বিজেপিয়ে কংগ্ৰেছৰ প্রতিবাদী কণ্ঠ বন্ধ কৰিব নােৱাৰেঃ অপূর্ব কুমাৰ ভট্টাচার্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

বিজেপিয়ে কংগ্ৰেছৰ প্রতিবাদী কণ্ঠ বন্ধ কৰিব নােৱাৰেঃ অপূর্ব কুমাৰ ভট্টাচার্য

গুৱাহাটী : গণতান্ত্রিক ব্যৱস্থাৰ স্বাধীনতাৰ কথা কোৱা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে দুটা বছৰত ভৰি দিওঁতেই সমালােচনা সহ্য কৰিব নােৱাৰা হৈছে। কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণক নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি পালন কৰাৰ সলনি সম্পূর্ণ বিপৰীত ভূমিকা গ্রহণ কৰাৰ প্ৰতিবাদত ৰাজনৈতিক দলৰ লগতে অৰাজনৈতিক সংগঠন, ব্যক্তি বিশেষে মুখ্যমন্ত্রী সােণােৱালৰ আহ্বান মর্মেই বিভিন্ন গণমাধ্যমৰ জৰিয়তে ভুলবােৰ সোঁৱৰাই দি আহিছে।
ৰাজ্যখনৰ বিৰােধী দল হিচাপে কংগ্ৰেছেও সদনৰ মজিয়াত, ৰাজপথত আৰু ‘ছচিয়েল মিডিয়া’ৰ জৰিয়তে বিজেপি দল আৰু চৰকাৰৰ গণবিৰােধী ভূমিকাৰ সমালােচনা কৰি আহিছে আৰু এইটো সুস্থ গণতান্ত্রিক ব্যৱস্থাৰ বাবে অপৰিহার্য। শেহতীয়াকৈ মুখমন্ত্রী সােণােৱালৰ চৰকাৰে কংগ্ৰেছ দলৰ ছচিয়েল মিডিয়া কর্মী ৰফিকুল ইছলাম, প্রমােদ পাৱে, নেকিব দুদুল আৰু সৌ সিদিনা দীপাংকৰ বৰাক গ্রেপ্তাৰ কৰিছে। শাসকীয় বিজেপি দলৰ নেতৃত্বত চলা ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ আৰক্ষী বিভিগে এই ক্ষেত্ৰত সম্পূর্ণ পক্ষপাতিত্বমূলকভাৱে একমাত্র কংগ্ৰেছ দলৰ কৰ্মীৰ ওপৰত ভুৱা গােচৰ জাপি দি গ্রেপ্তাৰ কৰি আমাৰ কণ্ঠ ৰােধ কৰিব বিচাৰিছে। এনে স্বেচ্ছাচাৰী।
অগণতান্ত্রিক কার্যৰ তীব্র প্রতিবাদ জনাই অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যই ৰাজ্য চৰকাৰক সকিয়াই দি কয় যে সােণােৱাল চৰকাৰে মনত ৰখা ভাল – এতিয়া মাত্র আবেলিহে হৈছে। ৰাতি হ’বলৈ বাকীয়ে আছে। কংগ্ৰেছ জনগণৰ প্রতি দায়ৱদ্ধতা থকা দল, এই দলে জনগণৰ অধিকাৰ খর্ব কৰিব বিচৰা কাৰ্যৰ প্রতিবাদ কৰিবলৈ নীতিগত ভাৱে দায়ৱদ্ধ।
আমাক আৰক্ষীয়ে ত্রাসিত কৰিও প্রতিবাদৰ পৰা আঁতৰাব নােৱাৰিব। বিজেপিয়ে মনত পেলাওক – বৃটিছৰ অত্যাচাৰ, নির্যাতন আদিয়েও কংগ্ৰেছ দলৰ সদস্যসকলক নিজ কর্তব্যৰ পৰা বিচলিত কৰিব পৰা নাছিল। তেনে ক্ষেত্ৰত মুখত গণতন্ত্রৰ কথা আওৰােৱা সােণােৱাল চৰকাৰৰ স্বৈৰাচাৰী কাৰ্যই আমাৰ মনােবল হ্ৰাস কৰিব নােৱাৰে। এনে প্রতিশােধ পৰায়ণতাই আমাক আৰু অধিক দৃঢ় হে কৰি তুলিব। বিজেপিৰ সৈতে মিত্রতা থকা দলৰ লগতে শাসকীয় মন্ত্রী, বিধায়ক, দলীয় নেতাই ৰাজ্যত সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰিব পৰাকৈ বহু বক্তব্য দিছে যদিও তেওঁলােকৰ ক্ষেত্ৰত আৰক্ষী নীৰৱ কিয়?
কংগ্ৰেছৰ শাসনত ডিৱাই ৩৬৫ নামৰ চেনেলত ‘চুপতি’ নামৰ এটা ব্যংগাত্মক ধাৰাবাহিকত ৰাজনৈতিক সমালােচনা কৰা, মুলতঃ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে তেওঁৰ মন্ত্রীসভাৰ একাংশ সদস্য, প্রাক্তন প্রধানমন্ত্রী ড° মনমােহন সিঙকো যথেষ্ট সমালােচনা কৰা হৈছিল। আন আন বৈদ্যুতিন সংবাদ মাধ্যমতাে আমাক সমালােচনা কৰা হৈছিল। তেতিয়াৰ বিৰােধী বিজেপিয়ে বহু ঠাট্টা-মস্কৰা কৰিছিল। আমি কিন্তু কোনাে প্রতিশােধ লােৱা নাছিলাে। সময় থাকোতেই ৰাজ্য চৰকাৰখনক নিজৰ আচৰণ সলনি কৰি গণতান্ত্রিক বাতাবৰণ সঠিক ৰাখিবলৈ আহ্বান জনাই কয় যে - নহ'লে আমাৰ বাবে ৰাজপথেই বিকল্প হ'ব।

No comments:

Post a Comment

SPONSORED