আয়তীক যুৱকৰ প্ৰহাৰ : গণককুছি নসত্ৰত শ্ৰীশ্ৰীবাসুদেৱ দেৱালয়ত অঘটন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

আয়তীক যুৱকৰ প্ৰহাৰ : গণককুছি নসত্ৰত শ্ৰীশ্ৰীবাসুদেৱ দেৱালয়ত অঘটন

বৰপেটা : বৰপেটা চহৰৰ গণককুছিন-সত্ৰৰ শ্ৰীশ্ৰীবাসুদেৱ দেৱালয়ত কালি আয়তীৰ এটা দলক এজন যুৱকে প্ৰহাৰ কৰা বুলি অভিযােগ উত্থাপন হােৱাৰ ঘটনাই চৌদিশে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। যুৱকজনৰ প্ৰহাৰত আহত হােৱা মহিলাগৰাকী পূব বৰপেটা অঞ্চলৰ ঔমূৰা গাঁৱৰ মৃত সনাতন পাঠকৰ পত্নী কমলা পাঠক বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভূক্তভােগী মহিলাগৰাকীৰ পৰিয়ালে আজি বৰপেটা সদৰ থানাত এখন এজাহাৰ দখিল কৰিছে। এজাহাৰত উল্লেখ কৰা অনুসৰি, ঔমূৰা গাঁওখনৰ পৰা কালি প্রায় পােন্ধৰজনীয়া আয়তীৰ এটা দলে বৰপেটা গণককুছিৰন-সত্ৰৰ শ্ৰীশ্রীবাসুদেৱ দেৱালয়ত ভােগ-প্রসাদ দিবলৈ অহাৰ সময়তে গণককুছিনসত্ৰৰ মৃত হেমকান্ত দাসৰ পুত্ৰ গুণজিৎ দাসে আগভেটি ধৰি অশ্লীল ভাষাৰে গালি-গালাজ কৰে৷
যুৱক গৰাকীৰ এনে কাণ্ডত আয়তীৰ দলটোৱে ভীতিগ্রস্ত হৈ পৰে আৰু তেওঁক আঁতৰি যাবলৈ অনুৰােধ জনায়। ইয়াৰ পিচতোে যুৱকজনে নানা দুর্ব্যৱহাৰ কৰে যদিও আয়তীৰ দলটোৱে দেৱালয়খনত ভােগঠগী প্রদান কৰি মাংগলিক কার্যখিনি সম্পন্ন কৰে। দেৱালয়খনত মাংগলিক কার্যখিনি সম্পন্ন কৰি আয়তীৰ দলটোৱে উভটাৰ সময়তে যুৱকজনে পুনৰ আগভেটি ধৰিনানা অশঅলীল গালি-গালাজ আৰু দুৰ্যৱহাৰ কৰে৷
যুৱকজনৰ এনে আচৰণত শংকিত হৈ পৰা আয়তীসকলে তেওঁক আঁতৰি যাবলৈ বাৰে বাৰে অনুৰােধ কৰে যদিও গুণজিৎ দাসে অধিক উত্তেজিত হৈ আয়তীৰ দলটোক খেদি গৈ কমলা পাঠকক প্রচণ্ড চৰ শােধায়। যুৱকজনৰ প্ৰহাৰত কমলা পাঠক লগে লগে মাটিত ঢলি পৰে।
ইয়াৰ পিচতে যুৱকজনে কমলা পাঠকক পুনৰ প্ৰহাৰ কৰে যদিও আয়তীসকলে যােৱা ই-ৰিক্সাৰ চালকজনে গৈ বাধা প্রদান কৰে। এই ঘটনাৰ পিচতে আয়তীৰ দলটোৱে শ্ৰীশ্ৰীবাসুদেৱ দেৱালয়ৰ সত্ৰাধিকাৰ নৃপেন্দ্র নাথ গােস্বামীৰ বাসগৃহত উপস্থিত হৈ সকলাে কথা বিবৰি কয় আৰু ঘটনাৰ উচিত বিচাৰৰ দাবী জনায়। আয়তীসকলৰ এই ঘটনাত সত্ৰাধিকাৰ গৰাকীয়ে দুখ প্ৰকাশ কৰি যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
এই ঘটনাৰ পিচত আয়তীৰ দলটোৱে নিজ গাঁও ঔমূৰাত গৈ সমগ্র বিষয়টো বিবৰি কোৱাত ৰাইজৰ নেতৃস্থানীয় লােকে আলােচনা কৰি যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি, আজি কমলা পাঠকৰ পৰিয়ালে বৰপেটা সদৰ থানাত ঘটনা সংক্রান্তত এখন এজাহাৰ দাখিল কৰিছে।

No comments:

Post a Comment

SPONSORED