নাগৰিকত্ব বিধেয়ক বাতিল কৰাৰ দাবী : চানমাৰি খেলপথাৰত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ জনজাগৰণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

নাগৰিকত্ব বিধেয়ক বাতিল কৰাৰ দাবী : চানমাৰি খেলপথাৰত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ জনজাগৰণ


গুৱাহাটী : নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ আহবানত মহানগৰীৰ চানমাৰি অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত একাকাৰ হ’ল সমাজৰ সকলো শ্রেণীৰ হাজাৰ হাজাৰ লোক৷ বিধেয়কখন বাতিল কৰাৰ দাবীত পুৱা ৬ বজাৰ পৰা কৰা ১১ ঘণ্টীয়া গণ অনশনত সংগঠনকেইটাৰ সৈতে চৰকাৰী শিক্ষক-কর্মচাৰীৰ পৰা শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, কৃষক, শ্রমিক, সশস্ত্র সংগঠন, সাহিত্য সংগঠন, শাসকীয় পক্ষৰ পৰা বিৰোধী পক্ষৰ ৰাজনীতিক, জ্যেষ্ঠ নাগৰিকে সহযোগ কৰে৷ সমাজৰ সকলো শ্রেণীৰ জনতাৰ স্বতঃস্ফূর্ত অংশগ্রহণেৰে জনসমুদ্রত পৰিণত হোৱা চানমাৰি খেলপথাৰত আজি পুনৰবাৰ অসম আন্দোলনৰ এক পৰিৱেশ সৃষ্টি হয়৷ আনহাতে, গণ অনশনস্থলীৰ পৰাই জাতিধবংসী বিধেয়কখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দি প্রয়োজনত ঐক্যবদ্ধভাৱে জংগী আন্দোলন কৰাৰ সকীয়নিও দিয়া হয়৷ গণ অনশনস্থলীৰ পৰা প্রতিবাদকাৰীসকলে চৰকাৰক বিধেয়কখন সন্দর্ভত শীঘ্রে নিজৰ স্থিতি স্পষ্ট কৰিবৰ বাবেও সকীয়াই দিয়ে৷
আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে আজি পুৱাৰ পৰা আৰম্ভ কৰা গণ অনশনত অংশগ্রহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহঁায়ে বিতর্কিত বিধেয়কখন বাতিল কৰিবলৈ দাবী কৰি জাতিৰ এই সন্ধিক্ষণত আগ-ভাগ ল’বলৈ ৰাজ্যৰ ডেকা শক্তিক আগবাঢ়ি আহিবলৈ আহবান জনায়৷ তেওঁ কোনো জাতি বা ধর্মৰ বিৰোধী নহয় বুলি স্পষ্ট কৰি কেৱল বিদেশীৰ বিৰোধী বুলি কয়৷ ধর্মৰ ভিত্তিত বিদেশীক বিভাজন কৰাটোও অসাংবিধানিক বুলি তেওঁ কয়৷ আনহাতে, বিধেয়কখনৰ গইনা লৈ এটা চক্রই বিভেদৰ সৃষ্টি কৰিবৰ বাবে সষ্টম হৈ থকা বুলিও সদৰী কৰি তেওঁ ইয়াৰ বাবে সকলোৱে সাৱধান হৈ থাকিব লাগিব বুলি কয়৷ আনহাতে, বিধেয়কখনৰ জৰিয়তে অসমৰ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ এক অপপ্রচাৰো চলা বুলি সদৰী কৰি ড০ গোহাঁয়ে বিধেয়কখন হ’লে সেয়া কোনোপধ্যে নাহে বুলি কয়৷ অসম চুক্তি মতে খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ দাবীও কৰি তেওঁ সাংবিধানিক সুৰক্ষাৰ বাবেও কোনোপধ্যে বিধেয়কখন আনিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰে৷
