তিতাবৰত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

তিতাবৰত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ

তিতাবৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিৰ উদ্যোগত তিতাবৰত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।
পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে তিতাবৰ সাপ্তাহিক বজাৰতে লাগি থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ৰ পৰা তিতাবৰ নগৰৰ মাজেদি এখন গাড়ীত বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড লগাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মুখা পিন্ধি গাড়ী ঠেলি পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে ভয়াবহ ৰূপত পেট্ৰল ডিজেল আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজে জ্বলা কলা খাব লগা পৰিস্থিতি আহি পৰিছে৷ সেয়েহে এই প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনোৱাৰ লগতে সংগঠনটোৱে সকীয়াই দিয়ে যে যদিহে অনাগত দিনত মূল্যবৃদ্ধি ৰোধ নকৰে তেনেহ’লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তুলিব।

No comments:

Post a Comment

SPONSORED