আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ’– ধ্বনিৰে পুনৰ উত্তাল ৰাজ্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ’– ধ্বনিৰে পুনৰ উত্তাল ৰাজ্য


গুৱাহাটী ব্যুৰ’ : ‘আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ’– ধ্বনিৰে পুনৰ উত্তাল হ’ল তিনিচুকীয়া৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি তিনিচুকীয়াত বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰি উত্তাল কৰি তোলে আছুৱে৷ আছুৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত গ্রহণ কৰা প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা ৰাইজে তিনিচুকীয়া নগৰ বিভিন্ন শ্ল’গান দি কঁপাই তোলে৷ আছুৰ কার্যালয়ৰ সন্মুখৰ পৰা সমদল কৰি তিনিচুকীয়া নগৰ পৰিভ্রমণ কৰি থানা চাৰিআলিত বিক্ষোভ প্রদর্শন কৰে৷ সমদলটোৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক হিমেন ভট্টাচার্যই৷ সমদলৰ অন্তত থানা চাৰিআলিতে এখন পথসভা অনুষ্ঠিত কৰে৷ সভাত সদৌ মৰাণ ছাত্র সন্থা, কর্মচাৰী পৰিষদ, সাহিত্য সভা, আটাছু, মটক যুৱ-ছাত্র সন্মিলন, মটক ছাত্র সন্থা, চলিহা-বৰদলৈ নগৰ বাসিন্দা সন্থা, তিনিচুকীয়া নগৰৰ বিভিন্ন ব্যৱসায়ী সন্থা, কৃষক মুক্তি সংগ্রাম সমিতি আদি কুৰিটাতকৈও অধিক সংগঠনৰ নেতাই অংশগ্রহণ কৰে৷ তিনিচুকীয়া আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁয়ে আঁত ধৰা সভাত সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহঁায়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পর্যন্ত প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ কথা সদৰী কৰে৷ আজিৰ প্রতিবাদী কার্যসূচীটোলৈ তিনিচুকীয়া নগৰৰ ব্যৱসায়ীসকলে ব্যাৱসায়িক প্রতিষ্ঠান বন্ধ কৰি অংশগ্রহণেৰে সমর্থন আগবঢ়ায়৷প্রতিবাদৰ অন্তত বিষয়টোৰ সন্দর্ভত এখন স্মাৰক-পত্র প্রদান কৰে৷

ৰঙাপৰাত আছুৰ অনশন

সদৌ অসম ছাত্র সন্থাৰ আহবান মর্মে আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰঙাপৰা আঞ্চলিক ছাত্র সন্থাই জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত এক অনশন কার্যসূচী ৰূপায়ণ কৰে৷ পুৱা ছয় বজাৰে পৰা ৰঙাপৰা চহৰৰ মাজমজিয়াত আছুৰ শতাধিক কর্মীয়ে বিধেয়কখনৰ বিৰোধিতাৰে এই অনশন কার্যসূচী ৰূপায়ণ কৰে৷

ৰাজপথলৈ ওলাল ছৈখোৱাৰ ৰাইজ

আজি ছৈখোৱা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৰূপায়িত গণ বিক্ষোভ কার্যসূচীত আছুৰ কেন্দ্রীয় সমিতিৰ সাংগঠনিক সম্পাদক দিপংকৰ সোণোৱালে কেন্দ্রীয় চৰকাৰৰ ষড়যন্ত্রক তীব্র সমালোচনা কৰে৷ আজি পুৱা ছৈখোৱা আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত স্থানীয় বিভিন্ন দল-সংগঠনৰ সহযোগত পাঁচ সহস্রাধিক লোকে বিধেয়কৰ বিৰোধিতাত ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰে৷

