তামুলপুৰৰ জামুগুৰীত বায়খো উৎসৱ সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

তামুলপুৰৰ জামুগুৰীত বায়খো উৎসৱ সম্পন্ন


তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰীত মঙ্গলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বায়খো উৎসৱ উদযাপন কৰা হয়। কৃষিজীৱী ৰাভাসকলে পৰম্পৰাগত ভাৱে জেঠ মাহৰ পূৰ্ণিমা তিথিত এই বায়খো পূজা উৎসৱতি উদযাপন কৰি আহিছে। এই উৎসৱ লুইতৰ দক্ষিণপাৰৰ গোৱালপাৰা, দূধনৈৰ লগতে মেঘালয়তো ৰাভা লোকসকলে উদযাপন কৰি আছিল যদিও কিন্তু বৰ্তমান উত্তৰপাৰৰ ৰাভাসকলে এই বায়খো পূজা উদযাপন কৰিবলৈ আৰম্ভ কৰিছে।
মঙ্গলবাৰৰ পৰা জামুগুৰী অঞ্চলৰ ৰাভাসকলে পৰম্পৰাগত ৰীতি-নীতিৰে গাহৰি বলি দি মন্ত্ৰ উচ্চাৰণৰে পূজা অৰ্চনা কৰে৷ এই অনুষ্ঠানৰ কাৰ্টসূচী অনুসৰি মঙলবাৰে ১১ বজাত অনুষ্ঠিত ‘বায়খো পূজাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ এক বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাই। আবেলি ৪ বজাত মহিলাসকলৰ লেৱা টনা খেল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া ৭ বজাত গোৱালপাৰা পৰা আমন্ত্ৰিত দলে খোকছি নৃত্য ( জুইত ওপৰত কৰা নৃত্য) পৰিৱেশন কৰে৷


আনহাতে বুধবাৰে পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বায়খো উৎসৱ উদযাপন সমিতিৰ সভাপতি বীৰেণ ৰাভাই। ১১ বজাত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, স্থানীয় বিধায়ক ইমানুল মুছাহাৰী, এম,চি,এল,এ বিজিৎ গোৰা নাৰ্জাৰীয়ে, বাক্সা জিলাৰ আছুৰ সভাপতি গোবিন্দ শৰণীয়া, বাক্সা জিলা আৰছু সভাপতি দিপাঙ্কৰ ৰাভা আদিয়ে। আবেলি ৩ বজাত ৰাভা আৰ্টিষ্ট ফৰামৰ তৃতীয় বাৰ্ষিক গেট টুগেদাৰ মুকলি অন্তৰংগ আলাপ অনুষ্ঠানৰ সঞ্চালনা কৰে অসমীয়া বোলছবি পৰিচালক অৰূপজ্যোতি ৰাভাই। সন্ধিয়া ৬ বজাত সন্মিলিত ৰাভা কলা কুশলীৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এল,চি,এল,এ বিজিৎ গোৰা নাৰ্জাৰীয়ে।

No comments:

Post a Comment

SPONSORED