আনহাতে, অসম চুক্তি স্বাক্ষৰকাৰী প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই চৰকাৰক এই বিধেয়কখন আইনত পৰিণত কৰাৰ পৰা বিৰত থাকিবলৈ আহবান জনায়৷ তেওঁ চৰকাৰক অসমৰ জনমতৰ প্রতি সন্মান জনাবলৈয়ো আহবান জনায়৷ তেওঁ কয় যে ৰাজ্যজুৰি যি প্রবল প্রতিবাদৰ জোৱাৰ উঠিছে, সেয়া দেখা পোৱাৰ পাছত চৰকাৰে বিধেয়কখন বাতিল কৰিবৰ বাবে সাহস দেখুওৱা উচিত৷ জাতিধবংসী বিধেয়কখনৰ বিৰুদ্ধে সকলো ৰাইজকে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবৰ বাবেও তেওঁ আহবান জনায়৷ ৰাজ্যৰ দুই মন্ত্রী অগপৰ অতুল বৰা আৰু কেশৱ মহন্তয়ো আজি অনশনত অংশগ্রহণ কৰে৷ মন্ত্রী তথা অগপৰ সভাপতি অতুল বৰাই অগপৰ স্থিতি আৰম্ভণিৰে পৰা বিধেয়কখনৰ বিৰুদ্ধে বুলি সদৰী কৰি দলটোৱে ৰাষ্ট্রীয় পর্যায়ত জনমত গঠনৰ বাবে চেষ্টা কৰা বুলি কয়৷ তেওঁ অসম আন্দোলনৰ পাছত এনে এক গণ আন্দোলন হোৱা নাছিল বুলি প্রকাশ কৰি কয় যে বিধেয়কখনে অসম চুক্তি উলংঘা কৰাৰ উপৰি সমগ্র জাতিটোকে যে বিপদত পেলাব সেয়া সকলোৱে উপলব্ধি কৰিছে৷
সেয়ে সকলোৱে ঐক্যবদ্ধভাৱে ওলাই আহিছে৷ চৰকাৰেও এই জনমতক সন্মান কৰা উচিত বুলি উল্লেখ কৰি কেন্দ্রই এয়া যে অসমৰ খিলঞ্জীয়াৰ এক যুক্তিসংগত দাবী সেয়া উপলব্ধি কৰা উচিত বুলি কয়৷ ৰাজ্যৰ আন এজন মন্ত্রী তথা অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই তেওঁৰ দলে এই বিধেয়কখনক লৈ কোনো কাৰণতে আপোচ নকৰে বুলি স্পষ্ট কৰে৷ এতিয়াও কোনো কাৰণতে বিধেয়কখন আইনত পৰিণত হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰি অগপ এইক্ষেত্রত বদ্ধপৰিকৰ বুলি কয়৷ ইফালে, চৰকাৰী চাকৰিৰ পৰা ছুটী লৈ অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ ৫০জনীয়া এটা প্রতিনিধিৰ দলে গণ অনশনত অংশগ্রহণ কৰি জাতিতকৈ চাকৰি ডাঙৰ নহয় বুলি ঘোষণা কৰে৷ তেওঁলোকে কয় যে ৰাজ্যত প্রায় ১.