মার্ঘেৰিটাৰ লামাগাঁও আৰু উলুপত আছাৰ জোঁৰ সমদল

সদৌ অসম আদিবাসী ছাত্র সন্থাই আজি সন্ধিয়া মার্ঘেৰিটাৰ দুটা অঞ্চলত একে সময়ত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ আছাৰ মার্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া ৬ বজাৰ পৰা লামাগাঁও শাখাৰ উদ্যোগত লামাগাঁও আৰু ডুমপানী শাখাৰ সহযোগত উলুপত জোঁৰ সমদল উলিয়ায়৷ সমগ্র লামাগাঁও পৰিভ্রমণ কৰি ডিৰক তিনি নং ফিল্ডত প্রতিবাদী কার্যসূচীৰ সামৰণি পৰে৷ আনহাতে, উলুপত কৰা জোঁৰ সমদল উলুপ তিনিআলিত সামৰণি পৰে৷ আছা-নেতা ৰামানুচ লাক্রাই জনায় যে সমস্যাসমূহ সমাধানৰ দাবী জনোৱাৰ লগতে ৰাইজক সমস্যাসমূহ সন্দর্ভত সজাগ কৰা আজিৰ প্রতিবাদী কার্যসূচীৰ অন্যতম উদ্দেশ্য৷

কাকপথাৰত আছুৰ গণ বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা অসম চুক্তিক নির্দিষ্ট সময়ৰ ভিতৰত কার্যকৰী কৰাৰ লগতে অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু অবৈধ বাংলাদেশী বহিষ্কাৰ কৰিবলৈ ভাৰত-বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবীত সদৌ অসম ছাত্র সন্থাৰ নির্দেশ মর্মে কাকপথাৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত আজি কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা ফৰেষ্ট গে’টলৈকে এক প্রতিবাদী বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷ কেন্দ্রীয় চৰকাৰখনে অসমৰ ওপৰত হিন্দু বাংলাদেশীৰ বোজা জাপি দিবলৈ লোৱাৰ প্রতিবাদ কৰি বাংলাদেশী গ’ বেক, তুমি যদি অসমীয়া আমাৰ লগত যোগ দিয়া, কেন্দ্রীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে তিনি সহস্রাধিক লোকে কাকপথাৰৰ আকাশ-পাতাল কঁপাই তোলে৷

মার্ঘেৰিটাত আছুৰ প্রতিবাদী সমদল

তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বাতিল তথা অসমত অবৈধ বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি মার্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ নেতৃত্বত শতাধিক লোকে প্রতিবাদ সাব্যস্ত কৰি মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰে৷ মার্ঘেৰিটা আঞ্চলিক ছাত্র সন্থাৰ সভাপতিসম্পাদক ক্রমে চিন্তু গগৈ আৰু প্রশান্ত গগৈৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্রতিবাদী কার্যসূচীত মার্ঘেৰিটাৰ প্রাক্তন আছু-নেতা দেৱজিত বৰুৱা, সুৰভি মহিলা সমিতি মার্ঘেৰিটাৰ লগতে বিভিন্ন দল-সংগঠন তথা স্থানীয় লোকে সহযোগিতা আগবঢ়ায়৷ প্রতিবাদী কার্যসূচীৰ অন্তত মহকুমাধিপতি কার্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় প্রতিবাদী সভা৷ আনহাতে, আছু-নেতা বিচিত্র সোণোৱাল পর্যবেক্ষক হিচাপে উপস্থিত থাকে৷

ওদালগুৰিত আছুৰ বিক্ষোভ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ওদালগুৰিৰ ৰাজপথ উত্তাল হৈ পৰে৷ ওদালগুৰি আছুৰ উদ্যোগত বিষ্ণু ৰাভা কৃষ্টি সংঘ প্রাংগণত বিধেয়ক বাতিলৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়িত হয়৷ আছুৰ কেন্দ্রীয় কার্যনির্বাহক বিতোপণ দাস, আছুৰ জিলা সভাপতি প্রাঞ্জল পাটোৱাৰীৰ উপস্থিতিত বিক্ষোভ কার্যসূচীত চাওতালী ছাত্র সন্থা, আক্রাছু, ৰিক্স সন্থা, অসম মহিলা নির্যাতিতা মঞ্চ, শ্রীমন্ত শঙ্কৰদেৱ সেৱা সমিতি, মহিলা সমিতি, সাহিত্য সভা আদি বিভিন্ন সংগঠনৰ নেতৃবৃন্দই অংশগ্রহণ কৰে৷

