অক্টোবৰ মাহত দুটা পর্যায়ত দ্বিতীয়বাৰৰ গুণোৎসৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

অক্টোবৰ মাহত দুটা পর্যায়ত দ্বিতীয়বাৰৰ গুণোৎসৱ

গুৱাহাটী : ৰাজ্যৰ শিক্ষা বিভাগে পুনৰ অনুষ্ঠিত কৰিব গুণোৎসৱ৷ চলিত বর্ষৰ অক্টোবৰ মাহত দুটা পর্যায়ত দ্বিতীয়বাৰৰ বাবে গুণোৎসৱ অনুষ্ঠিত হ’ব৷ অসম সর্বশিক্ষা অভিযান মিছনে ২৮ মে’ অর্থাৎ কালি ৰাজ্যৰ প্রতিখন জিলাৰ বিদ্যালয় পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু সর্বশিক্ষাৰ মিছন সমন্বয়কসকললৈ পত্র প্রেৰণ কৰি দ্বিতীয় গুণোৎসৱৰ বিষয়ে অৱগত কৰিছে৷ দ্বিতীয় গুণোৎসৱ ৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ ১৭খন জিলাত আৰু ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ ১৬খন জিলাত দুটা পর্যায়ত অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ত বঙাইগাঁও, কাছাৰ, চিৰাং, চৰাইদেউ, ডিব্রুগড়, ডিমা হাছাও, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্র’), কার্বি আংলং, কোকৰাঝাৰ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু পশ্চিম কার্বি আংলঙত গুণোৎসৱ অনুষ্ঠিত হ’ব৷
দ্বিতীয় পর্যায়ত বাক৲সা, বৰপেটা, বিশ্বনাথ, দৰং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হোজাই, কামৰূপ (গ্রাম্য), কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও আৰু দক্ষিণ শালমাৰা মানকাচৰত গুণোৎসৱ অনুষ্ঠিত হ’ব৷ এইবাৰ গুণোৎসৱত প্রথম শ্রেণীৰ পৰা নৱম শ্রেণলৈ সাঙুৰি লোৱা হ’ব৷ উল্লেখযোগ্য যে ৰাজ্যৰ প্রাথমিক আৰু মাধ্যমিক শিক্ষাখণ্ডৰ গুণগত মান নিৰূপণৰ বাবে বিগত বর্ষত প্রথমবাৰৰ বাবে গুণোৎসৱৰ আয়োজন কৰা হৈছিল৷
গুজৰাটৰ আর্হিত অসম চৰকাৰে ৰূপায়ণ কৰা গুণোৎসৱ আঁচনিখন উচচ প্রশংসিত হৈছে৷ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশ, অভাৱ-অভিযোগ, সমস্যা, ছাত্র-ছাত্রীৰ গুণগত দিশ আদি সকলো গুণোৎসৱৰ যোগেদি পোহৰলৈ আহিছিল৷ শিক্ষাৰ গুণগত মান নিৰূপণত প্রথমবাৰৰ বাবে আই এ এছ, আই পি এছ বিষয়াসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া-কর্মচাৰীক নিয়োগ কৰা হৈছিল৷ প্রথম গুণোৎসৱ তিনিটা পর্যায়ত অনুষ্ঠিত হৈছিল৷ প্রথম গুণোৎসৱৰ সফলতাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগে গ্রহণ কৰা এই পদক্ষেপে তাৎপর্য বহন কৰিছে৷ অহা মাহত দ্বিতীয় গুণোৎসৱ সন্দর্ভত সর্বশিক্ষা অভিযান মিছনে জিলা উপায়ুক্ত, বিদ্যালয় পৰিদর্শক আৰু প্রাথমিক শিক্ষা বিষয়াসকললৈ সম্পূর্ণ গাইড লাইন প্রেৰণ কৰিব৷

No comments:

Post a Comment

SPONSORED