দেশজুৰি বিশ্বাসঘাতকতা দিৱস পালন কংগ্ৰেছৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

দেশজুৰি বিশ্বাসঘাতকতা দিৱস পালন কংগ্ৰেছৰ


গুৱাহাটী : পেট্রল-ডিজেলৰ আকাশলংঘী দাম বৃদ্ধিৰ বিৰুদ্ধে কংগ্রেছে মঙলবাৰে চাইকেল সমদলেৰে গুৱাহাটীৰ ৰাজপথত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ কেন্দ্রৰ মোদী চৰকাৰে চাৰি বছৰীয়া কার্যকালত দেশবাসীক প্রতাৰণা কৰাৰ অভিযোগ তুলি দেশজুৰি কংগ্রেছে বিশ্বাসঘাতকতা দিৱস পালন কৰিছে৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে প্রদেশ কংগ্রেছে ৰাজীৱ ভৱনৰ পৰা বৃহৎ চাইকেল সমদল বাহিৰ কৰে৷ ৰাজীৱ ভৱনৰ পৰা জি এছ ৰোডেৰে দিছপুৰৰ মানবেন্দ্র শর্মা ভৱনলৈ উলিওৱা চাইকেল সমদলত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈসহ বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী, বিধায়ক, সাংসদ, ৰাজ্যিক বিষয়ববীয়া আদিয়ে অংশগ্রহণ কৰে৷ হাজাৰোধিক কংগ্রেছ কর্মী আৰু সমর্থকে চাইকেল চলাই বিভিন্ন শ্ল’গান দি, প্লেকার্ড প্রদর্শন কৰি সমদলত ভাগ লয়৷
প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এই প্রতিবাদী চাইকেল সমদলৰ ফ্লেগ অফ৲ কৰে৷ কংগ্রেছে ৰাজীৱ ভৱনৰ পৰা ছুপাৰ মার্কেট হৈ দিছপুৰেৰে ঘূৰি আহি আৰ জি বৰুৱা ৰোডেৰে চানমাৰিলৈ সমদলটো উলিয়াব বিচাৰিছিল যদিও জিলা প্রশাসনে অনুমতি প্রদান নকৰিলে৷ মহানগৰ আৰক্ষীয়ে গণেশগুৰিত সমদলকাৰীসকলক বাধা প্রদান কৰে৷ পাছত চাইকেল সমদল দিছপুৰ ব্লক কংগ্রেছ কার্যালয় মানবেন্দ্র শর্মা ভৱনলৈ গৈ কার্যসূচীৰ সামৰণি মাৰে কংগ্রেছে৷ কংগ্রেছৰ প্রতিবাদকাৰীসকলে ‘মোদী চৰকাৰ গ’ বেক’, ‘প্রতিশ্রুতিৰ অভিলেখ ভংগ কৰা মোদী চৰকাৰ হুঁচিয়াৰ’ ‘মূল্যবৃদ্ধি ৰোধ কৰক’ ‘পেট্রল-ডিজেলৰ মূল্য হ্রাস কৰক’, ‘সকলোতকৈ ভণ্ড সর্বানন্দ’ আদি শ্ল’গান দিয়াৰ লগতে প্লেকার্ড, বেনাৰ আদি প্রদর্শন কৰে৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে চাইকেল সমদলৰ শুভাৰম্ভ কৰি কয় যে মোদীৰ আমোলত পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সর্বকালৰ অভিলেখ ভংগ কৰিছে৷
জনবিৰোধী চৰকাৰৰ স্বৰূপ ৰাইজে চিনিছে বুলি মন্তব্য কৰে গগৈয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই কয় যে ইন্ধনকে ধৰি বিভিন্ন সামগ্রীৰ দাম বঢ়াই কেন্দ্রৰ মোদী চৰকাৰে সর্বসাধাৰণৰ ওপৰত ৰামটাঙোন শোধাইছে৷ বিৰোধী দল হিচাপে ৰাইজৰ পক্ষত থাকি কংগ্রেছে গণতান্ত্রিক দায়িত্ব পালন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ৰিপুন বৰাই কয়৷ দিনৰ ১১ বজাত আৰম্ভ হোৱা কংগ্রেছৰ প্রতিবাদী চাইকেল সমদল হেতু ব্যস্ততাপূর্ণ জি এছ ৰোডত এঘণ্টা ধৰি ট্রেফিক জাম পৰিলক্ষিত হয়৷

No comments:

Post a Comment

SPONSORED