নতুন দিল্লী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি ‘এক্ট ইষ্ট পলিচি’ ৰূপায়নৰ ওপৰত আয়ােজিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সকলৰ মত-বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রী সুষমা স্বৰাজৰ অধ্যক্ষতাত নতুন দিল্লীত এই মত-বিনিময় বৈঠক অনুষ্ঠিত হয়। বৈঠকত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এক্ট ইষ্ট পলিচি ৰূপায়নৰ দিশত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে উত্তৰপূর্বাঞ্চলক প্রাণকেন্দ্ৰ বুলি অভিহিত কৰিছেবুলি কয়। এক্ট ইষ্টপলিচি ৰূপায়নৰ জৰিয়তে আছিয়ান দেশসমূহৰ জনসাধাৰণৰ সৈতে প্রত্যক্ষ সংযােগ, ব্যৱসায় তথা অন্যান্য সম্পর্ক সুদৃঢ় হােৱাৰ পথ মুকলি হ’ব বুলি উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ এক্ট ইষ্ট পলিচিৰূপায়নৰ ক্ষেত্ৰত থকা ভৌগােলিক অৱস্থানৰ সুবিধাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে কয়। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে চুবুৰীয়া দেশসমূহৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ৪৫০০ কিঃমিঃ আন্তর্জাতিক সীমান্তত থকা দিশটোৱে এই অঞ্চলটোক এই দেশসমূহৰ সৈতে বাণিজ্যিক, পর্যটন আৰু সাংস্কৃতিক বিনিময়ৰ যথেষ্ট সুবিধা প্রদান কৰিছে বুলিও কয়।
বিভিন্ন বিনিয়ােগকাৰী সকলৰ পৰা ৭৯ হাজাৰ কোটি টকাৰ বিনিয়ােগৰ প্রতিশ্রুতিৰে এভান্টেজ আসাম শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলন অনুষ্ঠিত কৰা, ষ্টেট কেপিটেল ৰিজন ঘােষণা, গুৱাহাটীত টুইন টাৱাৰৱৰ্ল্ড ট্রেড চেন্টাৰ স্থাপনৰ পদক্ষেপ ইত্যাদিৰ লেখীয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ওপৰত আলােকপাত কৰি এই পদক্ষেপ সমূহৰ জৰিয়তে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূর্বাঞ্চলে আছিয়ান দেশসমূহৰ বজাৰ দখলৰ সুবিধা প্রদানেৰে অঞ্চলটোক দেশৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তােলাৰ দিশতাে বহুলাংশে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সৈতে যােগাযােগ আন্তঃগাঁথনিৰ অধিক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই অঞ্চলৰ বায়ু পৰিবহন, পথপৰিবহন, জল পৰিবহন, ৰেল আৰু তথ্য প্রযুক্তি আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে আহ্বান জনায়। দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ ৰাজধানীসমূহৰ সৈতে এই অঞ্চলৰ প্রত্যক্ষ বিমান যােগাযােগ সেৱা প্ৰাৰম্ভণ হলে এই অঞ্চলটো বিনিয়ােগৰ এক আকর্ষণীয় স্থলী হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা ছিংগাপুৰ, ঢাকা, বেংকক, ইয়াংগুণ আদি ঠাই সমূহলৈ প্রত্যক্ষ বিমান সেৱা আৰম্ভ কৰাৰ বাবে অসম চৰকাৰে ইয়াৰ বাবে ১০০ কোটি টকাৰ প্রতিশ্রুতি প্রদানৰ উপৰি আছিয়ান-ইণ্ডিয়া পুঁজিৰ পৰা ১০০ কোটি টকা প্রদান কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ক অনুৰােধ জনায়।