তেজপুৰত বিশাল প্রতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত আজি পুনৰ প্রতিবাদমুখৰ হৈ পৰে তেজপুৰ৷ তেজপুৰ জনসাংস্ৃকতিক পৰিষদৰ আহবানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি ৰাজপথলৈ ওলাই আহে তেজপুৰৰ কবি-সাহিত্যিক-সাংস্ৃকতিক কর্মীসকল৷ তেজপুৰ জনসাংস্ৃকতিক পৰিষদৰ সম্পাদক মানস প্রতীম শর্মাই স্মাৰক-পত্র আৰু গণ স্বাক্ষৰ পত্র পাঠ কৰাৰ পাছতেই সভানেত্রী ৰাজু বৰুৱাই আঁতধৰা প্রতিবাদী সমদলটো তেজপুৰৰ ৰাজপথেৰে জিলা উপায়ুক্তৰ কার্যালয়লৈ আগবাঢ়ে৷ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ অৱনী শর্মা, মহেন্দ্র কেওট, বিশিষ্ট শিক্ষাবিদ-লেখিকা মৃণালী চেতিয়া, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, সুখ্যাত লেখিকা গীতা উপাধ্যায়, ইতিহাসবিদ মাধৱ চন্দ্র দাস, পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভাৰ নৱ-নির্বাচিত সম্পাদিকা শশীপ্রভা মিশ্র, শিল্পী চাবিৰ আলী, বিশিষ্ট কবি খনীন নাথ, শিক্ষাবিদ ড০ ভূৱনেশ্বৰ চহৰীয়া, সংগঠক নীলকান্ত শর্মা, ৰুবুল শর্মা, শ্রমিক-নেতা অশোক দাস, লেখিকা সবিতা বেজবৰুৱাৰ উপৰি তেজপুৰৰ গৰিষ্ঠ সংখ্যক বিশিষ্ট নাগৰিকে অংশগ্রহণ কৰা সমদলে অসমীয়া জাতিক হিন্দু জাতি কৰাৰ ষড়যন্ত্র নকৰিবলৈ আৰু ‘অসম চুক্তি’ৰ আধাৰত হোৱা নাগৰিকপঞ্জীৰ কাম বিঘ্নিত নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ আজি স্মাৰক-পত্র প্রেৰণ কৰিছে ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সন্থাই৷ ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সন্থাৰ ভাৰপ্রাপ্ত সভাপতি মাণিক বৈশ্য, সাধাৰণ সম্পাদক অতুল শইকীয়া আৰু মুখপাত্র ৰমেশ চন্দ্র বৰাৰ স্বাক্ষৰত ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সন্থাই স্মাৰক-পত্রখন ঢেকীয়াজুলি চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রেৰণ কৰে৷

নগাঁৱত বিক্ষোভ কার্যসূচী

নগাঁও আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত নগাঁও জিলা সাহিত্য সভা, নগাঁও সদৰ আঞ্চলিক কর্মচাৰী পৰিষদ, নগাঁও জিলা কবি সন্মিলন, সদৌ তাই আহোম ছাত্র সন্থা নগাঁও সদৰ সমিতি, সদৌ তিৱা ছাত্র সন্থা সদৰ সমিতি, চাহ জনগোষ্ঠী ছাত্র সন্থা সদৰ সমিতিৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ সদৰ সমিতিৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণ বিক্ষোভ কার্যসূচীৰে নগাঁও চহৰত এক প্রতিবাদী সমদল বাহিৰ হয়৷ আজি প্রায় ১০০০ ছাত্র-ছাত্রীৰ লগতে বিভিন্ন দল-সংগঠনৰ আৰু নগাঁওবাসীৰ সহযোগত গণ বিক্ষোভে ৰাজপথ উত্তাল কৰি অসমৰ খিলঞ্জীয়া জাতিসত্তাৰ শেষ বিন্দু তেজ থকালৈকে এই জাতি ধবংসী বিধেয়কখন কোনো কাৰণত অসমত বলৱৎ কৰিব দিয়া নহ’ব বুলি নগাঁও আঞ্চলিক ছাত্র সন্থাই সজোৰে দাবী উত্থাপন কৰে৷

