- SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

# অসমৰ জনসাধাৰণক আস্থাত লৈ দল-সংগঠনৰ সৈতে আলােচনাৰ মাধ্যমেদিহে নাগৰিকত্ব সংশােধনী বিধেয়কৰ ক্ষেত্ৰত পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব কেন্দ্রীয় চৰকাৰে
# অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্রীয় চৰকাৰে গঠন কৰিব কমিটি 


নতুন দিল্লী : অসমৰ সকলাে শ্ৰেণীৰ জনসাধাৰণক সম্পূর্ণ আস্থাত লৈ প্ৰতিটো দল-সংগঠনৰ সৈতে আলাপ-আলােচনাৰ মাধ্যমেদিহে নাগৰিকত্ব সংশােধনী বিধেয়কৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব। মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ অনুৰােধৰ প্রতি সঁহাৰি জনাই কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ কথা অৱগত কৰে।
বুধবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী সােণােৱালৰ সৈতে অনুষ্ঠিত হােৱা সভাতকেন্দ্রীয় গৃহ মন্ত্ৰী গৰাকীয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব সংশােধনী বিধেয়কৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ সকলাে মতামতক কেন্দ্রীয় চৰকাৰে যথােচিত গুৰুত্ব প্রদান কৰিব। উল্লেখযােগ্য যে মাননীয় উচ্চতম ন্যায়ালয়ৰ নির্দেশক্রমে অনুষ্ঠিত হােৱা এই সভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সৈতে জড়িত বিভিন্ন প্রশাসনিক আৰু নিৰাপত্তা সংক্রান্তীয় বিষয় সম্পর্কেও বিতংভাৱে আলােচনা কৰা হয়।
এই সভাতে মুখ্যমন্ত্রী সােণােৱালে কেন্দ্রীয় গৃহমন্ত্ৰী গৰাকীক অসমৰ জনসাধাৰণক সাংবিধানিক, বিধায়িনী আৰু প্রশাসনিক সুৰক্ষা প্রদান কৰা তথা সাংস্কৃতিক, ভাষিক, সামাজিক আৰু ঐতিহ্য সুৰক্ষিত কৰা অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে পৰামৰ্শাৱলী আগবঢ়াবলৈ এখন কমিটি গঠন কৰিবলৈও অনুৰােধ জনায়। মুখ্যমন্ত্রী সােণােৱালৰ অনুৰােধক যথােচিত গুৰুত্ব প্রদান কৰি কেন্দ্ৰীয় গৃহ মন্ত্রী সিঙে শীঘ্ৰে ৰাজ্য চৰকাৰৰ সৈতে আলােচনা কৰি এই দিশত কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এখন কমিটি গঠন কৰা হ'ব বুলি আশ্বাস প্রদান কৰে।
কেন্দ্রীয় গৃহ মন্ত্ৰীৰে হােৱা আলােচনাত মুখ্যমন্ত্রী সােণােৱালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্রকাশ হােৱাৰ পিছত ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে প্রয়ােজন হােৱা ব্যৱস্থাৱলীৰ সম্পর্কেও আলােচনা কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্রকাশ হােৱাৰ পিছত ৰাজ্যখনৰ জনসাধাৰণে ওজৰ-আপত্তি দাখিলৰ বাবে যাতে পর্যাপ্ত সুযােগসুবিধা লাভ কৰে তথা প্ৰতিটো ওজৰ-আপত্তিৰ সমাধান আইনগত ভাৱে সম্পন্ন হয় তাৰ ওপৰত আলােচনাকালত মুখ্যমন্ত্রী সােণােৱালে যথেষ্ট গুৰুত্ব আৰােপ কৰে। তদুপৰি এই সমগ্র প্রক্রিয়াটোত জনসাধাৰণে যাতে কোনােধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, সেই বিষয়টোও মুখ্যমন্ত্রী সােণােৱালে কেন্দ্রীয় গৃহ মন্ত্ৰী গৰাকীৰ দৃষ্টিগােচৰ কৰে। আনহাতে খচৰা নাগৰিকপঞ্জী প্রকাশ হােৱাৰ পিছত ওজৰ-আপত্তি দাখিলৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বিয়পােৱাৰ বাবে এলানি ব্যাপক সজাগতামূলক কার্যসূচী ৰূপায়নৰ বাবেও সভাত সিদ্ধান্ত গ্রহণ কৰা
হয়।
আনহাতে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপত মুখ্যমন্ত্রী সােণােৱালে কয় যে মহামান্য উচ্চতম ন্যায়ালয়ৰ নির্দেশ ক্ৰমে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ কাম চলি আছে আৰু এই কাম সম্পূর্ণ হােৱাৰ পথত। ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্রস্তুতৰ ক্ষেত্ৰত সকলাে প্রকাৰৰ সহায়-সহযােগিতা আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অহা জুন মাহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰা প্রকাশ পাব। আগন্তুক দিনত চুড়ান্ত তালিকা প্রকাশৰ পিছতাে কোনাে ব্যক্তিৰ নাম তালিকাৰ পৰা বাদ পৰিলেও শংকিত হােৱাৰ কাৰণ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে এই সকল লােকে ন্যায়ালয়ত ওজৰ -আপত্তি দাখিল কৰিব পাৰিব। এই ক্ষেত্ৰত আইন অনুসৰি সকলােকে সুযােগ দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।।
নাগৰিকত্ব আইনৰ সম্পৰ্কত মুখ্যমন্ত্রী সােণােৱালে কয় কেন্দ্রীয় চৰকাৰে অসমৰ ৰাইজক অন্ধকাৰত ৰাখি কোনাে কাম নকৰে। অসমৰ বিভিন্ন দল-সংগঠনৰ লগত সৱিশেষ আলাপ-আলােচনা কৰি এই সম্পৰ্কত কেন্দ্রীয় চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিব। অসমৰ ৰাইজক সম্পূর্ণ আস্থাত লৈহে কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশােধনী আইনৰ সম্পৰ্কত সিদ্ধান্ত গ্রহণ কৰিব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰী গৰাকীয়ে আশ্বাস প্রদান কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
এই বৈঠকত কেন্দ্রীয় গৃহ সচিব ৰাজীৱ গৌবা, অসম চৰকাৰৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্রধান কুলধৰ শইকীয়া প্ৰমুখ্যে কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াবর্গ উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED