাও বৃহৎ ক্ষতি সাধন কৰিছে । বিশেষ ৰাজ্যৰ মর্যাদা কৰ্তন আৰু হিন্দু বাংলাদেশী নিমন্ত্রণ কৰাৰ পৰিকল্পনাৰে জাতীয় ক্ষতি সাধন কৰিছে ৷ এইবাৰ আমাৰ বিশ্ব ঐতিৰ্য্য ক্ষেত্ৰ আৰু অসমীয়া জাতিৰ ঐতিসাহিক কীর্তি চিহ্ন সমূহ দেশী বিদেশী কম্পানীৰ হাতত গতাই দিব খুজিছে। এইয়া অসমীয়া জাতিৰ ওপৰত আক্ৰমণ আৰু তাক আমি প্ৰতিৰােধ কৰিবই লাগিব অখিল গগৈৰ বক্তব্যৰ পিছতেই সহস্রাধিক কৃষক ছাত্রই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোম্পানীক এৰি নিদিয়াৰ সংকল্প বাক্য পাঠ কৰে । তাৰ পাছতেই কৃষক মুক্তি সংগ্রাম সমিতিৰ কেন্দ্ৰীয় সমিতি আৰু গােলাঘাট জিলা সমিতিৰ দুখন সুকীয়া সুকীয়া স্মাৰক পত্ৰ কেন্দ্ৰীয় চৰকাৰৰ পর্যটন আৰু সাস্কৃতিক মন্ত্রী ড° মহেশ শর্মা , অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু পর্যটন মন্ত্রী চন্দন ব্রক্ষ্মলৈ প্ৰেৰণ কৰে৷

No comments:

Post a Comment

SPONSORED