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ অৱস্থান ধর্মঘট, শিল্পীৰ কণ্ঠত প্রতিবাদী সুৰ

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ উদ্যোগত বিভিন্ন দল-সংগঠনৰ সহযোগত আজি দুঘণ্টীয়া অৱস্থান ধর্মঘটেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ তীব্র বিৰোধিতা কৰা হয়৷ বিভিন্ন ছাত্র সংগঠন, জ্যেষ্ঠ নাগৰিক সন্থা, জিলা পেঞ্চনাৰ সন্থা, গোৱালপাৰা লেখিকা সমাৰোহ, আঞ্জুমান-ই-খাদিমূল ইছলাম, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ, গোৱালপাৰা বাৰ এছচিয়েশ্যন, জিলা কর্মচাৰী পৰিষদ, সদৌ অসম দামোদৰ সংঘ, পপুলাৰ ফ্রণ্ট অব৲ ইণ্ডিয়া, গোৱালপাৰা জিলা, শিক্ষাবিদ- শিল্পী-সাহিত্যিক-সমাজকর্মীকে ধৰি সচেতন ৰাইজৰ অংশগ্রহণেৰে অনুষ্ঠিত অৱস্থান ধর্মঘটত জিলা সাংবাদিক সন্থাৰ সভাপতি দিলীপ কুমাৰ শর্মাই জাতিধবংসী, সাম্প্রদায়িকতা সৃষ্টিকাৰী বিধেয়কখনৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহবান জনায়৷
আছুৰ জিলা সম্পাদক জিতুমণি ভূঞা, আমছুৰ জিলা সভাপতি আনিমূল হক চৌধুৰী, ছাত্র মুক্তি সংগ্রাম সমিতিৰ জিলা সভাপতি আমিনুল হক, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ জিলা সভাপতি ছাইফুল ইছলাম, জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক বীৰেন ওজা, উপদেষ্টা ড০ কাছিম আলী আহমেদ, জিলা পেঞ্চনাৰ সন্থাৰ সম্পাদক নৃপেন ভূঞা, গোৱালপাৰা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা জেচমিনা চুলতানা, শিক্ষাবিদ ৰমাকান্ত বৰুৱা, জ্যেষ্ঠ অধিবক্তা জিতেন দাস, জিলা কর্মচাৰী পৰিষদৰ সম্পাদক শৰৎ দাস, সদৌ অসম দামোদৰ সংঘৰ কার্যনির্বাহক সদস্য মাণিক দাস, সমাজকর্মী ননী দাস, শৈলেন দাসে বিধেয়কখনৰ তীব্র বিৰোধিতা কৰে৷ যুৱ শিল্পী অসীম নাথে স্বৰচিত সুৰোপিত স্বদেশ প্রেমমূলক গীত এটিৰে আইনখনৰ বিৰোধিতা কৰে৷ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত অনুষ্ঠিত অৱস্থান ধর্মঘটৰ পাছত সন্থাৰ সভাপতি-সম্পাদকৰ নেতৃত্বত যোৱা প্রতিনিধি দলে উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রী আৰু যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষলৈ প্রেৰণ কৰে৷

ধেমাজিত জাতীয়তাবাদী যুৱ পৰিষদৰ প্রতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু আকাশলংঘী পেট্রল-ডিজেলৰ দাম বৃদ্ধি হ্রাস কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত সমূহীয়া মুণ্ডন আৰু শ্মশান-যাত্রা কার্যসূচীৰে এক প্রতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ সভাপতি মিণ্টু গগৈ আৰু সম্পাদক যাদৱ নাথৰ স্বাক্ষৰিত এখন স্মাৰক-পত্র ধেমাজিৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীলৈ প্রেৰণ কৰে৷

