অচ্ছে দিনৰ নামত কৰৰ সন্ত্রাস জাপি দিছে বিজেপি চৰকাৰে : কংগ্ৰেছ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

অচ্ছে দিনৰ নামত কৰৰ সন্ত্রাস জাপি দিছে বিজেপি চৰকাৰে : কংগ্ৰেছ

পেট্রল-ডিজেলৰ মূল্যহ্রাসৰ নামত ১ পইচাকৈ হ্রাস কৰি চুড়ান্ত ভেঙুচালি কৰিছে মােডী চৰকাৰে

গুৱাহাটী : একেৰাহে প্রায় ১৬ দিন পেট্রল-ডিজেলৰ আকাশলঘী মূল্যবৃদ্ধি ঘটোৱাৰ পাছত সমগ্র দেশজুৰি ইয়াৰ তীব্র প্রতিবাদ হােৱাত আজি কেন্দ্রীয় চৰকাৰৰ অধীনস্থ তেল কোম্পানীয়ে মাত্র ১ পইচাহে হ্রাস কৰি মূল্যবৃদ্ধিৰ ফলত ত্রাহি মধুসুদন দেখা সর্বসাধাৰণ ৰাইজক চৰম উপহাস কৰিলে। আজি পুৱাৰ ভাগত ভাৰতীয় তেল নিগমৰ (IOCL) ৱেবচাইটত পেট্ৰ'ল আৰু ডিজেলৰ ক্ৰমে ৫৯ পইচা আৰু ৬৩ পইচাকৈ হ্রাস হ’ব বুলি ঘােষণা কৰি নাটকীয় ভাৱে এই তথ্য ভূল বুলি ক্ষন্তেক পিছতে স্পষ্টীকৰণ দিয়ে।
এই ঘটনাই মােডী নেতৃত্বাধীন বিজেপি চৰকাৰখন যে মূল্যবৃদ্ধিৰ বিষয়টোক লৈ যে চৰম উদাসীন তাকেই প্রমাণ কৰিলে। লগতে চৰকাৰখনৰ চৰম দায়িত্বহীনতা আৰু জনবিৰােধী নগ্ন স্বৰূপটো ওলাই পৰিল। অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে এনে ধৰণৰ উদাসীনতা আৰু দায়িত্বহীন কার্যক তীব্র ধিক্কাৰ দিছে। মাথােন যােৱা ১৬ দিনতে খােদ গুৱাহাটীত পেট্ৰ'লৰ দাম ৭৬.৯১ টকাৰ পৰা ৮০.৬৪ টকালৈ প্রায় ৩.৭৫ টকা মূল্যবৃদ্ধি হৈছে আৰু ডিজেলৰ দাম ৬৯.০৪ টকাৰ পৰা ৭২.৪১ টকালৈ প্ৰায় ৩.৩৬ টকাকৈ মূল্যবৃদ্ধি হৈছে। তাৰ পৰিবৰ্তে বিজেপি চৰকাৰে ৰাইজৰ প্ৰৱল প্রতিবাদক ভেঙুচালি তথা উপহাস কৰি মাত্র ১ পইচাকৈ প্ৰতি লিটাৰত মূল্য হ্রাস কৰিছে। প্রদেশ কংগ্ৰেছে বিজেপি চৰকাৰৰ এই কাৰ্যক সু-শাসনৰ নামত প্ৰসহন আখ্যা দিছে।
এই কথা স্পষ্ট হৈছে যে মােদী চৰকাৰৰ দিনত অচ্ছে দিনৰ নামত ৰাইজক মূল্যবৃদ্ধিৰ যি মাধৰমাৰ শােধাইছে সি অকল্পনীয়, অভাৱনীয় আৰু সম্পূৰ্ণৰূপে জনবিৰােধী। মূল্যবৃদ্ধিৰ উপৰিও এই চৰকাৰখনে সকলাে ক্ষেত্রতে কৰৰ পৰিমাণ বৃদ্ধি কৰিছে। উদাহৰণ স্বৰূপে মােড়ী চৰকাৰে ২০১৪ চনৰ মে' মাহৰ পৰা কেইদিনমান আগলৈকে পেট্ৰ'লৰ ওপৰত ২১১.০৭% আৰু ডিজেলৰ ওপৰত ৪৪৩.০৬% আবকাৰী শুল্ক আৰােপ কৰিছে। ইয়াৰ উপৰিও আন্তজাতিক বজাৰত ৭৩% খাৰুৱা তেলৰ দাম হ্রাস হৈছে যদিও এই চৰকাৰখনে পেট্ৰ'লৰ ক্ষেত্ৰত ১০৮% আৰু ডিজেলৰ ক্ষেত্ৰত ১২৩% মূল্যবৃদ্ধি ঘটাইছে।
এনেদৰে মােডী চৰকাৰে অচ্ছে দিনৰ নামত ৰাইজৰ ওপৰত একৰকম কৰৰ সন্ত্রাস জাপি দিছে। সর্বদিশতে মূল্যবৃদ্ধিৰ ফলত সর্বসাধাৰণ আজি কোঙা হৈ পৰিছে। অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আৰােপিত কেন্দ্রীয় কৰ আৰু ৰাজ্যিক কৰৰ পৰিমাণ হাস কৰি সৰ্বসাধাৰণক সকাহ দিবলৈ দাবী জনাইছাে। যদি কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ১০৭.৫৭ ডলাৰ হৈ থকা অৱস্থাত দেশবাসীক ৭১.৪১ টকাত পেট্রল আৰু ৫৫.৪৯ টকাত ডিজেল যােগান ধৰিব পাৰিছিল তেন্তে বর্তমান আন্ত:ৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য প্রায় ৭৯ ডলাৰ হৈ থকাৰ পাছতাে পেট্রল ডিজেলৰ মূল্য হ্রাস কৰিব নােৱাৰাৰ প্রশ্নই নুঠে৷
সৌভাগ্যবান মােডী চৰকাৰৰ দিনত প্রায় ৪০ ডলাৰলৈকে প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য হ্রাসৰ উদাহৰণাে নথকা নহয়। গতিকে মাথােন ভাষণ, মন কী বাত আৰু ভেল্কিবাজিৰে নহয় সর্বসাধাৰণৰ দুখ-দুদর্শা উপলব্ধি কৰি সকাহ দিয়াৰ কামেৰে অচ্ছে দিন নহলেও দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ সুবিধা দিয়ক।

No comments:

Post a Comment

SPONSORED