বৈঠকত মুখ্যমন্ত্ৰীয়ে আছিয়ান ট্রাইলেটাৰেল হাইৱেৰ ক্ষীপ্রভাৱে সম্পন্ন কৰাৰ উপৰি চীনৰ কুনমিঙলৈকে ষ্টীলৱেল পথৰ পুনৰ মুকলি কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে। মুখ্যমন্ত্ৰীয়ে বৰাক, ব্রহ্মপুত্র আৰু কুশিয়াৰা নদী খননৰ জৰিয়তে বাংলাদেশৰ চিত্তগঞ্জ আৰু মঙ্গলা বন্দৰলৈকে জল পৰিবহন সূচলতৰ কৰা দিশটোৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে।
এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে উন্নত যােগাযােগ আন্তঃগাঁথনিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনে বহন কৰা পৰ্যটনৰ সম্ভাৱনীয়তাখিনি বিকশাই তােলাৰ দিশত যথেষ্ট সহায়ক হ'ব। ইয়াৰ উপৰি দক্ষিণ-পূর্ব এছিয়াৰ দেশসমূহৰ ৰােগীয়ে গুৱাহাটী আৰু ইম্ফলৰ লেখীয়া ঠাইত অৱস্থিত উন্নত চিকিৎসা কেন্দ্র সমূহত উন্নত চিকিৎসাৰ বাবে অহাৰাে সম্ভাৱনীয়তা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ জৰিয়তে নিয়ােজনৰ সুবিধা বৃদ্ধি হােৱাৰ লগতে এই অঞ্চলৰ চিকিৎসা আন্তঃগাঁথনি উন্নীতকৰণৰ দিশতাে বিশেষ উদগণি যােগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
গুৱাহাটীত বাংলাদেশ আৰু ভূটানৰ বাণিজ্যিক দূতাবাসৰ কার্যালয় স্থাপনৰ দিশত বিশেষ উদ্যোগ লােৱাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্রী সুষমা স্বৰাজক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনােৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বর্ণিল সাংস্কৃতিক বৈভৱ, হস্ততাত আৰু হস্তশিল্প, ঔদ্যোগিক আৰু পৰ্যটনৰ সম্ভৱনীয়তাখিনি উপযুক্ত ৰূপত তুলি ধৰাৰ বাবে আছিয়ান দেশসমূহৰ অন্তৰ্গত প্রতিখন দেশতে উত্তৰ-পূব মহােৎসৱ অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল’বলৈও আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে আছিয়ান দেশসমূহৰ পৰা ভ্রমণ কৰা পর্যটক সকলৰ বাবে ভিছাৰ নিয়মাৱলী সৰলীকৰণ, উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীসমূহত ভিছা অন এৰাইভেল, ৰেষ্ট্রিকটেড এৰিয়া পার্মিটৰ শিথিলকৰণৰ ব্যৱস্থা লােৱাৰ বাবেও বৈদেশিক পৰিক্ৰমা মন্ত্রীক আহ্বান জনায় যাতে এই দেশসমূহৰ পৰা উত্তৰ-পূর্বাঞ্চল ভ্রমণৰ বাবে অহা পর্যটক সকলে কোনাে আহুকালৰ সন্মুখীন নােহােৱাকৈ এই অঞ্চল ভ্রমণ কৰিব পাৰে।
উত্তৰ-পূর্বাঞ্চলক তথ্য প্রযুক্তিৰ হাব হিচাপে গঢ়ি তােলাৰ বাবে বাংলাদেশ কক্স বজাৰস্থিত ইন্টাৰনেশ্যনেল গেটৱেৰ পৰা ক্ষীপ্র ইন্টাৰনেট সেৱা সংযােগ ব্যৱস্থা স্থাপনৰ দিশত ক্ষীপ্র পদক্ষেপ লােৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে তালিকাভূক্ত বাণিজ্যিক পদাৰ্থৰ বাধা আতঁৰােৱাৰ উপৰি সূতাৰকান্দি আৰু ম'ৰেৰ লেখীয়া সীমান্ত বাণিজ্যিক কেন্দ্র সমূহৰ উন্নীতকৰণৰ ব্যৱস্থা গ্রহণৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে।
No comments:
Post a Comment