ট্রাক চালকৰ কন্যাৰ কৃতিত্ব : আটাইকেইটা বিষয়ত লেটাৰ মাকর্সহ ৮৯.৬ শতাংশ লাভ মমতাজৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

ট্রাক চালকৰ কন্যাৰ কৃতিত্ব : আটাইকেইটা বিষয়ত লেটাৰ মাকর্সহ ৮৯.৬ শতাংশ লাভ মমতাজৰ

বৰপেটাৰ পৰা পুলেন্দ্র দাসৰ সংবাদ :
আর্থিক দৈনতা যে শিক্ষা গ্রহণত প্ৰাচীৰ নহয় সেয়া কেইবা গৰাকী শিক্ষার্থীয়ে প্রমাণিত কৰাৰ সময়তে বৰপেটা চহৰৰ সাধাৰণ ট্রাক ড্রাইভাৰৰ কন্যাই পুনৰ বাৰ প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। বৰপেটা চহৰৰ আজাদ নগৰ নিবাসী তথা সাধাৰণ ট্রাক ড্রাইভাৰ মুজাফ আলীয়ে পৰিয়াল পােহ পাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল যদিও তেওঁৰ কন্যা মমতাজ বেগম (জান্নাত)এ আর্থিক দৈনতাক এক প্রত্যাহ্বান হিচাপে লৈ নিজ লক্ষ্যত উপনীত হােৱাৰ মানসৰে অব্যাহত ৰাখিছিল পঢ়াশুনা।
ছাত্ৰী গৰাকীৰ এনে মনােবল লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা চহৰত জৰােৰাম পাঠক ছােৱালী হাইস্কুলৰ পৰা অৱর্তীণ হয়। সদ্য ঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰী গৰাকীয়ে আটাইকেইটা বিষয়ত লেটাৰ মাকর্সহ ৮৯.৬ শতাংশৰে ডিষ্টিংচন পাই বিদ্যালয়লৈ আনন্দৰ বন্যা কঢ়িয়াই অনাৰ লগতে দৰিদ্ৰতাৰে ভৰা নিজ ঘৰখনলৈ কঢ়িয়াইছে আশাৰ ৰেঙণি।
অসমীয়াত ৯১, ইংৰাজীত ৯০, সাধাৰণ গণিত ৮৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৩ আৰু হিন্দীত ৮০ সহ মুঠ ৫৩৮ নম্বৰ লাভ কৰা মমতাজ বেগমে ভৱিষ্যতে এগৰাকী চিকিৎসক হৈ লাঞ্চিত বঞ্চিত লােক সকলক উপযুক্ত সেৱা আগবঢ়োৱাৰ আশা পুহি ৰাখিছে। মমতাজ বেগম ওৰফে জান্নাত(সৰগ)এ অস্বস্তিকৰ ধৰাৰ বুকুত এখন সর্বাংগ সুন্দৰ জান্নাত(সৰগ)ৰ এটা অংশ গঢ়াৰ সংকল্প লােৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
জাতি-ধর্ম-বর্ণ হীন তথা কেৱল মানৱতাৰে জয়গান হােৱা এখন সমাজ গঢ়াৰ সংকল্পৰে মমতাজ বেগম ওৰফে জান্নাত(সৰগ)এসম্প্রতি বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত অধ্যয়ন কৰিব। চিত্ৰ কলাৰ দহ বছৰীয়া ডিপ্লমা লাভ কৰা মমতাজ বেগমে বিশিষ্ট ব্যক্তি সকলৰ জীৱনী পঢ়ি ভাল পােৱাৰ লগতে আজৰি সময়ত মাতৃ হেলমিনা বেগমক ঘৰুৱা কাম-কাজতাে সহায়-সহযােগিতা কৰে। ছাত্রী গৰাকীৰ কৃতিত্বত বৰপেটা চহৰৰ আজাদ নগৰবাসীৰ লগতে বিদ্যালয় কতৃপক্ষই উৎফুল্লিত হৈ পৰাৰ লগতে ছাত্রী গৰাকীৰ লক্ষ্যত উপনীত হােৱাৰ বাবে সকলােৱে কামনা কৰিছে।

No comments:

Post a Comment

SPONSORED