পুৰণিগুদামত চি পি আই-এমৰ সজাগতা সভা

পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচচতৰ মাধ্যমিক বিদ্যালয়ত কালি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে চি পি আই-এমৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ বিশিষ্ট সাহিত্যিক, প্রবীণ সাংবাদিক ফণীন্দ্র নাথ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে প্রাক্তন শিক্ষক তথা চি পি আই-এমৰ নেতা অমৰেন্দ্র শর্মাই৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ ওপৰত চি পি আই-এম দলৰ স্থিতি স্পষ্ট কৰি শর্মাই কয় যে ভাৰতীয় সংবিধানৰ নিৰপেক্ষতা দৃষ্টিভংগী আঁতৰাই ধর্মৰ মাপকাঠীৰে বিচাৰ কৰিবলৈ লোৱা বিজেপিৰ চক্রান্ত চি পি আই-এম দলে কেতিয়াও সহজভাৱে গ্রহণ নকৰে৷ সভাখনত নগাঁও বাণিজ্য মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ গুণ গগৈ উপস্থিত থাকি ভাষণ দিয়ে৷ সভাত চি পি আই-এমৰ নেতা গোৱিন নাথ উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷

ছয়গাঁৱত দক্ষিণ কামৰূপ মহিলা সুৰক্ষা সমিতিৰ প্রতিবাদী সমদল 

দক্ষিণ কামৰূপ মহিলা সুৰক্ষা সমিতিৰ উদ্যোগত আজি দিনৰ প্রায় ১২-৩০ বজাত ছয়গাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰা, দাম বৃদ্ধি প্রতিৰোধ কৰা ইত্যাদি বিভিন্ন দাবীত এক প্রতিবাদী সমদল উলিয়ায়৷ এই প্রতিবাদী সমদলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন দাবীসম্বলিত স্মাৰক-পত্রখন ছয়গাঁও ৰাজহ চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রীলৈ প্রেৰণ কৰে৷

চতিয়াত আছুৰ প্রতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধয়েক ২০১৬ৰ বিৰুদ্ধে আজি চতিয়াৰ ৰাজপথলৈ ওলাই আহিল সহস্রাধিক লোক৷ আজি চতিয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বৃহৎ সংখ্যক প্রতিবাদকাৰী চতিয়া আঞ্চলিক ছাত্র সন্থাৰ মুখ্য কার্যালয়ৰ পৰা চতিয়াৰ ৰাজপথেৰে সমদল কৰে ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ৷ চতিয়াৰ বণিক সন্থাই সকলো দোকান-পোহাৰ বন্ধ ৰাখি এই বিক্ষোভৰ কার্যসূচীত অংশগ্রহণ কৰে৷ ছাত্র-নেতা তথা প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকাই এই সমদলত অংশ লৈ এই জাতি ধবংসকাৰী বিধেয়কখন কোনো কাৰণতে মানি লোৱা নহ’ব বুলি বক্তব্য আগবঢ়ায়৷ চতিয়া মহাবিদ্যালয়, চতিয়া উচচতৰ মাধ্যমিক বিদ্যালয়, জ্ঞান বিকাশ একাডেমি, চতিয়া একাডেমিকে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকলকৰ উপৰি স্থানীয় ৰাইজ, চতিয়া নাগৰিক সভা, বণিক সন্থা, পঞ্চায়ত প্রতিনিধি, স্বেচছাসৱী সংগঠন নাৰী শক্তিৰ সদস্যা, চতিয়া শাখা সাহিত্য সভা, চতিয়া নাট্য সমাজ, বিশ্বনাথ জিলা আপকুকে ধৰি ভালেমান অনুষ্ঠান-প্রতিষ্ঠানৰ প্রতিনিধিয়ে ভাগ লয়৷ প্রতিবাদী সমদলত ভালেকেইটা দল-সংগঠনৰ নেতৃবর্গই অংশগ্রহণ কৰে৷ সমদলৰ অন্তত ৰাজহ চক্র বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রী আৰু প্রধানমন্ত্রীলৈ একোখনকৈ স্মাৰক-পত্র প্রদান কৰে৷