১৭ লাখ শিক্ষক আছে আৰু সকলোৱে আজিৰ আন্দোলনলৈ সমর্থন জনাইছে৷ বিধেয়কখনৰ বিৰুদ্ধে সংগঠনটোৱে সর্বস্তৰত সমর্থন অব্যাহত ৰখাৰ ঘোষণাও কৰি জাতীয় আৰু ৰাজ্যৰ বৃহত্তৰ স্বার্থতে এই কাম কৰি যাব বুলি প্রকাশ কৰে৷ভাৰতখন বিদেশীৰ বাবে নহয় বুলিও উল্লেখ কৰি ক্ষমতা দখল কৰি চৰকাৰে সেয়া পাহৰি গৈছে বুলি সংগঠনটোৰ প্রতিনিধিসকলে সদৰী কৰে৷ কিন্তু তেওঁলোকৰ দৰে শিক্ষকসকলে জাতিৰ কথা পাহৰি নাযায় বুলি উল্লেখ কৰি জাতিৰ স্বার্থত যদি আজিৰ দিনটোৰ দৰমহা কর্তনো কৰে বা চাকৰিৰ পৰা বর্খাস্তও কৰে তালৈকো তেওঁলোকে কেৰেপ নকৰে বুলি স্পষ্ট কৰে৷ আনহাতে, সদৌ অসম কর্মচাৰী পৰিষদেও আজিৰ গণ অনশনত অংশগ্রহণ কৰে৷
সংগঠনটোৰ সভাপতি বাসৱ কলিতাই বিধেয়কখন যিকোনো মূল্যৰ বিনিময়ত বাতিল হ’বই লাগিব বুলি স্পষ্ট কৰে৷ যদি চৰকাৰে জনমতক গুৰুত্ব নিদিয়ে তেনেহ’লে চৰকাৰী কর্মচাৰীসকলেও অসম আন্দোলনৰ দৰে আছুৰ লগত পুনৰ গণ আন্দোলনত নামিব বুলি সকীয়াই দিয়ে৷ ইফালে, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই চৰকাৰে বিধেয়কখন বাতিল নকৰিলে শান্তি আলোচনা প্রক্রিয়াৰ পৰা আঁতৰি অহাৰ ভাবুকি দিয়ে৷
তেওঁ জাতিৰ ৰক্ষাৰ বাবে আলোচনাৰ পৰা আঁতৰি আহি পুনৰ তীব্র আন্দোলন কৰিব বুলিও প্রকাশ কৰে৷ বলিউডত অসমৰ নাম উজলাই তোলা অসমৰ সুসন্তান, ৰাষ্ট্রীয় চলচিচত্র বঁটাপ্রাপ্ত পৰিচালক জাহুু বৰুৱাই গণ অনশনত অংশগ্রহণ কৰি এই বিধেয়কখনক ভয়াৱহ আৰু বিপজ্জনক আখ্যা দিয়ে৷ বিধেয়কখন বলপূর্বক অসমৰ ওপৰত জাপি দিবলৈ চৰকাৰে চেষ্টা কৰা বুলি প্রকাশ কৰি বিধেয়কখন আইনত পৰিণত হ’লে সমগ্র অসমীয়া জাতিটোৱেই অস্তিত্বৰ সংকটত পৰিব বুলি কয়৷ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে বিধেয়কখনে কেৱল অসমৰে নহয় সমগ্র দেশৰ বাবেই ভাবুকি কঢ়িয়াই আনিব বুলি কয়৷ তেওঁ বিধেয়কখন বাতিল কৰাৰ দাবী কৰি ই দেশৰ সার্বভৌমত্বৰ প্রতিও ভাবুকি আনিব বুলি কয়৷ ৰাজ্যত গঢ়ি উঠা তীব্র গণ আন্দোলনৰ পাছত চৰকাৰে জনমতৰ প্রতি সঁহাৰি জনোৱাৰো আশা প্রকাশ কৰে ৰাজবংশীয়ে৷ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই অভিযোগ কৰে যে কেন্দ্রীয় চৰকাৰে কলকাতাৰ এই পাৰেও যে দেশৰ এটা অংশ আছে সেয়া নাজানেই৷ জাতিধবংসী বিধেয়কখন কোনো কাৰণতে মানি নলয় বুলি তেওঁ দিল্লী-দিছপুৰক সকীয়াই দি অসম আৰু উত্তৰ- পূর্বাঞ্চল বাংলাদেশীৰ ডাষ্টবিন নহয় বুলি স্পষ্ট কৰে৷ ৰাজ্যৰ সকলো শ্রেণীয়ে বিধেয়কখনৰ বিৰোধিতা কৰাৰ পাছত চৰকাৰক জনসাধাৰণৰ পক্ষত থিয় হ’বলৈ তেওঁ আহবান জনায়৷
