জনজাতীয় ছাত্ৰবৃত্তি সঠিকভাৱে বিতৰণ হোৱা নাই: নন্দ কুমাৰ শ্বাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

জনজাতীয় ছাত্ৰবৃত্তি সঠিকভাৱে বিতৰণ হোৱা নাই: নন্দ কুমাৰ শ্বাই


কোকৰাঝাৰ : ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ ( এন চি এছ টি) অধ্যক্ষ নান্দ কুমাৰ শ্বাহৰ নেতৃত্বত বুধবাৰে আয়োগৰ ন জনীয়া এটি সঁজাতি দলে কোকৰাঝাৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰাৰ উপৰি কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষক কৰা আঁচনিসমুহৰো বুজ লয়। ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ দলটোৱে কোকৰাঝাৰত উপস্থিত হৈ পোনে পোনে জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগীয় প্ৰতিষ্ঠানৰ আন্তঃগাথনিৰ বুজ লোৱাৰ উপৰিও বালাজান তিনালীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি, বালাগাঁওস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( চি আই টি), পাটগাঁওস্থীত কে জি বি কে বিদ্যালয়, চিম্বৰগাঁৱৰ ৰাজ্যিক চিকিৎসালয়, পানী যোগান আঁচনি আৰু দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি আন্ত:গাঁথনিৰ বুজ লয়।
পৰিদৰ্শনৰ অন্তত কোকৰাঝাৰ আৱৰ্ত ভৱনত জিলাৰ বিভিন্ন বিভাগৰ বিষয়া আৰু জিলা প্ৰশাসনিক বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় অধ্যক্ষ নন্দ কুমাৰ শ্বাহে । বৈঠকৰ অন্তত সংবাদমাধ্যমৰ আগত অধ্যক্ষ নন্দ কুমাৰ শ্বাহে বিভিন্ন শিক্ষানুষ্ঠানত জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তি নোপোৱাত ক্ষোভ প্ৰকাশ কৰি বিষয়টো সন্দৰ্ভত আয়োগে পৰ্যালোচনা কৰিব বুলি সদৰি কৰিছে।
তদুপৰি স্বায়ত্বশাসিত এলেকাত জনজাতিৰ ভূমিত অজনজাতিয়ে প্ৰবেশ কৰিব নোৱাৰে বুলি উদ্বেগ প্ৰকাশ কৰি আৰু নিদিষ্ট লিখিত অভিযোগ আয়োগে লাভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰে। জনজাতিৰ উন্নয়নৰ বাবে শিক্ষা আৰু কৃষিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ হকেও আয়োগে মত প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ শ্বাহৰ কোকৰাঝাৰ পৰিভ্ৰমণত সঙ্গ দিয়ে আয়োগৰ উপ অধ্যক্ষ অনুচুইয়া উইকী, সদস্য ক্ৰমে হৰশ্বৎভাই চুনিলাল ভাছানা, হৰি কৃষ্ণ ডামৰ, মায়া চিন্তামিন ইনভেৎ, যুটীয়া সম্পাদক শীশিৰ কুমাৰ ৰাথোৰ, উপ সম্পাদক পি. টি.জ্যামাচুট্টি ,সহযোগী সঞ্চালক এছ. পি. মীনা, আৰু অধ্যক্ষৰ উপদেষ্টা সত্যদেউ শৰ্মাই। আনহাতে সঁজাতি দলক সহযোগ কৰে কোকৰাঝাৰ জিলাৰ উপাযুক্ত নিৰঞ্জন বৰুৱা, আৰক্ষী অধীক্ষক ৰাজেন সিং , আৰু বিভিন্ন বিভাগীয় মুৰব্বী বিষয়া তথা উচ্চ পদস্ত বিষয়া সকলে।

No comments:

Post a Comment

SPONSORED