বিহালীত প্রতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালী আঞ্চলিক ছাত্র সন্থাই বিহালীবাসীৰ সহযোগত প্রতিবাদী সমদল উলিয়াই বিহালী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রদীপ কুমাৰ বৰুৱাৰ জৰিয়তে বিশ্বনাথ উপায়ুক্তলৈ স্মাৰক-পত্র প্রেৰণ কৰে৷ তদুপৰি আজি সন্ধিয়া ৭ বজাত বিহালী আঞ্চলিক আছা সমিতিয়ে ৭ শতাধিক লোকৰ উপস্থিতিত এক জোঁৰ সমদল কৰে৷ বিহালী আঞ্চলিক ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাৰ এটাই প্রশ্ন– যদি জাতিক ভালপায়, দেশক ভালপায়, তেনেহ’লে জাতীয় নায়ক আখ্যা পোৱা সর্বানন্দ সোণোৱালে অসমৰ ৰাইজৰ দুখৰ কথা কিয় বুজি পোৱা নাই?

পাৰখোৱাত আছুৰ গণ বিক্ষোভ

কার্বি আংলঙত আজিও অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তীব্র প্রতিবাদ৷ জিলাখনৰ সীমামূৰীয়া অঞ্চল পাৰখোৱাত আজি সদৌ অসম ছাত্র সন্থাৰ পাৰখোৱা আঞ্চলিকৰ উদ্যোগত এক গণ বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰা হয়৷ এই গণ বিক্ষোভ কার্যসূচীত স্থানীয় জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, কার্বি ছাত্র সন্থা, ব্যৱসায়ী সন্থা, ডিজেল অট’ সন্থা, পাৰখোৱা উচচতৰ মাধ্যমিক বিদ্যালয় আদিয়ে সহযোগ আগবঢ়ায়৷ আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু প্রাক্তন আছু-নেতা তপন কুমাৰ গগৈকো ক্ষুৰধাৰ সমালোচনা কৰে আছুৰ কার্বি আংলং জিলা সমিতিৰ সম্পাদক ত্রিদীপ বৰাই৷

ধিঙত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্রতিবাদ

নগাঁও জিলাৰ ধিঙত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে গণ বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে৷ ধিং আঞ্চলিক ছাত্র সন্থাৰ কার্যালয় প্রাংগণৰ পৰা আজি দিনৰ প্রায় ১১ বজাত উলিওৱা বিশাল প্রতিবাদী সমদলত ধিং প্রেছ ক্লাব, ধিং সাংবাদিক সন্থা, ধিং শাখা সাহিত্য সভা, ধিং নিখিল বড়ো ছাত্র সন্থা, ধিং তিৱা ছাত্র সন্থা, ধিং কর্মচাৰী পৰিষদ, অসম সেনা ধিং শাখা, খিলঞ্জীয়া সুৰক্ষা মঞ্চ, ধিং ট্রাইবেল সংঘ আৰু সংগ্রামী সতীর্থ সন্মিলনৰ সহযোগত আৰু ধিং আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আয়োজিত উক্ত প্রতিবাদী সমদলত ধিঙৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সহস্রাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে৷ তদুপৰি উক্ত প্রতিবাদী সমদলে ধিং নগৰ অঞ্চল পৰিভ্রমণ কৰাৰ অন্তত ধিং বজাৰৰ মাজমজিয়াত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্রে বাতিল কৰা আৰু অসম চুক্তি ৰূপায়ণ কৰাৰ দাবী জনাই প্রতিবাদকাৰী ৰাইজৰ হৈ ধিং আঞ্চলিক ছাত্র সন্থা আৰু ধিং প্রেছ ক্লাবৰ তৰফৰ পৰা পৃথকে পৃথকে দুখন স্মাৰক-পত্র ধিং ৰাজহ চক্র বিষয়াক প্রদান কৰি ভাৰত চৰকাৰৰ যুটীয়া সংসদীয় সমিতিলৈ প্রেৰণ কৰা হয়৷

No comments:

Post a Comment

SPONSORED