ৰাজ্য চৰকাৰে বিধেয়কখন সন্দর্ভত নিজৰ স্থিতি এইপর্যন্ত স্পষ্ট নকৰাৰ লগতে নাগৰিকপঞ্জী প্রকাশলৈ বাট চোৱা বুলি কোৱা কথাৰ তীব্র বিৰোধিতা কৰি তেওঁ শীঘ্রে চৰকাৰক স্থিতি স্পষ্ট কৰিবৰ বাবে আহবান জনায়৷ নাগৰিকপঞ্জী আৰু নাগৰিকত্ব বিধেয়ক দুয়োটা পৃথক বস্তু বুলিও উল্লেখ কৰি তেওঁ দুয়োটাকে একাকাৰ নকৰিবৰ বাবে সকীয়াই দিয়ে৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে এতিয়ালৈকে ৰাজ্যবাসীয়ে গণতান্ত্রিকভাৱে আন্দোলন কৰি আছে৷ কিন্তু এতিয়াও যদি চৰকাৰে বিধেয়কখন বাতিল নকৰে তেনেহ’লে পৰৱর্তী পর্যায়ত জংগী আন্দোলন কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে৷ প্রয়োজনত ঐক্যবদ্ধভাৱে ৰাজ্যৰ সকলো মন্ত্রীৰ চাল-চলনতো বাধা প্রদান কৰাৰ হুংকাৰো দিয়ে আছুৰ সভাপতিজনে৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অসম আন্দোলন, অসম চুক্তি আৰু শ্বহীদসকলৰ প্রতি চৰকাৰক সন্মান অক্ষুণ্ণ ৰখাৰ আহবান কৰে৷ ৰাজ্যৰ শ্বহীদসকলৰ ত্যাগৰ প্রতি দায়বদ্ধতা ৰাখিবলৈয়ো চৰকাৰক আহবান জনায়৷ ইফালে, যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গেও গণ অনশনত অংশগ্রহণ কৰি বিধেয়কখন কোনোপধ্যে মানি নলয় বুলি স্পষ্ট কৰে৷
বিধেয়কখনে অসমক ভয়ংকৰ বিপদলৈ ঠেলি দিব বুলি উল্লেখ কৰি তেওঁ এইখন বাতিল কৰিবই লাগিব বুলি কয়৷ উল্লেখযোগ্য যে গণ অনশনত আজি প্রদেশ কংগ্রেছৰ নেতা কিশোৰ ভট্টাচার্য, অপূর্ব কুমাৰ ভট্টাচার্য আৰু ভগীৰথ কৰণ আদিয়েও অংশগ্রহণ কৰে৷ অনশনত সদৌ অসম উকীল সন্থা, বড়ো সাহিত্য সভা, জনগোষ্ঠীসমূহৰ সাহিত্য সভা, শিল্পী জে পি দাস, বীৰেন সিংহ, সমৰ হাজৰিকা, অৰুণ হাজৰিকা, মাধুৰিমা চৌধুৰী, জীনা ৰাজকুমাৰী, বৰষাৰাণী বিষয়া, তৰালি শর্মা, সাংবাদিক অদীপ ফুকন, মাইনী মহন্ত, অজিত কুমাৰ ভূঞা, উৎপল বৰুৱা, ৱাছবীৰ হুছেইন, প্রবন্ধকাৰ ময়ূৰ বৰা, উদয়াদিত্য ভৰালী, অসম আন্দোলনকাৰী তথা প্রাক্তন সাংসদ কুমাৰ দীপক দাস আদি বহু লোকে অংশগ্রহণ কৰে৷

No comments:

Post a Comment

SPONSORED